ভয়ংকৰ পথ দুৰ্ঘটনা, বাইকত খুন্দা মাৰি ২০ ফুট তলত পৰিল মাৰুতি

ভয়ংকৰ পথ দুৰ্ঘটনা, বাইকত খুন্দা মাৰি ২০ ফুট তলত পৰিল মাৰুতি

author-image
asomiyapratidin
New Update
ভয়ংকৰ পথ দুৰ্ঘটনা, বাইকত খুন্দা মাৰি ২০ ফুট তলত পৰিল  মাৰুতি

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত  ঢকুৱাখনা-মাজুলী দ্বৈত পথৰ দূলিয়া গাঁও অংশত সোমবাৰে বিয়লি সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত এজন লোকৰ অকাল মৃত্যু ঘটে । ঘটনাৰ বিবৰণি মতে সোমবাৰে বিয়লি ঢকুৱাখনা নগৰৰ পৰা মাজুলী দিশে গৈ আছিল এ এছ ২৯ – ২০৬৩ নম্বৰৰ এখন বাইকত বিজু কুমাৰ দেউৰী । 

Advertisment

একে দিশৰ পৰা এ এছ ০১-এফ বি -৫১৬২ নম্বৰৰ  এখন মাৰুতি চুইফট গাড়ীও তীব্ৰ গতিত গৈ আছিল । দুয়োখন বাহন একে  সঠিক দিশে গৈ থকা অৱস্থাত এগৰাকী  মহিলাই দূলিয়া গাঁওৰ সমীপত ৰাজপথ অতিক্ৰমাৰ সময়তে চুইফটখনে বাইকখনত খুন্দিয়াই বহুদূৰ চোঁচৰাই নি পথৰ  তললৈ পেলাই দিয়ে ।

গাড়ীখনৰ গতিৰ তীব্ৰতা ইমান বেছি আছিল যে পথৰ দাঁতিৰ গাৰ্ড ৱাল ভাঙি এটা বিদ্যুতৰ খুঁটা ভাঙি গাড়ীখন প্ৰায় ২০ ফুট তললৈ পৰি যায় । গাড়ীখনত থকা  ঢকুৱাখনা জালভাৰী গাঁওৰ  দুজন ব্যক্তি সামান্য ভাবে আহত হয় যদিও বাইক আৰোহী ঢকুৱাখনা বালি দেউৰী গাঁওৰ বিজু কুমাৰ দেউৰী গুৰুতৰ ভাবে আহত  হয়।

ঢকুৱাখনা সদৰ থানাৰ আৰক্ষী গৈ আহত সকলক চিকিৎসাৰ ব্যৱস্থা কৰে আৰু  গুৰুতৰ ভাবে আহত দেউৰীক জৰুৰী উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে । কিন্তু কিছু দূৰ যোৱাৰ পাছতে আহত দেউৰীয়ে শেষ নিশ্বাস ত্যাগ কৰে । আৰক্ষীয়ে দুয়োখন ভাঙি চূৰ্ণ হোৱা বাহন  উদ্ধাৰ কৰি থানালৈ আনে।

এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে । মৃত বাইক চালক গৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে।  অসচেতন মহিলা গৰাকীৰ পথ অতিক্ৰম কৰা আৰু অনিয়ন্ত্ৰিত আৰু তীব্ৰ গতিৰে গাড়ী চলোৱাৰ বাবে এই মৰ্মান্তিক পথ দুৰ্ঘটনা সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিলে।

আৰু পঢ়ক: 'নাৰী' আৰু 'অসহায়'য়ে লাভ কৰিলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান…

assam dhakuakhana dead