ঢকুৱাখনা পৌৰ সভাৰ স্বচ্ছতা অভিযান

ঢকুৱাখনা পৌৰ সভাৰ স্বচ্ছতা অভিযান

ডিজিটেলসংবাদ,ঢকুৱাখনা: সৰ্বভাৰতীয় পৰ্যায়ত চলি থকা "ইণ্ডিয়ান স্বচ্ছতা লীগ ২.০"ৰ স্বচ্ছ ভাৰত অভিযানৰ (নগৰ) আঁচনিৰ অংশৰূপে ঢকুৱাখনাত দেওবাৰে নগৰ পৰিস্কৰণ কাৰ্যসূচী গ্ৰহণ কৰা হয় । ঢকুৱাখনা পৌৰসভাৰ উদ্যোগত দেওবাৰে পুৱা ৬ বজাত পৌৰসভাৰ কাৰ্যালয়ত এই নগৰ পৰিস্কৰণ কাৰ্যসূচী শুভাৰম্ভ কৰা হয় ।

ঢকুৱাখনা পৌৰসভাৰ সভাপতি ৰাজীৱ দাস , জ্যেষ্ঠ পৌৰ আয়ুক্ত স্বৰূপ কোঁৱৰ, বগেন কোঁৱৰকে প্ৰমুখ্য কৰি গৰিষ্ঠ সংখ্যক পৌৰ আয়ুক্ত , পৌৰসভাৰ সমূহ কৰ্মচাৰী, চাফাই কৰ্মী আৰু নগৰখনৰ অৰ্ধ শতাধিক মহিলাৰ সহযোগত পৌৰ সভাৰ কাৰ্য্যালয়ৰ পৰা ঢকুৱাখনা নগৰৰ চাৰিকড়ীয়া দলং পৰ্যন্ত সমগ্ৰ ৰাজপথত ঝাড়ু মাৰি নিকাকৰণ কৰাৰ উপৰিও স্বচ্ছতা বৰ্তাই ৰখাৰ সন্দৰ্ভত সজাগতা সমদল কৰা হয় ।

ঢকুৱাখনাক আৱৰ্জনামুক্ত কৰি তোলা গণ সংগ্ৰামৰ অংশীদাৰ হোৱাৰ আহ্বানেৰে হাতে হাতে ঝাড়ু লৈ নগৰ নিকাকৰণ কৰা এই কাৰ্যসূচীৰ অন্তত নগৰখন নিকা আৱৰ্জনা মুক্ত আৰু সর্বাংগ সুন্দৰ কৰি তোলাত ব্যৱসায়ী আৰু নাগৰিক সকলোৰে সহযোগিতা কামনা কৰি এই কাৰ্যসূচীৰ সামৰণি মৰা হয় ।

ঢকুৱাখনা পৌৰ সভাৰ স্বচ্ছতা অভিযান
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মালৈ ছিংগাপুৰৰ ফেল’শ্বিপ সন্মান

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in