উৰুখা পঁজাত সপোন ৰচে ধনজিতৰ দৰে অনেকেই, ৫টা বিষয়ত লেটাৰ নম্বৰ কিন্তু…

উৰুখা পঁজাত সপোন ৰচে ধনজিতৰ দৰে অনেকেই, ৫টা বিষয়ত লেটাৰ নম্বৰ কিন্তু…

author-image
asomiyapratidin
New Update
উৰুখা পঁজাত সপোন ৰচে ধনজিতৰ দৰে অনেকেই, ৫টা বিষয়ত লেটাৰ নম্বৰ কিন্তু…

ডিজিটেল সংবাদ, কোকৰাঝাৰ :– মেট্ৰিকৰ ফলাফলৰ পিছত আনন্দ উলাহৰ পৰা দূৰৈত থাকি নীৰৱে উৰুখা পঁজাতে সপোন দেখে ধনজিতৰ দৰে অনেকেই । স্থান প্ৰাপ্তক লৈ ব্যাপক কৌতুহল , আনন্দ -উলাহৰ মাজতে অতি দুখীয়া পৰিয়ালৰ ধনজিতৰ দৰে বহুতেই তুলনামুলকভাৱে ভাল ফলাফল লাভ কৰি ঘৰতে সাধাৰণভাৱে থাকি মনে বিচৰা শাখাত নামভৰ্তি কৰিব পাৰিব নে নাই তাৰে চিন্তাত হে বিভোৰ হৈ থাকে।

Advertisment

অতি দৰিদ্ৰ পৰিয়ালৰ ধনজিৎ নাথে এইবেলি মেট্ৰিকত ৫ টা বিষয়তে লেটাৰ মাৰ্ক পাইছে যদিও মনে বিচৰা বিজ্ঞান শাখাত নামভৰ্তি কৰিব পাৰিব নে নাই তাক লৈহে চিন্তিত হৈছে ।

কোকৰাঝাৰ জিলাৰ মঞ্চৰগাঁও নিৱাসী বীৰেন্দ্ৰ নাথ আৰু বীনাদিনি নাথৰ জেষ্ঠ্য সন্তান তথা বেছী মেমোৰিয়েল ই.এম. বিদ্যালয়ৰ ছাত্ৰ ধনজিৎ নাথে এইবেলি মেট্ৰিক পৰীক্ষাত ইংৰাজীত ৯১ , সাধাৰণ গণিতত ৯০, সাধাৰণ বিজ্ঞানত ৮৮, সমাজ বিজ্ঞানত ৮১ ,ভূগোলত ৮৭ আৰু অসমীয়াত ৭০ নম্বৰ লাভ কৰি মুঠ ৫০৭ নম্বৰ লাভ কৰিছে । ৮৪.৫ শতাংশ লাভ কৰা ধনজিৎ নাথৰ আৰ্থিক অৱস্থা ভাল নহয় ।

দেউতাক বীৰেন্দ্ৰ নাথে বালাজান তিনালীত এখন পান তামোলৰ দোকান দিয়ে । পিতৃৰো চিন্তা বিচৰা ধৰণে বিজ্ঞান শাখাত পঢ়ুয়াব পাৰিবনে ? ভৱিষ্যত পৰিকল্পনা কি বুলি সুধাত ধনজিৎ নাথে কয় যে ভৱিষ্যতে ডাঙৰ মানুহ হৈ মা/দেউতাকৰ দুখ- কষ্ট লাঘব কৰিম । এতিয়া যি অৱস্থাত আছো তাৰ পৰা ভাল অৱস্থালৈ আহি মা/ দেউতাকৰ কষ্ট লাঘৱ কৰি তেওঁলোকক সুখী কৰি তুলিম । নিজৰ সফলতাৰ বাবে পিতৃ -মাতৃ , শিক্ষক -শিক্ষয়িত্ৰীৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে ধনজিতে।

ৰাজ্যখনত অতি দুখীয়া পৰিয়ালৰ এনে বহু মেধাৱী ছাত্ৰ-ছাত্ৰী সফলতাৰে উত্তীৰ্ণ হৈছে যিসকলে ধনজিতৰ দৰেই উৰুখা পঁজাতে সপোন দেখে ভৱিষ্যতৰ , যি ভৱিষ্যতে আনি দিব সুখৰ বতৰা ।

আৰু পঢ়ক: ট্ৰাকৰ খুন্দাত কলিয়াবৰ মহাবিদ্যালয়ৰ কাৰ্যালয় সহায়ক অতুল বৰুৱাৰ বিয়োগ

assam kokrajhar