ঢকুৱাখনাত মণ্ডল কংগ্ৰেছ সমিতিৰ কৰ্মী সভা

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত মণ্ডল কংগ্ৰেছ সমিতিৰ কৰ্মী সভা

ডিজিটেল সংবাদ, ঢকুৱাখনা : ভাৰতীয় জাতিয়  কংগ্ৰেছ দলৰ ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতিৰ অন্তৰ্গত ডাংধৰা মণ্ডল কংগ্ৰেছৰ এখন কৰ্মী সভা দেওবাৰে অনুষ্ঠিত হয় । একেল দীঘলী গাঁওৰ বালি পুখুৰী ৰংগ মঞ্চ প্ৰাংগণত দুপৰীয়া অনুষ্ঠিত কৰ্মী সভাত সভাপতিত্ব কৰে মণ্ডল কংগ্ৰেছৰ সভাপতি ৰাজীৱ দলেয়ে ।

Advertisment

জনাকীৰ্ণ কৰ্মী সভাত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে , সাংগঠনিক সম্পাদক ভাস্কৰ জ্যোতি দুৱৰা ,সদস্য বিজয় পেগু আৰু অন্যন্য বিষয় ববীয়া সকল উপস্থিত থাকি দলৰ সাংগঠনিক বুনিয়াদ শক্তিশালী কৰাৰ স্বাৰ্থত দলৰ তৃণমূল পৰ্যায়ৰ বিষয় ববীয়া ,কৰ্মী সকলৰ ভূমিকা, দলটো জনমুখী কৰাত নেতা কৰ্মী সকলে গ্ৰহণ কৰিব লগা জন দায়বদ্ধ কৰ্মসূচী সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই ।

সভাত অঞ্চলটোৰ ভবেন পেগু ,ৰাম দলে, অৰুণ জ্যোতি পেগু, প্ৰিয়ম পেগু, বুধিন দলে, ৰঞ্জন দলে, যতীন কুলি আদি বহু কেইগৰাকী ব্যক্তিয়ে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নীতি আদৰ্শৰ  প্ৰতি আকৃষ্ট হৈ যুৱ নেতা পদ্মলোচন দলেৰ ওচৰত আনুষ্ঠানিক ভাৱে যোগদান কৰে । দললৈ আগমন ঘটা নবাগত সকলক ফুলাম গামোচাৰে প্ৰদেশ কংগ্ৰেছৰ নেতা দলেয়ে আদৰণি জনাই দলৰ  আৰু ৰাইজৰ প্ৰতি নিঃস্বাৰ্থ জনসেৱা আগবঢ়াই যাবলৈ আহ্বান জনায় ।

সভাত ঢকুৱাখনা ব্লক যুৱ কংগ্ৰেছৰ সভাপতি অনুপ বৰুৱা, ঢকুৱাখনা সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি দীপাংকৰ দাস আদি বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে ।

assam congress dhakuakhana