ঢকুৱাখনা উন্নয়ন খণ্ডত ধোঁৱাচাঙত তথ্য জনাৰ অধিকাৰ আইন

ঢকুৱাখনা উন্নয়ন খণ্ডত ধোঁৱাচাঙত তথ্য জনাৰ অধিকাৰ আইন

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা উন্নয়ন খণ্ডত ধোঁৱাচাঙত তথ্য জনাৰ অধিকাৰ আইন

ডিজিটেল সংবাদ, ঢকুৱাখনা: সীমাহীন দুৰ্নীতি অনিয়মৰ ভুস্বৰ্গ ঢকুৱাখনা উন্নয়ন খণ্ডত এইবাৰ ভূলুণ্ঠিত তথ্য জনাৰ অধিকাৰ আইন । চৰকাৰী পুঁজি লুটিবলৈকে খুঁটি পুতি বহা এচাম অৰ্থলোভী বিষয়া কৰ্মচাৰীৰ কৰাল গ্ৰাসত নিমৰ্জিত এই উন্নয়ন খণ্ডটোত তথ্য জনাৰ আইনৰ নামত চলিছে এক গুৰুতৰ অপৰাধ ।

Advertisment

সংগৃহীত তথ্য মতে উন্নয়ন খণ্ডটোৰ অন্তৰ্গত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আঁচনিৰ ওপৰত এগৰাকী ব্যক্তিয়ে যোৱা ৫ আগষ্টত নিৰ্ধাৰিত বিষয়ৰ ওপৰত তথ্য বিচাৰি আবেদন কৰিছিল । উক্ত আবেদনৰ ভিত্তিত উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ তৰফৰ পৰা আবেদনকাৰী গৰাকীক সমূহ তথ্যৰ প্ৰতিলিপি প্ৰদানৰ বাবদ মুঠ ১হাজাৰ ৫৬০ টকা আদায় দিয়াৰ নিৰ্দেশ জাৰি কৰিছিল ।

সেই অনুসৰি আবেদনকাৰী ব্যক্তি গৰাকীয়ে বিভাগীয় কাৰ্য্যালয়ত যোৱা ৮ ছেপ্টেম্বৰত উপস্থিত হৈ বিভাগৰ নিৰ্দেশ মৰ্মে নগদ ১হাজাৰ ৫৬০টকা জমা দিয়ে দায়িত্ব প্ৰাপ্ত এজন কৰ্মচাৰীৰ হাতত। খণ্ডটোৰ কৰ্মচাৰী পাপুল বৰুৱাই উক্ত পুঁজি সংগ্ৰহ কৰে আবেদনকাৰী গৰাকীৰ পৰা । কিন্তু অতি তাৎপৰ্যপূৰ্ণ কথা হল উক্ত সংগৃহীত পুঁজিৰ বিপৰীতে কোনো বৈধ ধন প্ৰাপ্তিৰ ৰচিদ (মানি ৰিচিপ্ট) আদায় নিদিলে গ্ৰামোন্নয়ন কৰ্মচাৰী গৰাকীয়ে । 

এই সন্দৰ্ভত আবেদনকাৰী গৰাকীয়ে আপত্তি কৰি  চৰকাৰী ঘৰত জমাকৃত উক্ত পুঁজিৰ বিপৰীতে "প্ৰাপ্তি ৰচিদ" প্ৰদান কৰাটো বাধ্যতামূলক বুলি দাবী কৰি এনে ৰচিদ প্ৰদান নকৰা প্ৰক্ৰিয়া আইন বিৰুদ্ধ বুলি কৈ ৰচিদ বিচাৰে । পৰৱৰ্তী সময়ত কৰ্মচাৰী গৰাকীয়ে আবেদনকাৰী গৰাকীৰ আৰ টি আই আবেদনখনৰ প্ৰতিলিপিৰ তলতে উক্ত পুঁজি আদায় লোৱা বুলি লিখি দিয়ে যদিও তাত সংশ্লিষ্ট কৰ্তৃপক্ষ অথবা পি আৰ অ' কোনোৰে ছীল মোহৰ মৰা পৰিলক্ষিত নহল ।

