ঢকুৱাখনাত সৰিয়হৰ ডুলিতে ভূত

ঢকুৱাখনাত সৰিয়হৰ ডুলিতে ভূত

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত সৰিয়হৰ ডুলিতে ভূত

ডিজিটেল সংবাদ ,ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ এখন মীন মহলৰ বন্দোবস্তিকলৈ এটা অসৎ  চক্ৰৰ জালিয়াতিৰ বিষয়টোৰ সৈতে সম্পৃক্ত হৈ পৰিছে ঢকুৱাখনা মহকুমা প্ৰশাসনৰ একাংশ বিষয়া কৰ্মচাৰী।  মহকুমাটোৰ সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত  কঢ়া মীন মহলৰ দ্বিতীয় খণ্ডৰ বিপৰীতে নিবিদা আহ্বানৰ পৰা চৰকাৰী প্ৰমানপত্ৰ প্ৰদান ব্যৱস্থালৈ  সমগ্ৰ প্ৰক্ৰিয়াটোত চৰকাৰী বৈষম্য , প্ৰশাসনীয় দৰদ আৰু  পক্ষপাতী ভূমিকা নিশ্চিতভাৱে জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

চৰকাৰী পক্ষৰ এনে বিশেষ দৰদী স্থিতি আৰু পক্ষপাতী ভূমিকাৰ সুবৰ্ণ সুযোগ গ্ৰহণ কৰিয়ে  এটা অযোগ্য  নিবিদাকাৰীয়ে বক্র পথেৰে এই কঢ়া মীন মহল দ্বিতীয় খণ্ডৰ বন্দোবস্তি লাভ কৰিবলৈ সক্ষম হোৱাত এতিয়া মৎস্যজীৱী ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে ।উন্মোচিত তথ্য মতে ,এই মীন মহলখনৰ নিবিদা আহ্বান কৰা হৈছিল ২০২১ বর্ষৰ ৮ ডিচেম্বৰত । উক্ত দিনাই নিবিদা বাকচ খুলি  নিবিদা পত্ৰ সমূহ পৰীক্ষণ কৰি যোগ্যতা বিশিষ্ট নিবিদাকাৰীৰ ক্ৰমিক নাম তালিকা প্ৰস্তুত কৰা হৈছিল ।  এই পৰীক্ষণ কালত নিবিদাকাৰী সকলৰ প্ৰয়োজনীয় সকলো নথিপত্ৰ আৰু প্ৰমাণ পত্ৰ তন্ন তন্নকৈ পৰীক্ষা কৰা হৈছিল ।

কিন্তু অতি তাৎপৰ্যপূৰ্ণ ভাৱে এই পৰীক্ষণ কালত বিতৰ্কিত কঢ়া ফিচাৰী সমবায় সমিতি লিমিটেডখনে নিবিদাত গাঁঠি দিয়া পাৰ বাসিন্দাৰ প্ৰমাণ পত্ৰখনকে বৈধতা প্ৰদান কৰি যোগ্য বিবেচনাৰে মীন বিভাগলৈ প্ৰেৰণ কৰে।  এই সন্দৰ্ভত অৱগত হোৱাৰ পাছতো পৰীক্ষণ কালত উপস্থিত নিবিদাকাৰী সকলক জানিবলৈ দিয়া নহৈছিল । অনুসন্ধান কালত লাভ কৰা তথ্য মতে কঢ়া ফিচাৰী সমবায় সমিতি লিমিটেডখনে নিবিদাত  পাৰ বাসিন্দাৰ প্ৰমাণ পত্ৰ হিচাবে  নিৰ্দিষ্ট কোনো  সুস্পষ্ট নথি সংলগ্ন কৰা নাছিল।  যিহেতু এই সমবায় সমিতিখন কঢ়া নদীৰ দ্বিতীয় খণ্ডৰ পাৰ বাসিন্দা নহয়  আৰু সোৱণশিৰী ৰাজহ চক্ৰৰো  অন্তৰ্গত নহয়। বৰঞ্চ  কঢ়া নদীৰ প্ৰথম খণ্ড আৰু ঢকুৱাখনা ৰাজহ চক্ৰৰহে বাসিন্দা ।

সেয়ে পাৰ বাসিন্দাৰ পতিয়ন যোগ্য নথিপত্ৰ দাখিল কৰিবলৈ সমৰ্থ হোৱা নাছিল এই সমিতিখনে। তৎস্বত্তেও  এক অদৃশ্য বিশেষ শক্তিৰে বলিয়ান হৈ  বিধি বৰ্হিভূত ভাবে হলেও সমবায় সমিতিখনে  এই নিবিদাত অংশ গ্ৰহণ কৰি  বন্দোবস্তি পৰ্যন্ত লাভ কৰিলে । নিবিদা পত্ৰৰ পৰীক্ষণ আৰু পৰ্যবেক্ষণ কালত এনেবোৰ ভয়ানক অনিয়ম দেখিও মুকবধিৰৰ ভূমিকা লৈ মহকুমা প্ৰশাসনে  কিয়  অযোগ্য এক নিবিদাকাৰীক অগ্ৰাধিকাৰ দি মীন বিভাগলৈ বন্দোবস্তিৰ বাবে প্ৰেৰণ কৰিলে সেয়াও এক তদন্তৰ বিষয়  হোৱা উচিত বুলি ৰাইজে মত ব্যক্ত কৰিছে ।

