অভিনয় শিক্ষা গ্ৰহনত ব্যস্ত ঢকুৱাখনাৰ এজাক বিদ্যাৰ্থী

অভিনয় শিক্ষা গ্ৰহনত ব্যস্ত ঢকুৱাখনাৰ এজাক বিদ্যাৰ্থী

ডিজিটেল সংবাদ, ঢকুৱাখনা: এজাক অনিসন্ধিৎসু মনৰ লোক সংস্কৃতি প্ৰিয়াসী কণ কণ শিশু ।আনুষ্ঠানিক শিক্ষাত একাকীত্ব হোৱাৰ সমান্তৰাল ভাৱে এজাক নিৰ্বোধ শিশু এতিয়া ব্যস্ত অভিনয় শিক্ষাৰে শিক্ষিত হোৱাত ।

বিদ্যায়তনিক দিশৰ লগে লগে সহ বিদ্যায়তনিক শিক্ষা গ্ৰহনত উৎসাহী এইসকল শিশুৰ এনে উৎসাহ ধাউতিক উপজীৱ্য হিচাবে লৈ এক ব্যতিক্ৰমী সৃষ্টিশীল পদক্ষেপ গ্ৰহণ কৰিছে এখন বিদ্যালয় পৰিয়ালে । গুণগত শিক্ষাৰ লগতে সহ শিক্ষাৰ জ্ঞানেৰে ছাত্ৰ ছাত্ৰী সকলক উদ্ভাসিত কৰাৰ নিৰন্তৰ প্ৰয়াস কৰি অহা এই বিদ্যালয়খন হৈছে  ৭০২ নং কঠালগুৰি প্ৰাথমিক বিদ্যালয়  ।

ঢকুৱাখনা শিক্ষা খণ্ডৰ অন্তৰ্গত এইখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰাজদীপ বৰা আৰু সহকাৰী শিক্ষক ক্ৰমে পাপৰি গগৈ,পৰিস্মিতা দত্ত,সুৰজিত কোছ তথা বিদ্যালয় পৰিয়ালৰ যৌথ প্ৰচেষ্টাত গ্ৰহণ কৰা হৈছে এই আদৰ্শনীয় পদক্ষেপ । সাহিত্য, অভিনয় ,নৃত্য ,গীতত ব্যুৎপত্তি বিশিষ্ট পাৰদৰ্শী শিক্ষাৰ্থী সকলৰ স্বকীয় প্ৰতিভা বিকশিত কৰি এইসকল শিশুৰ অভিনয় কলাৰে এখন ভাওনা প্ৰদৰ্শন কৰাত ব্ৰতী হৈছে বিদ্যালয় পৰিয়াল। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ  অমূল্য সৃষ্টি ভাওনাৰ সৈতে নৱ প্ৰজন্মক পৰিচিত কৰা আৰু শংকৰী লোক কৃষ্টি সংস্কৃতিৰ সতে কণ কণ শিশু সকল একাত্ম হোৱাৰ সুবিধা প্ৰদানৰ লক্ষ্যৰে হাতত লোৱা হৈছে এই কাৰ্যসূচী ।

  শংকৰী  সংস্কৃতিৰ পাৰদৰ্শী পৰিচালক প্ৰশিক্ষকৰ জৰিয়তে বিদ্যালয় ছুটীৰ পাছত দৈনিক চলিছে শিশু সকলৰ ভাওনাৰ আখৰা । বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰাজদীপ বৰাই জনোৱা মতে অহা ৬ ফেব্ৰুৱাৰীত বিদ্যালয় প্ৰাঙ্গনত অনুষ্ঠিতব্য  ভাওনা ভাগীৰ নাম " বৰাহৰ পৃথিৱী উদ্ধাৰ"। বিদ্যালয়খনৰ মুঠ ২৫ গৰাকী শিক্ষাৰ্থীয়ে অভিনয় কৰিবলগীয়া ভাওনা ভাগিৰ অনুশীলনত ব্ৰতী কণ কণ শিক্ষাৰ্থী সকলৰ পৰিশীলিত  আখৰাই উপস্থিত ৰাইজৰ ইতিমধ্যেই দৃষ্টি কাঢ়িছে।

স্থানীয় ৰাইজৰ সহযোগত অনুষ্ঠিতব্য এই শিশু ভাওনা ভাগি সফল পৰিচালনাৰ বাবে ফটিক বৰাক সভাপতি, কুশল কোচক উপ সভাপতি ,দেৱজিৎ ফুকনক সম্পাদক আৰু সুৰজিত কোচক সহকাৰী সম্পাদক হিচাৱে লৈ এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। বিদ্যালয় প্ৰধান ৰাজদীপ বৰাই লোক সংস্কৃতিপ্ৰেমী ৰাইজ, অভিভাৱক সমাজ, প্ৰাক্তন বিদ্যাৰ্থী সকলৰ উপস্থিতিৰে শিশু বিদ্যাৰ্থী সকল এই প্ৰয়াসক অনুপ্ৰাণিত আৰু উৎসাহিত কৰাৰ বাবে সেৱা ধৰিছে।

অভিনয় শিক্ষা গ্ৰহনত ব্যস্ত ঢকুৱাখনাৰ এজাক বিদ্যাৰ্থী
ভাৰত-ম্যানমাৰ সীমান্তত বেৰ স্থাপন কৰা কেন্দ্ৰৰ সিদ্ধান্তক বাধা দিব নোৱাৰোঃ মিজোৰামৰ মুখ্যমন্ত্ৰী

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in