শিক্ষা বিষয়াৰ গুৰুত্বহীনতাৰ বাবে প্ৰাপ্য পদোন্নতি হেৰুৱালে ঢকুৱাখনাৰ শিক্ষকে...

ঢকুৱাখনা মহকুমাৰ গৰিষ্ঠ সংখ্যক প্ৰাথমিক খণ্ডৰ শিক্ষাগুৰুৱে বিধিগতভাৱে অর্জন কৰা ন্যাৰ্য প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে

author-image
Asomiya Pratidin
New Update
শিক্ষা বিষয়াৰ গুৰুত্বহীনতাৰ বাবে প্ৰাপ্য পদোন্নতি হেৰুৱালে ঢকুৱাখনাৰ শিক্ষকে...

dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ গৰিষ্ঠ সংখ্যক প্ৰাথমিক খণ্ডৰ শিক্ষাগুৰুৱে বিধিগতভাৱে অর্জন কৰা ন্যাৰ্য প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

Advertisment

ঢকুৱাখনা মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদর্শকৰ কাৰ্যালয়ৰ অধীনৰ জ্যেষ্ঠ শিক্ষকসকলে বিদ্যালয় সমূহৰ ভাৰপ্ৰাপ্ত উপ-পৰিদর্শক চুমী শইকীয়াৰ উদাসীন ভূমিকা আৰু কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীৰ অদূৰদৰ্শিতাৰ বাবে এনে চৰকাৰী প্ৰাপ্য পদোন্নতি হেৰুৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদে। 

প্ৰাপ্ত অভিযোগ অনুসৰি ৰাজ্যৰ শিক্ষা  বিভাগৰ এক নিৰ্দেশনাৰ প্ৰসংগ অনুসৰি  লখিমপুৰ জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ে DEEO/L/MACPS /04/21 /10074-81 নং নিৰ্দেশ যোগে জিলাখনৰ শিক্ষা বিষয়া সকলক যোগ্যতা সম্পন্ন জ্যেষ্ঠ উচ্চ প্ৰাথমিক শিক্ষক সকলক বিত্তীয় পদোন্নতিৰ বাবে এম এ চি পি (M A C P ) আঁচনিৰ আধাৰত নিৰ্বাচন কৰি অৰ্হতা সম্পন্ন শিক্ষকৰ তালিকা প্ৰেৰণ কৰাৰ নিৰ্দেশ দিছিল। সেই নিৰ্দেশনা অনুসৰি জিলাখনৰ বিভিন্ন শিক্ষা খণ্ডৰ শিক্ষা বিষয়াই নাম তালিকা প্ৰেৰণ কৰিলে।

কিন্তু ঢকুৱাখনা মহকুমা বিদ্যালয় সমূহৰ উপ-পৰিদর্শকৰ কাৰ্যালয়ে এই নিৰ্দেশনালৈ পিঠি দি জ্যেষ্ঠ শিক্ষক সকলক এই চৰকাৰী বিত্তীয় সুবিধাৰ পৰা চক্ৰান্তমূলকভাবে বঞ্চিত কৰে। ডি আই কাৰ্যালয়ৰ অধীনৰ একাংশ শিক্ষক আৰু কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াই এনে প্ৰৱঞ্চনা আৰু অবিচাৰ সন্দৰ্ভত বিভাগক অভিযোগ দিয়াৰ পাছতো কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে। খণ্ডটোৰ প্ৰবীণ প্ৰাথমিক শিক্ষক সকলৰ বিত্তীয় পদোন্নতি প্ৰদানত শিক্ষা বিষয়া চুমী শইকীয়া আৰু একাংশ কৰ্মচাৰী হেঙাৰ হৈ উঠা বুলি ৰাজহুৱা অভিযোগ উত্থাপন কৰি বৃহস্পতিবাৰে এক সভাত মিলিত হয় ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদ।

