ৰাজ্যিক  বিজ্ঞান সমাৰোহলৈ লখিমপুৰ জিলাৰ ১১ প্ৰকল্প নিৰ্বাচিত

ৰাজ্যিক  বিজ্ঞান সমাৰোহলৈ লখিমপুৰ জিলাৰ ১১ প্ৰকল্প নিৰ্বাচিত

author-image
Asomiya Pratidin
New Update
ৰাজ্যিক  বিজ্ঞান সমাৰোহলৈ লখিমপুৰ জিলাৰ ১১ প্ৰকল্প নিৰ্বাচিত

ডিজিটেল সংবাদ, ঢকুৱাখনা: নৱ প্ৰজন্মৰ  কিশোৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত বিজ্ঞানমনস্কতা বৃদ্ধি, নব্য উদ্ভাৱনী আৰু বিজ্ঞানসন্মত সৃষ্টিশীলতাৰ ধাৰা অব্যাহত ৰখাৰ লক্ষ্যৰে অসম শিশু বিজ্ঞান সমিতিয়ে প্ৰতি বছৰে অনুষ্ঠিত কৰি আহিছে ৰাজ্যিক বিজ্ঞান সমাৰোহ। ২০২৩ বর্ষত অনুষ্ঠিতব্য এই ৰাজ্যিক বিজ্ঞান সমাৰোহত অংশগ্ৰহণ আৰু স্বউদ্ভাৱিত প্ৰকল্প প্ৰদৰ্শনৰ বাবে ৰাজ্যখনৰ বিভিন্ন জিলা সমিতিৰ পৰা এনে প্ৰতিভা সম্পন্ন শিশু বিদ্যাৰ্থীৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সম্পৰ্কিত প্ৰকল্প নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে ।

Advertisment

অসম ৰাজ্যিক শিশু বিজ্ঞান সমিতিৰ স্বীকৃতি প্ৰাপ্ত লখিমপুৰ জিলা সমিতিৰ উদ্যোগতো শুকুৰবাৰে জিলা ভিত্তিত অনুষ্ঠিত কৰা হয় প্ৰকল্প প্ৰদৰ্শনৰ এক মনোজ্ঞ প্ৰতিযোগিতা। জিলাখনৰ ১০ বছৰৰ পৰা ১৭ বছৰৰ শিক্ষাৰ্থী সকলৰ অংশগ্ৰহনেৰে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল নাৰায়ণপুৰত । লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীৰ উদ্যোগত নাৰায়নপুৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আতিথ্যত ২৭ অক্টোবৰত অনুষ্ঠিত হোৱা এই সমাৰোহত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ডেৰ শতাধিক শিশু বিজ্ঞানী দলৰ চমকপ্ৰদ উদ্ভাৱনী প্ৰকল্প প্ৰদৰ্শিত হয় । এনেবোৰ প্ৰদৰ্শিত প্ৰকল্পৰ মাজৰ পৰা ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহলৈ মুঠ ১২টা প্ৰকল্প  নিৰ্বাচিত কৰা হয় । 

৩১ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ ২০২৩ ৰ অংশ হিচাপে লখিমপুৰ জিলা পৰ্যায়ৰ সমাৰোহত অংশগ্ৰহণ কৰি  ঢকুৱাখনা মহকুমাৰ মুঠ ৬ টাকৈ প্ৰকল্পই ৰাজ্যিক পৰ্যায়ৰ শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অর্জন কৰিছে । জিলাখনৰ হৈ  ৰাজ্যিক শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত প্ৰকল্পৰ স্ৰষ্টা শিশু বিজ্ঞানী সকল হল ক্ৰমে ঢকুৱাখনা গোঁহাইবাৰী প্ৰাথমিক বিদ্যালয়ৰ লিছা গগৈ, ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লিজা চমুৱা,ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌৰভ সন্দিকৈ, খেৰাজখাট কনিষ্ঠ মহাবিদ্যালয়ৰ নৱনিতা হাজৰিকা, ঘিলামৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰদীপ জ্যোতি শইকীয়া আৰু হৰি নাৰায়ণ হাজৰিকা, চেইণ্ট মেৰিজ স্কুলৰ আস্থা শইকীয়া, শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ সুমন ৰাজ চুতীয়া , একট্ৰিক একাডেমিৰ প্ৰজন্ম পৰাশৰ , চেইণ্ট মেৰিজ স্কুলৰ সুনিন ইকবাল বৰা, ডনবস্ক' স্কুলৰ মদুশ পেগু আৰু প্ৰজ্ঞা একাডেমীৰ মুনমী বৰা । ৰাজ্যিক পৰ্য্যায়ৰ শিশু বিজ্ঞান সমাৰোহলৈ নিৰ্বাচিত জিলাখনৰ এই সকল সফল বিদ্যাৰ্থীক লখিমপুৰ জিলা শিশু বিজ্ঞান একাডেমীযে অভিনন্দন জনাইছে ।

ইপিনে ঢকুৱাখনা মহকুমাৰ পৰা প্ৰতিনিধিত্ব কৰি জিলাখনৰ ভিতৰত ৬ গৰাকী শিশু বিজ্ঞানীযে ৰাজ্যিক পৰ্য্যায়ৰ শিশু বিজ্ঞান সমাৰোহত অংশগ্ৰহণ কৰিবলৈ যোগ্যতা অর্জন কৰাত ঢকুৱাখনাৰ শিক্ষাসদী সমাজে অভিনন্দন জ্ঞাপন কৰিছে । উদ্যমী শিক্ষক বিমান সন্দিকৈৰ বিশেষ তৎপৰতা আৰু পৰিবেশ গৱেষক দেৱজিৎ ফুকন, অৱসৰপ্ৰাপ্ত শিক্ষক দ্বিগেন হাজৰিকা , পৰিবেশ সংৰক্ষক, শিক্ষক মানস প্ৰতীম দত্ত,  ধ্ৰুৱ জ্যোতি চেতিয়া আকাশৰ অকুণ্ঠ সহযোগিতাৰ বাবেই ৰাজ্যিক স্তৰৰ বিজ্ঞান সমাৰোহলৈ ঢকুৱাখনা মহকুমাৰ শিশু বিজ্ঞানী সকল নিৰ্বাচিত হোৱাৰ সুযোগ লাভ কৰাত অভিভাৱক আৰু বিদ্যালয় সমূহৰ পৰিয়ালে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Also Read: বৈঠালাংছ' ৰাজপথত পুখুৰী সদৃশ গাত