ডিজিটেল সংবাদ,ঢকুৱাখনা: শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ সংস্কাৰমুখী শিক্ষা বিভাগটোত ঢকুৱাখনা মহকুমাত কালিকা লাগিছে। মহকুমাটোৰ প্ৰাথমিক শিক্ষা বিভাগটোত এচাম স্বাৰ্থপৰ আৰু সুবিধাভোগীৰ অবাধ দপদপনি চলিছে। যাৰ পৰিণতিত এক অৰাজক পৰিস্থিতিৰ উদ্ভৱ হোৱাই নহয় শিক্ষাৰ্থী সকল ভীষণভাৱে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে।
শেহতীয়াভাৱে ঢকুৱাখনা শিক্ষা খণ্ডৰ ৫৪২ নং লাহিবাৰী প্ৰাথমিক বিদ্যালয়ত এনে চৰম অৰাজকতাই বিৰাজ কৰিছে । ঢকুৱাখনা শিক্ষা বিভাগে বদলি সূত্ৰে নিগনিসুঁতি কুম্বাং মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা কনক গগৈক এইখন বিদ্যালয়ত নিযুক্তি দি ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব ন্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত এইজন প্ৰধান শিক্ষকৰ বিৰুদ্ধে চৰকাৰী পুঁজি অপচয়ৰ প্ৰামানিক তথ্য পোহৰলৈ আহিছিল।
এই সন্দৰ্ভত ঢকুৱাখনা মহকুমা প্ৰশাসনে তদন্ত কৰি জিলা আয়ুক্তক প্ৰতিবেদন দাখিল কৰাৰ পাছত জিলা আয়ুক্তই ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক নিৰ্দেশ দিছিল এই চৰকাৰী পুঁজি লুণ্ঠনকাৰী প্ৰধান শিক্ষক আৰু ইয়াৰ সতে জড়িত চক্ৰটোৰ বিৰুদ্ধে আৰক্ষীক গোচৰ দিয়াৰ। জিলা আয়ুক্তৰ নিৰ্দেশৰ ভিত্তিত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুৎ দত্তই ঢকুৱাখনা সদৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৪০৯ ধাৰাত এক গোচৰ (নং-১৩২/২০২৩)ৰুজু কৰাৰ পাছৰ পৰাই এক অচলাৱস্থাই বিৰাজ কৰি আহিছে বিদ্যালয়খনত ।
যোৱা ২ নৱেম্বৰৰ পৰা বিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক গগৈ বিদ্যালয়লৈ নহা আৰু ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষকৰ দায়িত্ব একমাত্ৰ সহকাৰী শিক্ষয়িত্ৰী গৰাকীক প্ৰদান নকৰাৰ বাবে এক জটিল অৱস্থাই বিৰাজ কৰিছে বিদ্যালয়খনত । বিশেষকৈ বিদ্যাৰ্থী সকলক মধ্যাহ্ন ভোজন যোগান ধৰিব নোৱাৰা ,বিদ্যাৰ্থী সকলৰ উপস্থিতি শিক্ষা হেতু পৰ্টেলত দিব নোৱাৰা , বিদ্যালয়ৰ শৈক্ষিক সমস্যা দূৰীকৰণ কৰিব নোৱাৰা আদি বিভিন্ন সমস্যাই গা কৰি উঠিছে বিদ্যালয়খনত।
তাৰোপৰি ক মান শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ মুঠ ৬টা শ্ৰেণী এগৰাকী শিক্ষয়িত্ৰীয়ে চলাব লগীয়া হোৱা এক জটিল অৱস্থাই বিৰাজ কৰি আহিছে প্ৰায় এটা সপ্তাহৰো অধিককাল । উল্লেখ্য যে প্ৰধান শিক্ষক গগৈৰ বিৰুদ্ধে চৰকাৰী পুঁজি অপচয় আৰু জালিয়াতিৰ বাবে জামিন বিহীন ধাৰাত গোচৰ পঞ্জীয়নৰ পাছতে "ৰোগত আক্রান্ত হোৱাৰ" বিভাগীয় চুটি লৈ চিকিৎসাধীন (?) হোৱা অবিবেচকী প্ৰধান শিক্ষক গগৈয়ে সহকাৰী শিক্ষয়িত্ৰী গৰাকীক ভাৰপ্ৰাপ্ত দায়িত্ব অৰ্পণ কৰি নগ'ল । অতি লক্ষণীয়ভাৱে খণ্ড প্ৰাথমিক শিক্ষা গৰাকীয়েও এই ক্ষেত্ৰত কোনো নিৰ্দেশনা জাৰি নকৰিলে।
ফলত ৭টা দিন ধৰি এক অৰাজক অৱস্থাই বিৰাজ কৰিছে বিদ্যালয়খনত। মধ্যাহ্ন ভোজন কৰ্মী সকলো দৈনিক বিদ্যালয়লৈ আহি বিমুখ হৈ ঘৰলৈ উভতি যোৱা পৰিলক্ষিত হৈ আহিছে । তাৰোপৰি বিদ্যালয়খনৰ নতুন পৰিচালনা সমিতিখন শিক্ষা বিভাগৰ নিৰ্দেশ মতে যোৱা ১৪ অক্টোবৰত ৰাজহুৱা সভাই গঠন কৰি দিয়ে ।এইখন নবগঠিত পৰিচালনা সমিতি অনুমোদন নকৰি অৰ্থলোভী প্ৰধান শিক্ষক গগৈয়ে দীঘলীয়া ছুটী (?)ত যোৱাত অন্য এক সমস্যাৰ সূত্ৰপাত ঘটিছে।
অভিভাৱক আৰু ৰাইজৰ দাবী তৎকালে ৫৪২ নং লাহিবাৰী প্ৰাথমিক বিদ্যালয়ৰ স্থায়ী শিক্ষয়িত্ৰী মল্লিকা চুতীয়াক সংলগ্ন কৰি ৰখা বিদ্যালয়খনৰ পৰা অব্যাহতি দি পূৰ্বৰ কৰ্মথলি এজনীয়া শিক্ষকৰ লাহিবাৰী প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিয়ক । লগতে তেওঁক বিদ্যালয় সঠিক পৰিচালনাৰ বাবে ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব অৰ্পণ কৰক ।
অন্যথাই কণ কণ বিদ্যাৰ্থী সকলৰ ভৱিষ্যতকলৈ নির্লজ হেতালি খেলা অবিবেচকী অৰ্থলোভী প্ৰধান শিক্ষক কনক গগৈ আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া বিদ্যুৎ গগৈৰ বিৰুদ্ধে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰাৰো ইংগিত পোৱা গল । উল্লেখযোগ্য যে এইখন চৰকাৰী শিক্ষানুষ্ঠানক চূড়ান্ত অব্যৱস্থালৈ নিক্ষেপ কৰি খণ্ড প্ৰাথমিক শিক্ষা বিষয়া গগৈ আৰু খণ্ডটোৰ এচাম সুবিধাবাদী কৰ্মচাৰীৰ ৰং চোৱা নীতি দেখিও নিচ্ছুপ জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলা আয়ুক্ত ।