ৰঙা ঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ ছাত্ৰী নিৰ্যাতনকাৰী প্ৰধান শিক্ষক…

ৰঙা ঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ ছাত্ৰী নিৰ্যাতনকাৰী প্ৰধান শিক্ষক…

author-image
asomiyapratidin
New Update
ৰঙা ঘৰৰ আলহী হ’ল ঢকুৱাখনাৰ ছাত্ৰী নিৰ্যাতনকাৰী প্ৰধান শিক্ষক…

ডিজিটেল সংবাদ, ঢকুৱাখনা : এগৰাকী কিশোৰী ছাত্ৰীৰ ওপৰত শাৰীৰিক নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ'ব লগা হ'ল ঢকুৱাখনা শিক্ষা খণ্ডৰ এজন প্ৰধান শিক্ষক ।  নিজৰেই শিক্ষাগুৰুৰ লালসাৰ বলি হ'বলগীয়া নিৰ্লজ ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত  ২ নং বানতৌ প্ৰাথমিক বিদ্যালয়ত ।

Advertisment

সভ্য সমাজক লজ্জানত কৰা এই জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে  বিদ্যালয়খনৰ প্ৰধান শিক্ষক ধীৰেন চেতিয়াৰ বিৰুদ্ধে । ২ নং  বানতৌ গাঁও যুৱ সংঘৰ সদস্য আৰু মাতৃ গোটৰ সদস্য সকলে সংবাদ মাধ্যমক জনোৱা মতে যোৱা ৫ জুনৰ বিশ্ব পৰিবেশ দিৱসৰ দিনা  বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰী গৰাকীক প্ৰধান শিক্ষক চেতিয়াই অসৎ আচৰণ কৰে ।

পূৰ্বেও  প্ৰধান শিক্ষক গৰাকীয়ে  সুযোগ বুজি এনে  অশুভ যৌন আচৰণ কৰি অহা বুলি  কিশোৰী গৰাকীৰ অভিভাৱকে  অভিযোগ তুলি  শিক্ষা গ্ৰহণৰ  বাবে বিদ্যালয়লৈ  যোৱা নিৰ্বোধ কিশোৰী গৰাকীৰ ওপৰত সুবিধা পালেই  চলাই অহা অভব্য  আৰু অসৎ আচৰণৰ বাবে কিশোৰী গৰাকী বিদ্যালয়লৈ আহিবলৈ অনিচ্ছা প্ৰকাশ কৰা বুলিও অভিভাৱকে জানিবলৈ দিয়ে সংবাদ মাধ্যমক।

পিতৃতুল্য এগৰাকী বিদ্যালয় প্ৰধানৰ এনে বৰ্বৰ  আচৰণৰ সবল বিৰোধিতা কৰি মাতৃ সমাজ , যুৱ সংঘ আৰু গাঁওখনৰ ৰাইজে বিদ্যালয় প্ৰধান গৰাকীৰ বিৰুদ্ধে প্ৰতিবাদো সাব্যস্ত কৰিছিল । তাৰোপৰি নিৰ্যাতিতা কিশোৰী গৰাকীৰ দৰিদ্ৰ অভিভাৱকে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতিক এখন অভিযোগ পত্ৰ প্ৰদান কৰি নিৰ্বোধ কিশোৰী গৰাকীৰ ওপৰত কৰা নিৰ্লজ কাণ্ডৰ উচিত তদন্ত কৰি দোষিক শাস্তি প্ৰদানৰ দাবী জনাইছিল ।

মহকুমা প্ৰশাসনে উক্ত অভিযোগ পত্ৰ  ঢকুৱাখনা সদৰ থানালৈ প্ৰেৰণ কৰাৰ পাছত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬/৫১১ আৰু পকচ' আইনৰ ৮ ধাৰাত এক গোচৰ ( নং-১২৮/ ২০২২)  পঞ্জীভূত হয় । সেই পঞ্জীভূত গোচৰৰ ভিত্তিত নিৰ্যাতিতা  কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পৰৱৰ্তী সময়ত শিক্ষক গৰাকীৰ সন্ধান চলাই। কিন্তু শিক্ষক চেতিয়াই ছুটি লৈ দীৰ্ঘ দিন ধৰি আত্মগোপন কৰি আছিল। 

শনিবাৰে  আৰক্ষীৰ অভিযান কালত আত্মগোপন কৰি থকা অসৎ চৰিত্ৰৰ প্ৰধান শিক্ষক চেতিয়াক  ঢকুৱাখনা থানাৰ তদন্তকাৰী  উপ পৰিদর্শক সিদ্ধাৰ্থ নাথে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে ধৃত প্ৰধান শিক্ষক চেতিয়াৰ স্বাস্থ্য পৰীক্ষা কৰাৰ পাছত ঢকুৱাখনা মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাই  লখিমপুৰ জিলা কাৰাগাৰলৈ নিক্ষেপ কৰে ।

শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তি আৰু প্ৰধান শিক্ষকৰ দৰে মৰ্য্যদাপূৰ্ণ পদবীত অধিষ্ঠিত হৈ এগৰাকী কিশোৰী ছাত্ৰীৰ ওপৰত চলোৱা যৌন নিপীড়ণৰ ঘটনাই  তীব্ৰ প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে ঢকুৱাখনাত । উত্থাপিত অভিযোগৰ সত্যতা ধৃত প্ৰধান শিক্ষক চেতিয়া আৰু পৰিয়ালবৰ্গই  নাকচ কৰি এয়া এক পৰিকল্পিত আৰু মনে সজা চক্ৰান্ত বুলি মন্তব্য কৰিছে  । 

উত্থাপিত অভিযোগৰ সত্য সত্যতা আদালতৰ মজিয়াত  নিৰুপিত হ'ব যদিও প্ৰাথমিক দৃষ্টিত এনে নিৰ্লজ ঘটনাই  ঢকুৱাখনাবাসীক লজ্জিত কৰিছে।

assam Assam police himanta biswa sarma dhakuakhana
News Hub