ঢকুৱাখনা-ঘিলামৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

ঢকুৱাখনা-ঘিলামৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ। বিভিন্ন দাবী সাৱ্যস্ত কৰি প্ৰতিবাদ।

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনা-ঘিলামৰাত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতিবাদ

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  ঢকুৱাখনা মহকুমাৰ অন্তৰ্গত ঢকুৱাখনা আৰু বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত  ডেৰ সহস্ৰাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতি চৰম অৱজ্ঞা আৰু প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে । মহকুমাটোৰ দুয়োটা শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰতিখন প্ৰাথমিক আৰু মজলীয়া  শিক্ষানুষ্ঠানৰ  শিক্ষাৰ্থী সকলক পুষ্টিকৰ আৰু সুস্বাদু আহাৰ ৰন্ধাৰ পৰা খুৱাই , চাফা চিকুণ কৰা পৰ্যন্ত  সকলো  দায়িত্ব সততা আৰু নিষ্ঠাৰে পালন কৰি আহিছে।

Advertisment

কিন্তু মধ্যাহ্ন ভোজন কৰ্মচাৰী সকলক ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগে প্ৰাপ্য নূন্যতম মাহিলি মাননী  কেইটাও নিয়মীয়াকৈ আদায় নিদি দুয়োটা শিক্ষা খণ্ডৰ ডেৰ সহস্ৰাধিক খাটি খোৱা কৰ্মচাৰীৰ মূৰত প্ৰচণ্ড মাধমাৰ সোধাই আহিছে মাহ মাহ ধৰি।

সততে সফলতা আৰু উন্নয়নৰ শ্লোগান দি অহা এইখন চৰকাৰৰ এনে ফোঁপোলা স্বৰূপ উদঙাই শুকুৰবাৰে মহকুমাটোৰ ঢকুৱাখনা আৰু ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডত উত্তাল প্ৰতিবাদ সাব্যস্ত হয় ।  সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ ঢকুৱাখনা আৰু বৰদলনি ব্লক সমিতিৰ উদ্যোগত আজি  পুৱা ৯-৩০ বজাৰ পৰা তিনি ঘন্টা জোৰা গণতান্ত্ৰিক প্ৰতিবাদ  সাব্যস্ত কৰা হয় ।

ঢকুৱাখনা ব্লক সমিতিৰ উদ্যোগত ঢকুৱাখনা খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্য্যালয়ৰ সন্মুখত ব্লক সভানেত্ৰী দেবযানী হাজৰিকা , সম্পাদিকা দীপালি বৰাৰ নেতৃত্বত  শতাধিক  মধ্যাহ্ন ভোজন কৰ্মচাৰীয়ে হাতে হাতে প্লে'কাৰ্ড লৈ ৰন্ধন কৰ্মচাৰীক মাননিৰ সলনি দৰমহা দিয়ক , ৰন্ধন কৰ্মচাৰীক বকেয়া মাননি শীঘ্ৰে আদায় দিয়ক ,  ৰন্ধন কৰ্মচাৰী সকলক প্ৰাপ্য আদায় দিয়ক , ৰন্ধন কৰ্মচাৰীক বেতন দিয়াৰ ব্যৱস্থা কৰক আদি দাবী উত্থাপন কৰি তিনি ঘণ্টা জোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে ।

সভানেত্ৰী হাজৰিকা আৰু সম্পাদিকা বৰাই ২০২২ চনৰ জানুৱাৰী মাহৰ পৰা চলিত ছেপ্টেম্বৰ মাহ পৰ্যন্ত নিষ্ঠাৰে কৰ্তব্য সম্পন্ন কৰি অহা স্বত্ত্বেও ব্লক সমিতিৰ ডেৰ সহস্ৰাধিক ৰন্ধন কৰ্মচাৰীক প্ৰাপ্য মাননী আদায় নিদিয়া কাৰ্যৰ তীব্ৰ ককৰ্থনা কৰি  চলিত মাহৰ ভিতৰত সমস্ত বকেয়া মাননী আদায় দিয়াৰ দাবী জনাই প্ৰতি মাহৰ প্ৰথম সপ্তাহৰ ভিতৰত মাননী আদায় দিবলৈ দাবী জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ।

