ছিণ্ডিকেটঃ ঢকুৱাখনাত ৰাজসাহায্য যুক্ত ৫৫৬ বেগ সাৰ জব্দ

 ছিণ্ডিকেটঃ  ঢকুৱাখনাত ৰাজসাহায্য যুক্ত ৫৫৬ বেগ সাৰ জব্দ
Published on
Updated on

ডিজিটেল সংবাদ,ঢকুৱাখনা: আজি কাতি বিহু । শ্ৰমজীৱী অসমীয়াৰ হাড় ভঙা কষ্টৰ বিনিময়ত সজল ধৰা খেতিৰ শ্ৰীবৃদ্ধিৰ কামনাৰে উদযাপিত এই কাতি বিহুৰ দিনাই কৃষি নিৰ্ভৰ ঢকুৱাখনাত উন্মোচিত হৈছে কৃষকৰ উৎপাদনশীলতাৰে জড়িত ৰাসায়নিক সাৰৰ এক অবৈধ ছিণ্ডিকেট ।

ঢকুৱাখনা মহকুমাৰ ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ অন্তৰ্গত ঘিলামৰা কৃষি চক্ৰত এনে এক সাৰ ছিণ্ডিকেট চক্ৰৰ এটা অবৈধ মজুত ভঁৰাল কৃষি বিভাগে জব্দ কৰিবলৈ সক্ষম হৈছে। সংগৃহীত তথ্য মতে ঘিলামৰা কৃষি চক্ৰৰ অন্তৰ্গত চাকুলি অঞ্চল ভূপেন চমুৱাৰ গৃহত স্থাপন কৰা হৈছিল এটা অবৈধ  ৰাসায়নিক সাৰৰ মজুত ভঁৰাল ।

ঢকুৱাখনা কৃষি চক্ৰৰ অন্তৰ্গত ঢকুৱাখনা নগৰৰ আমকটীয়া গাঁওস্থিত "মেচাৰ্ছ প্ৰগতি  এণ্টাৰপ্ৰাইজ" নামৰ এই সাৰ বিক্ৰী কেন্দ্ৰটোৰ জৰিয়তে অবৈধ প্ৰক্ৰিয়াৰে ঘিলামৰা চক্ৰৰ চাকুলি গাঁওত চোৰাং ভাবে স্থাপন কৰা এই সাৰ মজুত ভঁৰালত বুধবাৰে আগবেলা এ এছ-২৩- এ চি-৪৫১১ নম্বৰৰ এখন গধুৰ মালবাহী ট্ৰাকে প্ৰায় ৫শতাধিক বেগ চৰকাৰী ৰাজ সাহায্য যুক্ত ৰাসায়নিক সাৰ সৰবৰাহ কৰি আনি নমাই আছিল ।

এই সন্দৰ্ভত একাংশ সচেতন নাগৰিক আৰু সংবাদ মাধ্যমৰ অৱগত হোৱাত বিষয়টো ঘিলামৰা কৃষি বিভাগ , ঘিলামৰা আৰক্ষী , ঢকুৱাখনা মহকুমা কৃষি বিভাগৰ  লগতে ঢকুৱাখনা মহকুমাধিপতি কাৰ্ত্তিক কলিতাৰ অৱগত কৰা হয় । প্ৰথম পৰ্য্যায়ত ঘিলামৰা কৃষি চক্ৰৰ কৃষি উন্নয়ন বিষয়া বৈশালী বৰুৱা আৰু ঘিলামৰা থানাৰ এটা আৰক্ষী দল গৈ ঘটনাস্থলীত উপস্থিত হৈ স্বচক্ষে এই অবৈধ সাৰ মজুত ভঁৰালত বৃহৎ পৰিমাণৰ সাৰ মজুত ৰখা প্ৰত্যক্ষ কৰে।

যিহেতু এনে ধৰণৰ সাৰ মজুত ৰখাৰ কোনো ধৰণৰ  অনুমতি কৃষি বিভাগৰ পৰা গ্ৰহণ নকৰি , নিজৰ পৰিসীমাৰ বাহিৰত কৃষকৰ ৰাসায়নিক সাৰ অবৈধ আৰু নীতি বিৰুদ্ধ ভাবে মজুত কৰা ঢকুৱাখনা নগৰৰ প্ৰগতি এণ্টাৰপ্ৰাইজৰ এনে অসৎ কাৰ্যৰ ৰাজহুৱা অভিযোগৰ সত্যতা প্ৰতিপন্ন হয় কৃষি বিষয়াৰ প্ৰাথমিক তদন্তত।

