/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/sa-1.png)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অৱশেষত নিজৰ অপকৰ্ম আৰু কু চৰিত্ৰৰ বাবে ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ল ঢকুৱাখনাৰ দুই গভাইত চোৰ । সুদীর্ঘ দিন ধৰি ঢকুৱাখনা নগৰত চুৰি কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰা দুই গভাইত চোৰক বৃহস্পতি বাৰৰ পুৱা ঢকুৱাখনা সদৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ঢকুৱাখনা সদৰ থানাৰ কনিষ্টবল বীৰেন চাংমাইৰ গোপন সূত্ৰৰ খবৰৰ ভিত্তিত হুজ গাঁওৰ প্ৰয়াত গোপাল দাসৰ পুত্ৰ মৃদুল দাস আৰু সুঁতিমুখ গাঁওৰ জয়মঙ্গল দাসৰ পুত্ৰ বিপুল দাসক নিজ নিজ বাসগৃহৰ পৰা আৰক্ষী কনিষ্টবলজনে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে দুয়োটা চোৰৰ ঘৰত তালাচী চলাই পানী উঠোৱা মটৰ , পিতলৰ তৌ ,পিতলৰ লোটা, বাল্টি, বৈদ্যুতিক ফেন আদি বিভিন্ন মূল্যবান সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ঢকুৱাখনা নগৰত এটা চৌর্য বৃত্তিধাৰী গেং সৃষ্টি কৰি জনজীৱন সন্ত্ৰস্ত কৰি অহাৰ নেতৃত্ব প্ৰদান কৰি অহা এই দুই চোৰক সদৰ থানালৈ আনি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে পূৰ্বৰ দৰে দিনবোৰৰ দৰে বিগত তিনিটা দিনত ছাত্ৰী নিবাস , বিদ্যালয় ,হোটেল, আদিত অভিযান চাফাই অভিযান চলাই অহা এই সমাজবিৰোধী চক্ৰটোৰ দুই খলনায়কক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাত নাগৰিক সমাজে স্বস্তিৰ নিশ্বাস পেলাইছে আৰু সদৰ থানাৰ কনিষ্টবল চাংমাইৰ তৎপৰতা আৰু কৰ্মদক্ষতাৰ শলাগ লৈছে ।
স্মতব্য যে বৃহস্পতি বাৰৰ নিশাও এই চোৰ দুটাই ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত তলা ভাঙি প্ৰৱেশ কৰি লুটপাত চলোৱাৰ লগতে মাত্ৰ এদিন পূৰ্বে অভিযান চলাই পানী উঠোৱা মটৰ, বাচন ,বৈদ্যুতিক ফেন আদি উঠাই নিয়া "হোটেল ব্যঞ্জন"ত যোৱা নিশাও তলা ভাঙি প্ৰৱেশ কৰি পুনৰ লুটপাত চলাই । এই ক্ষেত্ৰত এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ চি চি টি ভিৰ ফুটেজত সমস্ত কাৰচাজি ধৰা পৰিছে ।