ধনশিৰিত আপকুৰ নতুন সমিতি গঠন..

বৰপথাৰস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগনত এই সভাখনি অনুষ্ঠিত কৰা হয়

author-image
Asomiya Pratidin
New Update
ধনশিৰিত আপকুৰ নতুন সমিতি গঠন..

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ আজি আসাম প্ৰেছ ক'ৰেছপণ্ডেণ্টছ ইউনিয়ন (আপকু)ৰ ধনশিৰি মহকুমা সমিতিৰ সাধাৰণ সভা অনুষ্ঠিত হয়। বৰপথাৰস্থিত শংকৰদেৱ শিশু নিকেতনৰ প্ৰাংগনত এই সভাখনি অনুষ্ঠিত কৰা হয়।

Advertisment

মহকুমা সমিতিখনৰ সভাপতি হেমন্ত কুমাৰ মহন্তৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত সমিতিৰ সম্পাদক তুলসী চুতীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে। সভাত সম্পাদকজনে বিগত দুবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে। উক্ত সভাতে আপকু ধনশিৰি মহকুমা সমিতিখন ভংগ কৰি পুনৰ নতুন সমিতি গঠন কৰা হয়।

সভাই তুলসী চুতীয়াক সভাপতি, মাণিক শৰ্মাক উপসভাপতি, অনুজ বৰাক সম্পাদক, ৰাকেশ কুমাৰ যাদৱক সহকাৰী সম্পাদক, বিবেকানন্দ দত্তক কোষাধ্যক্ষ, বিপুল শৰ্মাক পত্ৰিকা সম্পাদক আৰু স্বপন কুমাৰ চক্ৰৱৰ্তীক কেন্দ্ৰীয় সমিতিৰ মনোনীত সদস্য হিচাপে লৈ মুঠ ১২ গৰাকী সদস্যৰে আপকু ধনশিৰি মহকুমা সমিতিখন পুনৰ গঠন কৰে। সভাতে আপকুৰ সদস্য সকলৰ নৱীকৰণ, নতুন সদস্য অন্তৰ্ভূক্তি, সাংগঠনিক দিশ আদিৰ লগতে আগন্তুক গোৱালপাৰাত অনুষ্ঠিত হ'ব লগা আপকুৰ কেন্দ্ৰীয় সমিতিৰ দ্বি বাৰ্ষিক ৰাজ্যিক অধিবেশনত অংশগ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Also Read: ভূগোলৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত ছাত্ৰৰ বিৰুদ্ধে গোচৰ শিক্ষা বিষয়াৰ

Assam Press Corespondent Union