/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/dh-1.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: এখন শতবৰ্ষ গৰকা ,ঢকুৱাখনাৰ শৈক্ষিক ইতিহাস সমৃদ্ধ কৰা প্ৰাথমিক বিদ্যালয় । ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত মাতমৰাত অৱস্থিত এই বিদ্যালয়খন হ'ল ২৪২ নং মাতমৰা প্ৰাথমিক বিদ্যালয় ।
১৯২০ চনতে প্ৰতিষ্ঠা লাভ কৰা গৌৰৱোজ্জ্বল ইতিহাস সমৃদ্ধ বিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ প্ৰতি ৰাজ্য চৰকাৰে যথোচিত গুৰুত্ব প্ৰদান নকৰাৰ বিপৰীতে ঐতিহ্য মণ্ডিত শিক্ষানুষ্ঠানখনৰ সৰ্বাংগীন উন্নয়ন বিকাশৰ কল্পে আত্মনিয়োগ কৰিছে মিচিং জাতীয় সংগঠনে।
মিচিং সমাজৰ শৈক্ষিক উত্তৰণৰ লগতে শিক্ষাৰ মানদণ্ড উন্নীত কৰণৰ হেতু পৰ্যাপ্ত আন্তঃ গাঁথনি উপলব্ধ ৰাজ্য চৰকাৰে নকৰাৰ বিপৰীতে মিচিং জাতীয় সংগঠন টি এম পি কে ,এম এম কে আৰু টি এম এম কেই গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ।
মিচিং জাতীয় সংগঠন সমূহৰ উমৈহতীয়া সিদ্ধান্ত মৰ্মে ছাত্ৰ সংগঠন টি এম পি কেৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাজ কুমাৰ মৰাংয়ে শতবৰ্ষ অতিক্ৰমা এইখন বিদ্যালয়ক আদৰ্শ বিদ্যালয় ঘোষণা কৰিছিল । তাৰেই অংশ হিচাপে বৃহস্পতি বাৰে বিদ্যালয়খনৰ উন্মুক্ত চৌহদত স্থায়ী পকী বেৰা নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয় । মিচিং স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সুনীল দলেয়ে বৃহস্পতি বাৰে এই আধাৰশিলা স্থাপন কৰে ।
পৰিষদৰ শিক্ষা বিভাগৰ মুঠ ১০ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ'ব লগীয়া এই আঁচনি আধাৰশিলা অনুষ্ঠানৰ সমান্তৰাল ভাৱে বিদ্যালয়খনৰ মূল গৃহৰ লগতে সংলগ্ন কৰি পৰিষদৰ প্ৰায় ৮ লাখ টকা ব্যয়ৰে নিৰ্মান সম্পূৰ্ন কৰা অতিৰিক্ত শ্ৰেণী কোঠা এটাৰ উদ্বোধন কৰে পৰিষদৰ অধ্যক্ষ পেগুৱে ।
এই সন্দৰ্ভত আয়োজিত এক অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী সাধনা দলে , সহকাৰী শিক্ষয়িত্ৰী ভাগ্যশ্ৰী দাস,মিচিং জাতীয় সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ক্ৰমে ৰাজীৱ দলে, ক্ষীৰোদ পেগু , বৃগেন দলে , ৰোহিত দলে ,মোহন পেগু ,সমাজকৰ্মী উলেন পেগুকে ধৰি বহু সংখ্যক অভিভাৱক , সংগঠনৰ নেতা কৰ্মী উপস্থিত থাকে।
জিলা টি এম পি কেৰ ক্ৰীড়া সম্পাদক অমৰজিৎ দলেয়ে আঁত ধৰা অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ পেগুৱে আধাৰশিলা স্থাপন আৰু গৃহ উদ্ধোধন কৰি প্ৰদান কৰা ভাষণ প্ৰসঙ্গত সুস্থ শৈক্ষিক পৰিৱেশ সৃষ্টি কৰা , আঁচনিৰ নিৰ্মান কাম গুণগত কৰা আদিত বিদ্যালয় প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিয়ে চোকা দৃষ্টি ৰখাৰ আহ্বান জনায়। ইয়াৰ পাছতে অধ্যক্ষ পেগুৱে পৰিষদৰ ৫ লাখ টকা ব্যয়ৰে নিৰ্মান কৰা একৰিয়া গাঁও মুৰং অক্কুমৰ শুভ উদ্ধোধন কৰে ।
আৰু পঢ়ক: ফেনে ফুটুকাৰে বাঢ়িছে ব্ৰহ্মপুত্ৰ, ভাবুকি কঢ়িয়াইছে কলিয়াবৰৰ শিলঘাটলৈ…