/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/kajkajk.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অৱশেষত ঢকুৱাখনাত আতংক সৃষ্টিকাৰী গভাইত চোৰ চক্ৰৰ চাউল উকলিল ঢকুৱাখনাত । ঢকুৱাখনা সদৰ আৰক্ষীৰ নিখুঁত তদন্তৰ অন্তত ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ল এই চক্ৰটোৰ ৫ জনকৈ সদস্য।
সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি ৰয় , উপ পৰিদর্শক দীনেশ মেধি আৰু গৌৰৱ কৌস্তভ মুনি ভূমিজ , হাবিলদাৰ তিলক শইকীয়া , কনিষ্টবল বীৰেন চাংমাই , মনোজ ছেত্ৰী আৰু আৰক্ষী বাহিনীয়ে বিশেষ সূত্ৰৰ পম খেদি সদৰ থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত অভিযান চলাই। অভিযান কালত মানিকপুৰ গাঁওৰ হাফিজুল আলিৰ পুত্ৰ চৰিফুল হুছেইন (১৮) , মহঘুলি চাপৰিৰ তাৰজান চাহুৰ পুত্ৰ ৰাজেশ চাহু (১৪) , বালি গাঁওৰ প্ৰয়াত গণেশ কোঁৱৰৰ পুত্ৰ পংকজ কোঁৱৰ (১৪ ) ,মানিকপুৰ গাঁওৰ হাফিজুল আলিৰ পুত্ৰ নবিউল আলি ওৰফে টিকিৰা (১২ ) আৰু ভলুকাগুৰি সৰুটো চাপৰি গাঁওৰ শংকৰ দাসৰ পুত্ৰ ৰাজীৱ দাসক শনিবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে গভাইত চোৰ কেইটা গ্ৰেপ্তাৰৰ পাছত স্বাস্থ্য পৰীক্ষা কৰি ঢকুৱাখনা মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাই লখিমপুৰ জিলা কাৰাগাৰ আৰু যোৰহাট কিশোৰ জেললৈ নিক্ষেপ কৰে । এই সন্দৰ্ভত ঢকুৱাখনা সদৰ থানাত পঞ্জীভূত গোচৰ (নং- ১০২/২০২২ আৰু ১০৪/২০২২)ৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৪৫৭ /৩৮০ আৰু ৩৭৯ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি শনিবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
ইয়াৰে কিশোৰ দুগৰাকী চোৰক যোৰহাট কিশোৰ জেললৈ প্ৰেৰণ কৰে । সুদীর্ঘ দিন ধৰি ঢকুৱাখনা নগৰ আৰু উপকন্ঠ অঞ্চলত ধাৰাবাহিক চুৰি কাণ্ডৰে জনজীৱন সন্ত্ৰস্ত কৰি অহা এই দুধর্ষ চোৰৰ চক্ৰটোৱে বিগত সময়চোৱাত ঢকুৱাখনা আৰক্ষীৰ নিদ্ৰা হৰণ কৰি আহিছিল ।
শেহতীয়া ভাবে ঢকুৱাখনা আৰক্ষীৰ নিৰন্তৰ প্ৰচেষ্টা আৰু তদন্তৰ অন্তত ঢকুৱাখনা আৰক্ষীয়ে এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়। ঢকুৱাখনা আৰক্ষীয়ে জনোৱামতে আৰক্ষীৰ অভিযান অব্যাহত আছে আৰু শীঘ্ৰে আৰু অধিক চোৰৰ সম্ভেদ উলিয়াবলৈ সক্ষম হ'ব । এই সন্দৰ্ভত তদন্ত সঠিক ভাৱে চলি আছে । ঢকুৱাখনা আৰক্ষীৰ এই তৎপৰতা আৰু সফলতাই নাগৰিক সকলক আশ্বস্ত কৰিবলৈ সক্ষম হৈছে।
আৰু পঢ়ক: নগাঁৱৰ বৰঘাটত আৰক্ষীৰ অভিযানত তিনি কুখ্যাত ডকাইত গ্ৰেপ্তাৰ…