/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhakuaaaa.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা নগৰৰ এগৰাকী সৰলমনা স্বল্পভাষী অৱসৰী শিক্ষাবিদ ক্ষীৰোদ গগৈৰ মঙলবাৰে দেহাৱসান ঘটে । ঢকুৱাখনা নগৰৰ বালি গাঁও নিবাসী গগৈয়ে ঢকুৱাখনা নৰ্মাল স্কুলত ১৯৮০ চনত সহকাৰী বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰি প্ৰায় তিনি দশকৰো অধিক কাল সহকাৰী বিজ্ঞান শিক্ষক হিচাপে শিক্ষকতাৰ বৰেণ্য সেৱা আগবঢ়াই অহাৰ পৰৱৰ্তী সময়ত ২০১২চনত নগাঁও নৰ্মাল স্কুললৈ বদলি হয় । পাছত নগাঁও নৰ্মাল স্কুলৰ পৰা অধ্যক্ষ হিচাপে অৱসৰ গ্ৰহণ কৰে যোৱা ২০১৮ চনৰ ফেব্ৰুৱাৰী মাহত । বিগত কিছু দিন ধৰি উচ্চ ৰক্তচাপত ভোগী অহা মিষ্টভাষী গগৈয়ে যোৱা ১আগষ্টৰ নিশা ৯.৩০ বজাত মগজুৰ ৰক্তক্ষৰণ ৰোগত আক্ৰান্ত হয়।
প্ৰথমে ঢকুৱাখনা অসামৰিক চিকিৎসালয় আৰু পাছত লখিমপুৰ চিকিৎসা মহাবিদ্যালয় আৰু পৰৱৰ্তী সময়ত গুৱাহাটীৰ এক্সেল কেয়াৰ হস্পিটেলত ভৰ্তি কৰি অস্ত্ৰোপচাৰ কৰা হয় । শেহতীয়াভাৱে গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পটালত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰি অহাৰ পছত মঙলবাৰে দুপৰীয়া ১১.০৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে । অতি গহীন গম্ভীৰ স্বভাৱৰ অমায়িক গগৈয়ে মৃত্যুৰ সময়ত সুলেখিকা পত্নী নৱনীতা গগৈ, ২ পুত্ৰ আৰু অগণন ইষ্ট কুটুম্ব আৰু গুণমুগ্ধক ইস সংসাৰত এৰি গৈছে । মৃত্যুৰ সময়ত গগৈৰ বয়স হৈছিল ৬৫ বছৰ ।
অৱসৰপ্ৰাপ্ত শিক্ষাবিদ গৰাকীৰ বিয়োগত ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ কল্পনা গগৈ, ঢকুৱাখনা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰফুল্ল চুতীয়া, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক সমুজ্জ্বল চেতিয়া, ঢকুৱাখনা নৰ্মাল স্কুল কৰ্তৃপক্ষ, নগাঁও নৰ্মাল স্কুলৰ পৰিয়াল, ঢকুৱাখনা লেখিকা সমাৰোহ সমিতিকে ধৰি বিভিন্ন ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ স্বৰ্গ সুখ প্রাপ্তি কামনা কৰিছে ।
মঙলবাৰে গুৱাহাটীৰ পৰা স্ব-গৃহলৈ অনাৰ পথত সন্ধিয়া ৬.১০ বজাত গগৈৰ নশ্বৰ দেহ নগাঁও নৰ্মাল স্কুল চৌহদলৈ নি স্কুলৰ অধ্যক্ষ ভাৰতী বৰা, অৱসৰ প্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰ মোহন নাথ, শিক্ষক কৰ্মচাৰী সকলে অন্তিম শ্ৰদ্ধাঞ্জলি জনাই মৌন প্ৰাৰ্থনা কৰি শিক্ষাবিদ গৰাকীৰ কৰ্মৰাজিৰ সশ্ৰদ্ধ স্মৰণ কৰে আৰু বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰে । গগৈৰ মৃত্যুৰ খবৰে সমগ্ৰ ঢকুৱাখনাবাসীক শোকবিহ্বল কৰি তুলিছে ।