ঢকুৱাখনাৰ “শংকৰ মাধৱ ক্ষেত্ৰ”ৰ শিশু ভাওনা সমাৰোহ চাবলৈ দূৰ দূৰণিৰ দৰ্শকৰ আগমন…

ঢকুৱাখনাৰ “শংকৰ মাধৱ ক্ষেত্ৰ”ৰ শিশু ভাওনা সমাৰোহ চাবলৈ দূৰ দূৰণিৰ দৰ্শকৰ আগমন…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাৰ “শংকৰ মাধৱ ক্ষেত্ৰ”ৰ শিশু ভাওনা সমাৰোহ চাবলৈ দূৰ দূৰণিৰ দৰ্শকৰ আগমন…

ডিজিটেল সংবাদ,ঢকুৱাখনা: প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘ,অসমৰ ঢকুৱাখনা মাণ্ডলীক সমিতিৰ উদ্যোগত আৰু বালিগাঁও বুনিয়াদী সংঘৰ আতিথ্যত বৃহস্পতি বাৰৰ পৰা ঢকুৱাখনাৰ বালিগাঁৱৰ শংকৰ মাধৱ ক্ষেত্ৰত পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা ১৪ বছৰৰ অনুৰ্দ্ধৰ সদৌ অসম ভিত্তিত প্ৰতিযোগিতা মূলক শিশু ভাওনা সমাৰোহৰ আজি চতুৰ্থ দিন।

Advertisment

দেওবাৰে সন্ধিয়া ৫.৩০ বজাত প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক নৱ শইকীয়াই ভাওঁনা উদ্ধোধন কৰা পাছতে সন্ধিয়া ৬ বজাত "শ্ৰীশ্ৰী ৰামচন্দ্ৰৰ পৰাজয়" নামৰ ভাওঁনাখনি পৰিৱেশন কৰে শিৱসাগৰ মাহিগাঁও ৰঘুমনি শিল্পী সমাজে আৰু সন্ধিয়া ৯.৩০ বজাত ঢকুৱাখনা সন্মিলিত সাংস্কৃতিক মঞ্চ শিল্পী সকলে পৰিৱেশন কৰিব "সিন্ধু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গাৰোহণ"৷

২০ জানুৱাৰী সোমবাৰে অৰ্থাৎ শেষৰ দিনা সন্ধিয়া ৫.৩০ বজাত ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° অমিয় কুমাৰ সন্দিকৈয়ে ভাওঁনা উদ্ধোধন কৰা পাছতে সন্ধিয়া ৬ বজা লগে লগে লখিমপুৰ পথালি পাহাৰ আঞ্চলিক জন্মোৎসৱ সমিতি শিল্পী সকলে "মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ" ভাওঁনাখনি পৰিৱেশন আৰু সন্ধিয়া ৯.৩০ বজাত বটাবিতৰণি অনুষ্টানত বিশিষ্ট অতিথি হিচাপে প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ মুখ্য শৰণাচাৰ্য সভাপতি দেৱৰাম সূত আৰু মুখ্য অতি