/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/24549bf9-ea7c-4d7d-a82e-32570c29bd93/dhakuakhama.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলাৰ উপায়ুক্ত শোণিত সত্বাৱনে শনিবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগ ঘিলামৰা সংমণ্ডলৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ ৬ খন জলজীৱন আঁচনি অসমৰ শুভ উন্মোচন কৰে।
ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্গত গড়পৰা মিৰি পানী যোগান আঁচনি, দেৱাগুৰি চাপৰি পানী যোগান আঁচনি, শিমলুডোঙা পানী যোগান আঁচনি, ৩২৬ নং এফ চি গ্ৰাণ্ট পানী যোগান আঁচনি আৰু বৰপাক পানী যোগান জলজীৱন আঁচনি কেইখন শুভ উন্মোচন কৰে উপায়ুক্ত গৰাকীয়ে ।
ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, হাৰ্হি মণ্ডল বিজেপিৰ সভাপতি প্ৰণৱজিত গগৈ, অগপ নেতা দুলাল দত্ত, ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা নৰেন বৰা আদি উপস্থিত থাকে উক্ত শুভ উদ্বোধনী অনুষ্ঠানত।
কেউখন আঁচনিৰ শুভ উদ্বাধন কৰি উপায়ুক্ত গৰাকীয়ে জলজীৱন আঁচনি, অসমৰ অৰ্থ সাহায্যৰে জনসাধাৰণক বিশুদ্ধ খোৱা পানী যোগানৰ মহৎ উদ্দেশ্যৰে ৰূপায়িত আঁচনি সমূহ যাতে সাফল্য মণ্ডিত হয় তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক আহ্বান জনায়।
আয়তীৰ উৰুলী মঙ্গল ধ্বনিৰ মাজত আঁচনি সমূহৰ ফিটা কাটি উপায়ুক্ত আৰু অন্যান্য শীর্ষ বিষয়াসকলে আঁচনি সমূহৰ মেচিন গৃহৰ চুইছ অন কৰি সৰ্বসাধাৰণৰ নামত আচঁনিখন উৎসৰ্গা কৰে ।
এই সন্দৰ্ভত আয়োজিত সভাত উপায়ুক্ত গৰাকীয়ে লখিমপুৰ জিলা দিৱস ২ অক্টোবৰৰ দিনা জিলাখনৰ প্ৰতি পৰিয়ালক হৰি মন্দিৰত এগছিকৈ বন্তি আৰু ধূপ জ্বলাই জিলাখনৰ উন্নয়নৰ গতি অধিক তৰান্বিত কৰাৰ বাবে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ আহ্বান জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us