ঢকুৱাখনাত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন

বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উদযাপন

world old age day

ডিজিটেল সংবাদ, ঢকুৱাখনা: ১৯৯১ চনৰ পৰাই প্ৰতি বছৰৰ ১ অক্টোবৰৰ দিনটো  বিশ্ব  জ্যেষ্ঠ নাগৰিক দিৱস হিচাবে উদযাপিত হৈ আহিছে । তাৰেই অংশ হিচাপে শনিবাৰে ঢকুৱাখনা জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত এই দিৱসটো দিন জোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

Advertisment

ঢকুৱাখনা  জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত নৱ কাঠৰবাৰীস্থিত নিজা কাৰ্য্যালয় প্ৰাংগণত  পুৱা দিৱসৰ পতাকা উত্তোলন কৰে সভাপতি পূৰ্ণানন্দ গগৈয়ে । ইয়াৰ পাছতে জ্যেষ্ঠ নাগৰিক সকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয় । ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ মহকুমা চিকিৎসা ও স্বাস্থ্য বিষয়া  প্ৰদীপ মিলি , মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক পাপু বড়ি ,চাৰ্জাৰী বিভাগৰ বিশেষজ্ঞ চিকিৎসক  শিৱ কুমাৰ , চিকিৎসক শিৱশীষ পাল , স্বাস্থ্য কৰ্মী বিশ্বলতা কোঁৱৰ, ৰাজু চুতীয়া , শিৱাল পাতিৰ ,ক্ষীপ্ৰ গগৈ আদিৰ সহযোগিতাত অনুষ্ঠিত স্বাস্থ্য পৰীক্ষা শিবিৰত মুঠ ১১০ গৰাকী জ্যেষ্ঠ নাগৰিকৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি প্ৰয়োজনীয় ঔষধ যোগান ধৰা হয় ।

ইয়াৰ পাছতে বিয়লি অনুষ্ঠিত হয় মুকলি সভা । পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস উপলক্ষত অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সন্মিলনৰ ভাৰপ্ৰাপ্ত সম্পাদক জীতেন তামূলীয়ে । মহকুমাটোৰ গৰিষ্ঠ সংখ্যক বয়স্ক নাগৰিক উপস্থিত থকা মুকলি সভাখন উদ্ধোধন কৰে ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই। সভাত নিৰ্দিষ্ট বক্তা হিচাবে ধেমাজিৰ   মৰিধল মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ডঃ কমল গগৈ উপস্থিত থাকি মননশীল বক্তব্য ৰাখে। গাম্ভীৰ্যপূৰ্ণ

সভাতে সন্মিলনৰ তৰফৰ পৰা মহকুমাটোৰ বৰ্ষীয়ান নাগৰিক ক্ৰমে ভোগেন্দ্ৰ নাথ দেৱ গোস্বামী , প্ৰাক্তন শিক্ষাবিদ তথা কবি শিৱ প্ৰসাদ গগৈ , প্ৰবীণ সাহিত্যিক, অৱসৰী শিক্ষাবিদ জগদীশ গগৈ, সুভাষ বৰাক সশ্ৰদ্ধ সম্বৰ্ধনা জনোৱা হয় ।

assam dhakuakhana