/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/06/dhakuakhana-3.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : অৱশেষত ঢকুৱাখনা মহকুমাৰ ঘিলামৰা কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ মদাহী প্ৰধান শিক্ষকক শিক্ষা বিভাগে লেকাম লগালে । ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত কঁঠালগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মুক্তা ৰাম গগৈয়ে বিগত কেইবা বছৰ ধৰি আকন্ঠ মদ্য পান কৰি বিদ্যালয়লৈ পলমকৈ আহি শিক্ষাৰ্থী সকলৰ জীৱনকলৈ ভয়ংকৰ হেতালি খেলি আহিছিল।
মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি আহিছিল শিক্ষাৰ্থী সকলক। বিদ্যালয় পৰিচালনা সমিতি ,অভিভাৱক আৰু স্থানীয় ৰাইজৰ প্ৰবল প্ৰতিবাদৰ স্বত্তেও এনে নিকৃষ্ট চৰিত্ৰ পৰিহাৰ নকৰা মাতাল প্ৰধান শিক্ষক গগৈৰ এনে মাতাল চৰিত্ৰ শনিবাৰে স্বচক্ষে প্ৰত্যক্ষ কৰে মহকুমাটোৰ বিদ্যালয় সমূহৰ উপ পৰিদর্শক চুমী শইকীয়াই।
শিক্ষা বিষয়া শইকীয়াই কৰা স্বজমিন তদন্ত কালত প্ৰধান শিক্ষক গৰাকীয়ে আকন্ঠ সুৰা পান কৰি পলমকৈ বিদ্যালয়ত উপস্থিত হোৱাটো ধৰা পৰে । বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকৰ সন্মুখতে নিচাসক্ত গগৈয়ে শিক্ষা বিষয়া গৰাকীক অভব্য আচৰণ কৰাৰ পাছত বিষয়টো ঘিলামৰা আৰক্ষী আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দৃষ্টিগোচৰ কৰে।
শিক্ষা বিষয়া গৰাকীৰ এই সন্দৰ্ভত জিলা শীর্ষ শিক্ষা বিষয়াক দাখিল কৰা প্ৰতিবেদনৰ ভিত্তিত সোমবাৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া ডঃ ৰমেশ চন্দ্ৰ চুতীয়াই ডি ই ই অ /এল / কম্প্লেইন /১ /২০২২/ ১১২২/২৮ নং নিৰ্দেশনা যোগে প্ৰধান শিক্ষক মুক্তাৰাম গগৈক নিলম্বন কৰিছে । শিক্ষকতাৰ নামত কলংক স্বৰূপ এইজন সুৰাসক্ত শিক্ষকৰ নিলম্বনত পৰিচালনা সমিতি আৰু অভিভাৱক সকলে সন্তুষ্টি প্ৰকাশ কৰি এজন সৎ শিক্ষকক স্থায়ী ভাবে নিযুক্তিৰ আহ্বান জনাইছে ।
আৰু পঢ়ক: কলঙৰ ৰুদ্ৰ ৰূপ : নগাঁও চহৰৰ বানৰ কবলত…