তাৰোপৰি নিবিদা পত্ৰত পাৰ বাসিন্দাৰ প্ৰমাণ পত্ৰ বাধ্যতামূলক কৰাৰ  বাবে এই বহু বিতৰ্কিত সমবায় সমিতিখনৰ সভাপতি মিঠাৰাম দাস আৰু সম্পাদক হৰেন দাসে  সোৱণশিৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ  কৃপাদৃষ্টি লাভ কৰিবলৈও সক্ষম হল  । ৰাজহ চক্ৰটোৰ বিষয়া আৰু সংশ্লিষ্ট  কৰ্মচাৰী সকলক বিপথে পৰিচালিত কৰি  বিভাগৰ পৰা উলিয়াই আনিলে এখন ক্ৰুটিপূৰ্ণ প্ৰমাণ পত্ৰ ।  যিহেতু পাৰ বাসিন্দা নোহোৱাৰ বাবে  স্পষ্টভাৱে  সমিতিখনৰ সভাপতি, সম্পাদক সমন্বিতে সকলো সদস্যৰ পাৰ বাসিন্দাৰ প্ৰমাণ পত্ৰ দাখিল  কৰিব নোৱাৰে  । সেয়ে কূট কৌশলেৰে  চক্ৰ বিষয়াৰ পৰা এখন প্ৰমাণ পত্ৰ উলিয়ালে  যত উল্লেখ কৰি দিয়া আছে  " সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গোঁহাই মৌজাৰ কঢ়া নদীৰ দ্বিতীয় খণ্ডৰ পুথিখাটি গাঁওখন কঢ়া নদীৰ পাৰ্শ্বৱৰ্তী গাঁও হয় " বুলি । ৰাজহ চক্ৰ বিষয়াৰ চীল ,চহী যুক্ত এই চৰকাৰী প্ৰমাণ পত্ৰ (নং- আৰ চি ২৯/২০২১/৯৭৭৯) খন নিবিদাত সংলগ্ন কৰি  অহেতুক সুবিধা আদায় কৰিলে এই সমবায় সমিতিখনে ।

উল্লেখ্য যে,পুথিখাতি গাঁওখন সোৱণশিৰী ৰাজহ চক্ৰৰ অন্তৰ্গত নহয় , ঢকুৱাখনা ৰাজহ চক্ৰৰ হে অন্তৰ্গত  আৰু এই গাঁওখন কঢ়া নদীৰ প্ৰথম খণ্ডৰ অন্তৰ্গত গাঁওহে । দ্বিতীয় খণ্ডৰ অধীনস্থ গাঁও নহয়। কি তথ্যৰ ভিত্তিত এই  চৰকাৰী প্ৰমানপত্ৰ পালে  এইখন কঢ়া ফিচাৰী সমবায় সমিতিয়ে সেয়াও তদন্তৰ  বিষয় হোৱা উচিত ।  অতি  লক্ষণীয় বিষয় হ'ল যে এনে বিসংগতি পূৰ্ণ আৰু  মিছা তথ্য বিশিষ্ট জালিয়াতিপূৰ্ণ  তথ্য  দাখিল কৰি নিবিদা  পৰীক্ষণ সমিতিৰ আশীৰ্বাদ শিৰত লৈ মীন বিভাগৰ বন্দোবস্তি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হল এই বিতৰ্কিত সমবায় সমিতিখন । 

শেহতীয়াভাবে  এই ভয়ংকৰ জালিয়াতি সন্দৰ্ভত অৱগত হোৱাত  মীন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই  বিভাগৰ আয়ুক্ত সচিৱক দিয়া নিৰ্দেশৰ ভিত্তিত মীন বিভাগৰ যুটীয়া সচিৱে বিষয়টো  লখিমপুৰ উপায়ুক্তক তদন্ত কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে । এতিয়া প্ৰশ্ন উত্থাপন হৈছে  এই নিবিদা গ্ৰহণ প্ৰক্ৰিয়াৰ পৰাই  এই বিশেষ সমবায় সমিতি খনক বন্দোবস্তি দিয়া পৰ্যন্ত   এক পৰিকল্পিত চক্ৰান্ত  চলোৱা মহকুমা প্ৰশাসন ,চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ আমোলা কৰ্মচাৰী আৰু এনে জালিয়াতি কৰা  অবিবেচকী সমবায় সমিতিখনৰ ওপৰত উপায়ুক্তই  কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব নে  ? নে এক নিয়মীয়া সাধাৰণ তদন্ত হিচাবেই গণ্য কৰি  এনেবোৰ  দুৰ্নীতিগ্ৰস্তক ভৱিষ্যতলৈ অধিক অনিয়ম জালিয়াতি কৰিবলৈ সাৰ পানী যোগাব ?  সাম্প্ৰতিক সময়ত ঢকুৱাখনা মহকুমাবাসীৰ বাবে ই এক বহুমূলীয়া প্ৰশ্ন হিচাবে থিয় দিছে । যাৰ ওপৰত নিৰ্ভৰ কৰিছে জিলা প্ৰশাসনৰ স্বচ্ছতা, জন দায়বদ্ধতা আৰু বিশ্বাস যোগ্যতাৰ গুৰুত্বপূৰ্ণ দিশটো ।

আৰু পঢ়ক:অৱশেষত প্ৰাপ্য পালে ঘিলামৰাৰ বঞ্চিত সমবায় এজেন্টে…

assam dhakuakhana