তেনেদৰে ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত ডেৰ শতাধিক মধ্যাহ্ন ভোজন কৰ্মচাৰীয়েও প্ৰাপ্য বিচৰা গণতান্ত্ৰিক আন্দোলনত নামে । বৰদলনি শিক্ষা খণ্ডৰ কাৰ্য্যালয় প্ৰাংগণত পুৱা ৯.৩০ বজাৰ পৰা লখিমপুৰ জিলা সমিতিৰ সম্পাদিকা মায়াৱতী পায়েং, সভানেত্ৰী জয়া ফুকন ,সম্পাদিকা চম্পা সোণোৱালৰ নেতৃত্বত ভূক্তভোগী কৰ্মচাৰী সকলে প্ৰাপ্য বকেয়া ছেপ্টেম্বৰ মাহৰ ভিতৰতে আদায় দিয়া , কৰ্মচাৰী সকলক  মাননীৰ পৰিবৰ্তে বেতন দিয়া আদি দাবী উত্থাপন কৰি তিনি ঘণ্টা জোৰা প্ৰতিবাদ সাব্যস্ত কৰে । 

২০০৫ চনৰ পৰাই নিৰবিছিন্ন ভাৱে প্রতিটো কৰ্ম দিনত নিষ্ঠাবান সেৱা আগবঢ়াই অহা ঢকুৱাখনা ব্লকৰ ১ হাজাৰ ২০০ আৰু বৰদলনি ব্লকৰ ৬৪০ গৰাকী মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ প্ৰতি গেৰুৱা চৰকাৰৰ মুখ্যমন্ত্ৰী ,শিক্ষা মন্ত্ৰীয়ে প্রদর্শন কৰি অহা অবিবেচকী ভূমিকা আৰু উদাসীন দৃষ্টিভংগীৰ বাবেই দৰিদ্ৰ কৰ্মচাৰী সকলৰ দুখ দুৰ্দশাৰ সীমা চৰিছে বুলি ক্ষুব্ধ কৰ্মচাৰী সকলে জানিবলৈ দি যি চৰকাৰে স্বয়ম আঁচনি , অৰুণোদয় আঁচনি  আদি বিভিন্ন আঁচনি সৃষ্টি কৰি আৰ্থিক সাহায্য দিব পাৰে সেইখন চৰকাৰে নিৰন্তৰ ভাবে পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ সেৱা আগবঢ়াই অহা খাটি খোৱা  কৰ্মচাৰী সকলক ন্যূনতম মাহিলি মাননী  কেইটাও নিয়মীয়াকৈ আদায় দিব  নোৱাৰা বিষয়টো চিন্তনীয়  হিচাবে পৰিগণিত হৈছে। 

ভুক্তভোগী কৰ্মচাৰী সকলে চৰকাৰে মাত্ৰ ১হাজাৰ ৫০০  টকাকৈ আগবঢ়োৱা মাহিলি মাননীৰ ২০২২ চনৰ ছেপ্টেম্বৰ মাহলৈ মাত্ৰ এবাৰ ২ হাজাৰ টকাহে আদায় দি দায়িত্ব সামৰিছে বুলি কৈ এয়া চৰকাৰী ৰন্ধন কৰ্মচাৰী সকলৰ প্ৰতি চৰম প্ৰবঞ্চনা ,প্ৰতাৰণা আৰু অপৰাধ মূলক অমানৱীয় আচৰণ বুলি আখ্যা দি তৎকালে প্ৰাপ্য আদায়ৰ দাবীত  দুয়োগৰাকী শিক্ষা বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে ।

assam protest