ঢকুৱাখনাৰ ৰাজপথত পৰিতক্ত অৱস্থাত নম্বৰ প্লেট বিহীন স্কুটি উদ্ধাৰ

ঢকুৱাখনাৰ ৰাজপথত পৰিতক্ত অৱস্থাত নম্বৰ প্লেট বিহীন স্কুটি উদ্ধাৰ

author-image
asomiyapratidin
New Update
ঢকুৱাখনাৰ ৰাজপথত পৰিতক্ত অৱস্থাত নম্বৰ প্লেট বিহীন স্কুটি উদ্ধাৰ

ডিজিটেল সংবাদ , ঢকুৱাখনা : এখন ক'লা বৰণৰ স্কুতি । নাই কোনো নম্বৰ প্লেট আৰু পঞ্জীয়ন নম্বৰ। ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মৰনৈ গাঁও পঞ্চায়তৰ কাৰ্যালয়ৰ পৰা কিছু নিলগৰ  কিলাকিলি দলঙৰ সমীপত শুকুৰবাৰে পৰিতক্ত অৱস্থাত উদ্ধাৰ হৈছে এইখন নাম্বাৰ প্লেটবিহীন স্কুটি ।

Advertisment

স্কুটিখন পুৱাই কিলাকিলি দলঙৰ পূৱ দিশৰ নির্জন অংশত  স্থানীয় লোকে এনেদৰে ৰখাই থোৱা প্ৰত্যক্ষ কৰে যদিও বাটৰুৱাই  ৰাখি থৈ যোৱা বুলি ভাবি গুৰুত্ব দিয়া নাছিল। কিন্তু পৰৱৰ্তী সময়ত  নিশা   হোৱাৰ পাছতো স্কুটিখনৰ  কোনো গৰাকী নোলোৱাত স্থানীয় ৰাইজে বালিজান গাঁৱৰ গাঁওৰক্ষী বাহিনীক অৱগত কৰে।

গাঁওৰক্ষী বাহিনীয়ে তৎপৰতাৰে গৈ সন্দেহজনক অৱস্থাত ৰখাই থোৱা পঞ্জীয়ন বিহীন স্কুতিখন নিজৰ জিম্মালৈ আনে আৰু ঘিলামৰা আৰক্ষী থানাক অৱগত কৰে।  ঘিলামৰা আৰক্ষীয়ে গৰাকী বিহীন স্কুতিখনৰ পৰিচয় উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে । ৰাইজে কোনো অজ্ঞাত ব্যক্তিয়ে চুৰি কৰি আনি নিৰ্জন ঠাইত এৰি উধাও হোৱাৰো আশংকা ব্যক্ত কৰিছে । আৰক্ষীৰ তদন্তৰ শেষত হে প্ৰকৃত তথ্য পোহৰলৈ আহিব।

আৰু পঢ়ক: কলিয়াবৰত পথ দুৰ্ঘটনাত নিহত বিদুৎ বিভাগৰ কৰ্মচাৰী

assam dhakuakhana