/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/mmmmmm.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : এগৰাকী সহকাৰী শিক্ষকৰ বদলিকৰণক কেন্দ্ৰ কৰি শুকুৰবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনাত । মহকুমাটোৰ ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত ৬৪১ নং বৰবাৰী জনজাতি প্ৰাথমিক বিদ্যালয়ৰ টেট শিক্ষক বিশ্বজিৎ পেগুৰ বদলিকৰণক কেন্দ্ৰ কৰি সূত্ৰপাত হয় শিক্ষাৰ্থীৰ শ্ৰেণী বর্জনেৰে ব্যাপক প্ৰতিবাদ ।
গৰিষ্ঠ সংখ্যক অভিভাৱক ৰাইজেও স্বতঃ স্ফূৰ্ত ভাৱে অংশ গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচীত। অভিভাৱক ৰাইজৰ লগতে শিক্ষাৰ্থী সকলৰ অভিযোগ বিদ্যালয়খনৰ পৰা প্ৰাথমিক শিক্ষা বিভাগৰ "এডজাষ্টমেণ্ট" নীতিৰ আধাৰত বিশ্বজিত পেগু নামৰ এগৰাকী শিক্ষকক বদলি কৰি শিক্ষাৰ্থী সকলৰ প্ৰতি চৰম অবিচাৰ কৰা হৈছে ।
মুঠ ৬ টা শ্ৰেণী যুক্ত শতাধিক শিক্ষাৰ্থী উপলব্ধ হোৱা এইখন প্ৰাথমিক বিদ্যালয়ৰ পৰা ইতিপূৰ্বে এগৰাকী সহকাৰী শিক্ষকক "এডজাষ্টমেণ্ট" নীতিৰ আধাৰত বদলি কৰি নিয়াৰ পাছত পুনৰ এইগৰাকী শিক্ষকক বদলি কৰিছে শিক্ষা বিভাগে । যাৰ পৰিণতিত মাত্ৰ ৪গৰাকী শিক্ষকৰ জৰিয়তে ৬ টাকৈ শ্ৰেণীত নিয়মীয়া পাঠদান অসম্ভবেই নহয় অসাধ্যও ।
বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ চৰকাৰী বিদ্যালয়খনৰ প্ৰতি শিক্ষা বিভাগৰ এনে অবিচাৰত ক্ষুব্ধ আৰু অতিষ্ঠ কণ কণ শিক্ষাৰ্থী আৰু অভিভাবকে সেয়ে পঞ্জীভূত ক্ষোভ উজাৰি শুক্ৰবাৰে পুৱা ৯ বজাৰ পৰাই সাব্যস্ত কৰে গণতান্ত্ৰিক প্ৰতিবাদ। সমূহ শিক্ষাৰ্থী শ্ৰেণী বর্জনেৰে শ্ৰেণী কোঠাৰ বাহিৰলৈ ওলাই আহি আমাক আমাৰ শিক্ষকক ঘূৰাই দিয়ক , বিশ্বজিত পেগুৰ বদলি বাতিল কৰক , শ্ৰেণী আৰু বিষয় অনুপাতে শিক্ষক নিযুক্তি দিয়ক , শিক্ষাৰ্থী সকলৰ প্ৰতি অবিচাৰ নকৰিব ,কণ কণ ছাত্ৰ ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা বন্ধ কৰক আদি শ্লোগান দি অভিভাৱক ৰাইজৰ সহযোগত বিদ্যালয় চৌহদ উত্তাল কৰি তোলে ।
উপস্থিত অভিভাৱক, ৰাইজ আৰু মাতৃ গোটে শিক্ষক বিশ্বজিৎ পেগুৰ বদলিকৰণ নিৰ্দেশ স্থগিত ৰখাৰ অবিহনে অভিভাৱক সকলে বিদ্যালয়খনত অনিৰ্দিষ্ট কাললৈ তলা লগাই বন্ধ কৰি ৰাখিব বুলিও সকীয়াই দয়ে। ইতিমধ্যে জিলা প্ৰাথমিক শিক্ষা বিষয়া ,খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সকলোকে এই সন্দৰ্ভত বাৰম্বাৰ জনোৱা স্বত্তেও কোনো পক্ষই স্পৰ্শকাতৰ বিষয়টোৰ প্ৰতি গুৰুত্ব নিদিযাৰ বাবে অনিচ্ছা স্বত্তেও ধাৰাবাহিক প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলি সকলোৱে সকীয়াই দিয়ে ।
ভুক্তভোগী অভিভাৱক আৰু ৰাইজে এইক্ষেত্ৰত জিলা উপায়ুক্ত গৰাকীৰ তাৎক্ষণিক হস্তক্ষেপ কামনা কৰি শিক্ষাৰ অধিকাৰ খৰ্বকাৰী নীতি বন্ধ কৰি বদলি কৃত শিক্ষক সকলক পুনৰ বিদ্যালয়লৈ উভতাই পঠোৱাৰ দাবী জনায়। উল্লেখ্য যে এডজাষ্টমেণ্ট নীতি অনুসৰি দুগৰাকী শিক্ষক বিদ্যালয়খনৰ পৰা বদলি কৰি শিক্ষা বিভাগে অন্য বিদ্যালয়ত নিযুক্তি দিছে যদিও দুয়োগৰাকী শিক্ষকে এইখন বিদ্যালয়ৰ পৰাই মাহিলি বেতন ভোগ কৰি থাকিব। এই কথাত ভীষণ ভাবে অসন্তুষ্ট অঞ্চলবাসী ।