"শিক্ষাবাৰ্তা"ৰ বিতৰ্কিত লেখাক লৈ উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ প্ৰতিক্ৰিয়া...

“শিক্ষাবাৰ্তা”ৰ এটা বিতৰ্কিত, মনেসজা আৰু ভিত্তীহীন লেখনিত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমে তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰিছে

author-image
Asomiya Pratidin
New Update
"শিক্ষাবাৰ্তা"ৰ বিতৰ্কিত লেখাক লৈ 
উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চৰ প্ৰতিক্ৰিয়া...

dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনা : ‘সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা’ৰ যোৱা ২০, ২১ আৰু ২২ অক্টোবৰত শিৱসাগৰত অনুষ্ঠিত হোৱা অধিৱেশনত প্ৰকাশিত মুখপত্ৰ “শিক্ষাবাৰ্তা”ৰ এটা বিতৰ্কিত, মনেসজা আৰু ভিত্তীহীন লেখনিত উচ্চতৰ মাধ্যমিক অধ্যক্ষ মঞ্চ, অসমে তীব্ৰ অসন্তষ্টি প্ৰকাশ কৰিছে।

Advertisment

উক্ত নিবন্ধটিত ধুবুৰী জিলাৰ চাপৰ ৰৌমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতকোত্তৰ শিক্ষক চামচুল হক প্ৰধানীয়ে অসমৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সকলৰ বিষয়ে কৰা আপত্তিজনক আৰু অশোভনীয় মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি উচ্চতৰ মাধ্যমিক অধ্যক্ষ সকলৰ ৰাজ্যিক সংগঠনটোৰ সভাপতি কল্পনা গগৈ আৰু সাধাৰণ সম্পাদক আবুল হাছেম আল-আমানে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক  বিবৃতিত অতি ক্ষোভেৰে ব্যক্ত কৰে যে লেখক গৰাকীয়ে সম্পূৰ্ণ উদ্দেশ্য প্ৰণোদিতভাৱে অসমৰ সুস্থ শৈক্ষিক বাতাবৰণ প্ৰদূষিত কৰাৰ মানসেৰে তেখেতৰ মনেসজা কথাসমূহ নিবন্ধটিত সন্নিবিষ্ট কৰিছে।

লেখক গৰাকীয়ে সমগ্ৰ অসমৰ অধ্যক্ষ আৰু স্নাতক শিক্ষকৰ বিৰুদ্ধে কিছু অসাংবিধানিক শব্দ প্ৰয়োগ কৰাৰ লগতে বিদ্যালয়ৰ অধ্যক্ষসকলে বিষয় শিক্ষক সকলক হাৰাশাস্তি কৰা আৰু সহকাৰী শিক্ষক আৰু বিষয় শিক্ষকৰ মাজত পক্ষপাতমূলক আচৰণ কৰা বুলি কাল্পনিক আৰু মিছা অভিযোগ আনিছে।

লেখকজনৰ এনে ভুল আৰু ভিত্তিহীন বক্তব্যত জাঙুৰ খাই উঠিছে ৰাজ্যৰ উচ্চতৰ মাধ্যমিক অধ্যক্ষ সকল। বিবৃতিটোত ৰাজ্যিক অধ্যক্ষ মঞ্চৰ সভাপতি আৰু সাধাৰণ সম্পাদকে আৰু কয় যে চাকৰি সেৱা বিধি সম্পৰ্কে নূন্যতম জ্ঞান নথকা শিক্ষক গৰাকীয়ে "জ্যেষ্ঠতা নিৰূপণৰ ধাৰণাটি বিষয় শিক্ষকৰ বাবে সদায় অনিষ্টকাৰক" বুলি কৰা মন্তব্য হাস্যকৰ আৰু অযুক্তিকৰ হোৱাৰ ওপৰিও উক্ত মন্তব্যই অসমৰ শিক্ষা বিভাগৰ ওপৰতো আঙুলি উঠোৱাৰ ধৃষ্টতাক ৰাজ্যিক অধ্যক্ষ মঞ্চই আচৰ্য প্ৰকাশ কৰিছে। 

লেখক প্ৰধানীয়ে লেখনিটোত সহকাৰী শিক্ষক সকলে জিৰণি কোঠাত বিষয় শিক্ষক সকলক দুৰ্ব্যৱহাৰ কৰে বুলিও অভিযোগ আনি বিদ্যালয়ৰ শিক্ষক সকলৰ মাজত  বিভাজন সৃষ্টি কৰি অসমৰ সুস্থ শৈক্ষিক বাতাবৰণ বিনষ্ট কৰাৰ কু-অভিসন্ধি ৰচনা কৰিছে বুলি অধ্যক্ষ মঞ্চই মন্তব্য কৰে আৰু এনে বিভেদকামী লেখনিত অসমৰ বৌদ্ধিক সমাজৰ লগতে শিক্ষক সমাজ, অভিভাৱকৰ উপৰিও স্নাতকোত্তৰ শিক্ষক সকলেও অন্তৰত আঘাত পোৱা বুলি বিবৃতিটোত উল্লেখ কৰে।

লেখক শিক্ষক গৰাকীৰ এনে হাস্যকৰ আৰু ভিত্তিহীন কথা নস্যাৎ কৰি অধ্যক্ষ মঞ্চই লেখক গৰাকীৰ এনে নীচ মানসিকতাক ধিক্কাৰ জনোৱাৰ লগতে তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে কৰবাত কোনোবা দুই এখন বিদ্যালয়ত চামচুল হক প্ৰধানীৰ দৰে শিক্ষকে নিজে সৃষ্টি কৰা সমস্যাক সাধাৰণীকৰণ কৰি শিক্ষক সকলৰ মাজত বিভাজন সৃষ্টি কৰি অসমৰ শৈক্ষিক পৰিবেশ বিনষ্ট কৰা এনে বিতৰ্কিত, চক্ৰান্তমূলক আৰু উদ্দেশ্য প্ৰণোদিত লেখনিৰ বাবে অসমৰ শিক্ষক সমাজ আৰু জনসাধাৰণৰ ওচৰত লেখক গৰাকীয়ে অতি শীঘ্ৰে ক্ষমা খুজিবলৈ দাবী জনায়। 

অন্যহাতে অধ্যক্ষ মঞ্চই “শিক্ষাবাৰ্তা”ৰ সম্পাদক প্ৰশান্ত কুমাৰ চুতীয়াকো এনেধৰণৰ বিতৰ্কিত লেখনি প্ৰকাশ কৰাৰ বাবে অভিযুক্ত কৰাৰ লগতে ৰাজহুৱাভাৱে ক্ষমা খুজিবলৈ দাবী জনায়। ৰাজ্যিক অধ্যক্ষ মঞ্চই এই সমগ্ৰ বিষয়টোৰ প্ৰতি অসমৰ শিক্ষা বিভাগৰ দৃষ্টি আকৰ্যণ কৰি লেখক জনৰ লগতে সম্পাদক জনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষা বিভাগক অনুৰোধ জনায়।

assam dhakuakhana