এই সন্দৰ্ভত মহকুমাধিপতিৰ কঠোৰ নিৰ্দেশৰ ভিত্তিত পৰৱৰ্তী তদন্ত কৰাৰ স্বাৰ্থত অবৈধ ভাৱে বিক্ৰীৰ বাবে  মজুত ৰখা ইউৰীয়া , ডি এ পি , আৰু বৰাক্স নামৰ ৰাজসাহায্য যুক্ত সাৰখিনি থলিতে জব্দ কৰে বিভাগীয় বিষয়াই। ঘিলামৰা আৰক্ষীৰ ৰহস্যজনক দুৰ্বল আৰু আপোচকামী মনোবৃত্তিৰ স্বত্তেও মহকুমা প্ৰশাসনৰ হস্তক্ষেপত বিভাগীয় বিষয়াই প্ৰায় ৫৫৬ বেগ ৰাজ সাহায্যযুক্ত ইউৰীয়া,বৰাক্স আৰু ডি এ পি সাৰখিনি জব্ধ কৰি অবৈধ মজুত ভঁৰালটোত তলা লগাই দিয়ে ।

এই সমগ্ৰ অবৈধ প্ৰক্ৰিয়া সন্দৰ্ভত খবৰ পাই বাতৰি সংগ্ৰহৰ বাবে উক্ত স্থানত উপস্থিত হোৱা ঘিলামৰাৰ এজন সংবাদকৰ্মীক নিজৰ লুণ্ঠনকাৰী চৰিত্ৰ ফাদিল হোৱাৰ ভয়ত মজুত ভঁৰালটোৰ গৰাকী , চাকুলি গাঁওৰ উদণ্ড ব্যক্তি ভূপেন চমুৱা (কনভাই)যে অভব্য আৰু ভাবুকিপূৰ্ণ আচৰণ কৰা দেখা গ'ল । পাছত এই অবৈধ কাণ্ডৰ সন্দৰ্ভত মহকুমা কৃষি বিভাগে এক তদন্ত কৰিব বুলি জনাই উভতি আহে কৃষি বিষয়া বৰুৱা ।

ইপিনে ঢকুৱাখনা নগৰৰ আমকটীয়া গাঁওত অৱস্থিত এই বিতৰ্কিত 'প্ৰগতি এণ্টাৰপ্ৰাইজ"ৰ স্বত্বাধিকাৰী সঞ্জীৱ তামূলীয়ে কিয় নিজৰ ব্যৱসায়িক নিৰ্দিষ্ট আৰু নিৰ্ধাৰিত পৰিসীমা অতিক্ৰম কৰি  কৃষি উন্নয়ন চক্ৰৰো পৰিধি ভাঙি অন্য এটা কৃষি চক্ৰত এই গোপন বেহা চলাবলৈ গৈছিল সেয়া সাধাৰণ কৃষিজীৱী নাগৰিকৰ বাবে সাঁথৰ হৈ পৰিছে । এক সূত্ৰই অভিযোগ কৰা মতে এই এণ্টাৰপ্ৰাইজটোৱে বৃহত্তৰ ঢকুৱাখনা মহকুমাত ৰাসায়নিক সাৰৰ এক অবৈধ ছিণ্ডিকেট চলাই আহিছে সুদীৰ্ঘ দিন ধৰি ।

"অসমীয়া প্ৰতিদিন ডিজিটেল"ৰ অনুসন্ধান কালত সংগৃহীত তথ্য মতে মহকুমাটোৰ বহু স্থানত একাংশ মুনাফালোভী ব্যৱসায়ীৰ জৰিয়তে এই এণ্টাৰপ্ৰাইজটোৱে হাজাৰ বিজাৰ চৰকাৰী ৰাজসাহায্যযুক্ত ৰাসায়নিক সাৰ গোপনে মজুত কৰি ৰাখিছে । অনাগত সময়ত,কৃষকৰ বিপৰীতে ৰাজ সাহায্য যুক্ত এই সাৰ উচ্চ দামত বিক্ৰী কৰিবলৈ এই ধুৰন্ধৰ চক্ৰটোৱে পাং পতাৰো আশঙ্কা কৰা গৈছে । কাতি বিহুৰ দিনাই কৃষি সামগ্ৰীৰ এনে অবৈধ কাণ্ড ফাদিল হোৱাৰ পাছত বিভাগ আৰু মহকুমা প্ৰশাসনে কি কঠোৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।

 ছিণ্ডিকেটঃ  ঢকুৱাখনাত ৰাজসাহায্য যুক্ত ৫৫৬ বেগ সাৰ জব্দ
গাজাৰ চিকিৎসালয় আক্ৰমণত প্ৰায় ৫০০ জনৰ মৃত্যু, শোক প্ৰকাশ প্ৰধানমন্ত্ৰী মোডীৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in