ঢকুৱাখনাত ৫ ৰাজনৈতিক দলৰ ঐক্যবদ্ধ প্ৰতিবাদ...

অতিৰিক্ত পৌৰকৰৰ বোজা মানি নোলোৱাৰ হুংকাৰ
ঢকুৱাখনাত ৫ ৰাজনৈতিক দলৰ ঐক্যবদ্ধ প্ৰতিবাদ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: বৰ্ধিত পৌৰকৰৰ বোজা গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদান কৰি মঙ্গলবাৰে ঢকুৱাখনাত ঐক্যবদ্ধ প্ৰতিবাদ সাব্যস্ত কৰা হয়। ঢকুৱাখনা পৌৰসভাই নাগৰিকৰ ওপৰত অহা ১ এপ্ৰিলৰ পৰা আৰোপ কৰিব বিচৰা ২৫ শতাংশ পৌৰকৰৰ বিৰোধিতা কৰি ঢকুৱাখনাৰ ৫ টা ৰাজনৈতিক দলে একত্ৰিত হৈ সাব্যস্ত কৰে এই প্ৰতিবাদ।

ঢকুৱাখনা ব্লক কংগ্ৰেছ সমিতি, চি পি আই (এম), ৰাইজৰ দল, অসম জাতিয় পৰিষদ, চি পি আই আদি দলৰ যৌথ উদ্যোগত ঢকুৱাখনা নগৰৰ গান্ধী ময়দানত প্ৰতিবাদী আন্দোলন কাৰ্যসূচী অনুষ্ঠিত কৰে। ৰাজনৈতিক দল কেইটাৰ ৩ শতাধিক কৰ্মকৰ্তাৰ অংশ গ্ৰহনেৰে সাব্যস্ত কৰা প্ৰতিবাদী কাৰ্যসূচীৰ সভাৰ আঁত ধৰে ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াই।

মঙ্গলবাৰে দুপৰীয়া ১১ বজাত আৰম্ভ হয় প্ৰতিবাদী কাৰ্যসূচী। গণ প্ৰতিবাদত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক পদ্মলোচন দলে, লখিমপুৰ জিলা কংগ্ৰেছ সমিতিৰ সভাপতি গগণ চন্দ্ৰ বৰা, ঢকুৱাখনা ব্লক কংগ্ৰেছৰ নেতা ৰাকেশ পেগু, চি পি আই (এম) দলৰ ৰাজ্যিক সমিতিৰ কাৰ্যকৰী সদস্য গোপাল গগৈ, লখিমপুৰ জিলা সমিতিৰ সম্পাদক অমিয় কুমাৰ সন্দিকৈ, ৰাইজৰ দলৰ ৰাজ্যিক সমিতিৰ নেতা পদ্ম কান্ত দলে আদিয়ে ২৫ শতাংশ পৰ্যন্ত পৌৰকৰ বৃদ্ধি কৰি নাগৰিক, ব্যৱসায়ী, পদ পথৰ ব্যৱসায়ী, গৃহস্থ, সকলোৰে ওপৰত মাধমাৰ সোধাবলৈ গ্ৰহণ কৰা অবিবেচকী পদক্ষেপৰ সমালোচনা কৰি এনে কৰৰ বোজা বহন নকৰাৰ ঐক্যবদ্ধ মত পোষণ কৰে।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সদস্য মুকুল গগৈ, প্ৰদেশ কংগ্ৰেছৰ অ বি চি বিভাগৰ প্ৰশাসনিক সম্পাদক সুভাষ দিহিঙীয়া, লখিমপুৰ জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী প্ৰভাতী ভদৰাই, জিলা কংগ্ৰেছৰ উপসভাপতি কেশেন চেতিয়া, গুণ গগৈ, বাহাৰুল  ইছলাম আদি উপস্থিত থকা সভাত নতুনকৈ গঠন হোৱা ঢকুৱাখনা পৌৰসভাখনৰ কাৰ্যকালত পৌৰ এলেকাৰ সকলো বাট পথ  জৰাজীৰ্ণ হোৱাৰ সমান্তৰাল ভাৱে পদপথৰ মৰণফাণ্ড সদৃশ অৱস্থা, নলা নৰ্দমাৰ সমস্যা, ষ্ট্ৰীট লাইটৰ অভাৱকে ধৰি সীমাহীন অভাৱ সমস্যাৰ সমাধান নকৰাকৈ নূন্যতম সেৱাকনো পৌৰবাসীৰ প্ৰতি প্ৰদান নকৰি কেৱল অত্যাধিক কৰ-কাতল সংগ্ৰহৰ বাবে মত্ত হোৱা পৌৰসভাখনৰ এনে দায়িত্বহীন পদক্ষেপৰ ৰাজহুৱা ককৰ্থনা কৰি প্ৰতিবাদ কৰে। 

প্ৰতিবাদী সভাত সাংসদ ৰাহুল গান্ধীৰ সাংসদ পদ গণতান্ত্ৰিক ক্ষমতাৰ অপব্যৱহাৰ কৰি খাৰিজ কৰা গণতান্ত্ৰিক প্ৰমূল্যবোধক গেৰুৱা দলটোৱে পদপিষ্ট কৰা, মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱা বিজেপি চৰকাৰৰ অকমন্যতা প্রদর্শন কৰা, "ছেবা"ৰ প্ৰশ্ন কাকত ফাদিল আদি বহু স্পৰ্শকাতৰ বিষয়ৰ সন্দৰ্ভত বিভিন্ন বক্তাই বক্তব্য আগবঢ়াই।

প্ৰতিবাদত অতিৰিক্ত পৌৰকৰ বাতিল কৰক, বৰ্ধিত পৌৰ কৰৰ বোজা মানি লোৱা নহ'ব, বিজেপিৰ একনায়কত্ববাদী শাসন বন্ধ কৰক, অসম চৰকাৰ হায় হায় , নৰেন্দ্ৰ মোদী নিপাত যাওক, ৰাহুল গান্ধী জিন্দাবাদ ,বিৰোধী ঐক্য জিন্দাবাদ আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদথলীৰ পৰা পৌৰসভাৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল কৰি অগ্ৰসৰ হয়। হাতে হাতে দাবী সম্বলিত প্লে'কাৰ্ডলৈ উত্তাল পৰিবেশৰ সৃষ্টি কৰি আগুৱাই যোৱা প্ৰতিবাদকাৰী সকল পৌৰ সভাৰ কাৰ্য্যালয়ত উপস্থিত হৈ বহু সময় ধৰি বিক্ষোভ প্রদর্শন কৰি প্ৰতিবাদী কাৰ্যসূচী সামৰণি মাৰে ।

ঢকুৱাখনাত ৫ ৰাজনৈতিক দলৰ ঐক্যবদ্ধ প্ৰতিবাদ...
২০০০ কোটি টকা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী! আদালতৰ চমন জাৰি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in