ঢকুৱাখনা জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি অতুল চুতীয়াৰ সভাপতিত্বত কৰ্মচাৰী ভৱন প্ৰাংগণত বৃহস্পতিবাৰে বিয়লি অনুষ্ঠিত সভাত যি চৰকাৰী নিৰ্দেশনাৰ ভিত্তিত মহকুমাটোৰ ঢকুৱাখনা শিক্ষা খণ্ডৰ প্ৰায় ৩৯ গৰাকী জ্যেষ্ঠ শিক্ষক আৰু বৰদলনি শিক্ষা খণ্ডৰ গৰিষ্ঠ সংখ্যক  শিক্ষকে এম এ চি পিৰ  দ্বিতীয় কিস্তি বিত্তীয় অনুমোদন লাভ কৰিলে সেই একে নিৰ্দেশনা কিয় ঢকুৱাখনাৰ ডি আই শইকীয়া আৰু বিভাগে পালন নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে  বিষয়ববীয়া সকলে। 

সম্পাদক সুনীল দত্ত, ৰাজ্যিক সদস্য জীৱন গগৈ, উপদেষ্টা ললিত দাস, হীৰা দত্ত,  জিলা সদস্য  ধৰণী শৰ্মা, মিন্টু  গগৈ, সৰুফুল গগৈ, আদি উপস্থিত থকা সভাত ডি আই কাৰ্যালয়ৰ এনে কাণ্ডজ্ঞানহীনতাৰ বাবেই জ্যেষ্ঠ শিক্ষক সকল প্ৰাপ্য পদোন্নতিৰ পৰা বঞ্চিত হোৱা বুলি মন্তব্য কৰে সভাই। সভাই এগৰাকী পূৰ্ণ পদমৰ্যদা সম্পন্ন, জ্যেষ্ঠ শিক্ষা বিষয়াক ডি আই পদত অধিষ্ঠিত নকৰি শিক্ষা বিভাগে সুদীর্ঘ দিন ধৰি ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে পালমৰা নীতিৰে পৰিচালিত কৰাৰ বাবেই নীতি নিষ্ঠ শিক্ষক সমাজ প্ৰাপ্যৰ পৰা বঞ্চিত হোৱা বুলি সমূহীয়া মত পোষণ কৰে।

ইয়াৰোপৰি কাৰ্য্যালয়টোৰ একাংশ অনভিজ্ঞ কৰ্মচাৰী সুদীর্ঘ দিন ধৰি বিভাগটোত স্থায়ীভাবে খোপনি পুতি বহি একে পদতে সেৱা আগবঢ়াই অহাৰ বাবেও এনে অহেতুক জটিল সমস্যাৰ সৃষ্টি হৈ অহা বুলি সভাই মত দোহাৰি এই ক্ষেত্ৰত জিলা প্ৰাথমিক শিক্ষা বিষয়াই তাৎক্ষণিক কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাৰ অন্তিম দাবী জনাইছে পৰিষদে । সভাই এগৰাকী অভিজ্ঞ উচ্চ বৰ্গৰ সহায়ক ঢকুৱাখনা নিযুক্তিৰ পৰৱৰ্তী সময়ত  বিহপুৰীয়া খণ্ডত সংলগ্ন কৰি ৰখা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি শীঘ্ৰে প্ৰকৃত কৰ্মথলী ঢকুৱাখনালৈ উভতাই অনাৰ দাবী জনায় ।

এই সমস্ত বিষয় সন্দৰ্ভত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী, স্থানীয় বিধায়ক, শিক্ষা মন্ত্ৰীক লিখিত ৰূপত পৰিষদে অৱগত কৰাৰ পাছতো গুৰুত্ব নিদিয়াত সভাই অসন্তুষ্টি  প্ৰকাশ কৰি প্ৰয়োজনৰ তাগিদাত পৰিষদে ৰাজহুৱা গণ আন্দোলনত নমাৰো সকীয়নি প্ৰদান কৰিছে।

আৰু পঢ়ক : ঢকুৱাখনাত জাতীয় বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ সামৰণি...

assam dhakuakhana