এনে চূড়ান্ত দায়িত্বহীন ভাবে এখন গুৰুত্বপূৰ্ণ আইনৰ  চৰকাৰী মাচুল কোনো দায়িত্বশীল পক্ষৰ ছীল স্বাক্ষৰ নোহোৱাকৈ সংগ্ৰহ কৰাৰ আঁৰত এক অৰ্থলোভী চক্ৰ জড়িত থকাৰো আশংকা কৰিছে আবেদনকাৰী ব্যক্তি গৰাকীয়ে । এটা গুৰুত্বপূৰ্ণ কাৰ্য্যালয়ত আৰ টি আই শাখাত  চৰকাৰী ধন প্ৰাপ্তি ৰচিদ নথকা বুলি অজুহাত দেখুৱাই এনেদৰে আবেদনকাৰীৰ পৰা মাচুল সংগ্ৰহ কৰি এক অশুভ চক্ৰই সংগৃহীত পুঁজি কুক্ষীগত কৰাৰো সন্দেহ কৰা হৈছে ।

আবেদনকাৰীৰ উপৰ্যুপৰি হেঁচাত কৰ্মচাৰীজনে আবেদনকাৰী গৰাকীয়ে মোবাইলত থকা এটা উকা "মাচুল সংগ্ৰহৰ ৰচিদ"ৰ নমুনা প্ৰদৰ্শন কৰাত কৰ্মচাৰীজনে এনে এটা ধন প্ৰাপ্তি ৰচিদ প্ৰিন্ট কৰি আবেদনকাৰীক দিলে যদিও তাতো বিভাগ অথবা দ্বায়িত্বশীল বিভাগটোৰ ছীল মোহৰ মৰা পৰিলক্ষিত নহল । বাৰম্বাৰ আপত্তি কৰাৰ পাছতো ছীল মাৰিবলৈ অথবা বিধিগত ৰচিদ দিবলৈ অনিচ্ছুক হোৱাৰ পাছত উপায়ন্তৰ হৈ আবেদনকাৰীজন উকা ৰচিদলৈ উভতি আহে।

প্ৰণিধানযোগ্য যে বিচৰা তথ্য সম্পূৰ্ণ ভাবে লাভ নকৰিলে উৰ্ধতন পৰ্য্যায়ত গোচৰ তৰিবলৈ হলে এই উকা প্ৰাপ্তি ৰচিদৰ কোনো বৈধতা নাথাকিব । স্মৰ্তব্য যে বিচৰা তথ্য প্ৰদানৰ বিপৰীতে আবেদনকাৰীৰ পৰা মাচুল সংগ্ৰহ কৰাৰ পাছতো সোমবাৰ পৰ্যন্ত উক্ত তথ্য আদায় দিয়া নাই উন্নয়ন খণ্ড কৰ্তৃপক্ষই ।

এই ক্ষেত্ৰত খণ্ডটোৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তৰ অদক্ষ পৰিচালনা নীতি আৰু বেপৰোৱা দৃষ্টিভংগীয়ে জগৰীয়া বুলি বিবেচিত হৈছে । বিভাগীয় কাৰ্য্যালয়টোত চৰকাৰী সেৱা প্ৰদানৰ নামত ,আৰ টি আই আইনৰ নামত চূড়ান্ত হেতালি খেলি অহা বাস্তৱিক অনিয়মৰ অবৈধ খেলখন উপভোগ কৰি অহাৰ  পাছতো এইগৰাকী খণ্ড উন্নয়ন বিষয়াই গ্ৰহণ কৰিছে মুক বধিৰৰ ভূমিকাহে ।

Also Read: দেশজুৰি পালন কৰা হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন...