/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/ac.png)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনাৰ পৰা ঘিলামৰাহৈ গোগামুখ সংযোগী ৰাজ্যিক ঘাইপথত বুধবাৰে দুপৰীয়া সংঘটিত এটা পথ দুৰ্ঘটনাত এজন ব্যক্তিৰ মৰ্মান্তিক মৃত্যু ঘটে। জানিব পৰা মতে বুধবাৰে দুপৰীয়া "এয়াৰটেল" কোম্পানীৰ চেলছ কৰ্মচাৰী ধেমাজি জিলাৰ মাছখোৱা মাজগাঁওৰ নৱজ্যোতি কোচে এ এছ ২২ ই ৯৩২৭ নম্বৰৰ এখন স্কুতি লৈ ব্যৱসায়িক কামত পথেৰে গৈ আছিল।
তেনে সময়তে উক্ত পথেৰে যাত্ৰীবাহী বাছত যাত্ৰী উঠি থকা অৱস্থাত স্কুটি চালক নৱজ্যোতি কোচে বাছখন অতিক্ৰম কৰিবলৈ লওঁতেই বিপৰীত দিশৰ পৰা তীব্ৰ গতিত অহা এ এছ ৩২ ৯৬৬৫ নম্বৰৰ আই টুৱেন্টি গাড়ীখনে স্কুটি চালক জনক প্ৰচণ্ড খুন্দা মাৰে য
গুৰুতৰ ভাবে আহত নৱজ্যোতি কোঁচক ঘিলামৰা সামূহিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰি লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ নিয়া হৈছিল যদিও পথতে যুৱকজনৰ মৃত্যু ঘটে। ইপিনে অনিয়ন্ত্ৰিত গতিত অহা আই টুৱেন্টি বাহনখনৰ চালক ঘিলামৰা বৰদৈ চুতীয়াকাৰী গাঁওৰ লক্ষীনন্দন চুতীয়া সামান্য ভাবে আহত হয়। এই সন্দৰ্ভত ঘিলামৰা থানাত এক গোচৰ পঞ্জীভূত কৰা হৈছে ।
আৰক্ষীয়ে নৱজ্যোতি কোঁচৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰলৈ প্ৰেৰণ কৰিছে । এগৰাকী মিষ্টভাষী ,বিনয়ী যুৱক হিচাপে পৰিচিত নৱজ্যোতি কোঁচৰ মৰ্মান্তিক বিয়োগৰ খবৰে ঘিলামৰা ,মাছখোৱাত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে।
আৰু পঢ়ক: বিবাহ অভ্যৰ্থনাৰ আহাৰ গ্রহণৰ পাছতেই অসুস্থ শতাধিক লোক…
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us