ঢকুৱাখনাত চুতীয়া যুৱ সন্মিলনৰ উত্তাল প্ৰতিবাদ...

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলিল ঢকুৱাখনাত

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত চুতীয়া যুৱ সন্মিলনৰ উত্তাল প্ৰতিবাদ...

hakuakhana protest

ডিজিটেল সংবাদ, ঢকুৱাখনা :  অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিয়া বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতাৰণা আৰু প্ৰৱঞ্চনাৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলিল ঢকুৱাখনাত।

Advertisment

অসমৰ ছয় জনগোষ্ঠীৰ প্ৰতি গেৰুৱা দলৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চৰম প্ৰতাৰণাৰ পঞ্জীভূত ক্ষোভ উজাৰি সোচ্চাৰ হৈ উঠিছে অন্যতম ভূমিপুত্ৰ জনজাতি চুতীয়া সকল । তাৰেই অংশ  হিচাবে বৃহস্পতিবাৰে ঢকুৱাখনা নগৰৰ মাজমজিয়াত চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ স্বীকৃতিৰ পৰা  বঞ্চিত কৰা  চৰকাৰৰ বিৰুদ্ধে  ঢকুৱাখনাত চুতীয়া যুৱ সন্মিলনে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি নৃপেন খনিকৰ, সাধাৰণ সম্পাদক কৌস্তভ কিশোৰ চুতীয়াৰ নেতৃত্বত ঢকুৱাখনা চুতীয়া যুৱ সন্মিলনৰ বিষয়ববীয়া সকলৰ সহযোগত বৃহস্পতিবাৰে সতী সাধনী ভৱনৰ সন্মুখৰ ঢকুৱাখনা ঘূণাসুঁতি লোকনিৰ্মান বিভাগৰ পথৰ ওপৰত সমবেত হৈ কেন্দ্ৰীয় চৰকাৰৰ জনজাতি কৰণৰ নামত কৰা ভূমিপুত্ৰৰ প্ৰতি কৰা বঞ্চনাৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ,, গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু  মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

জনজাতি কৰণৰ নামত প্ৰতাৰণা বন্ধ কৰক, জনগোষ্ঠীৰ মৰ্যদা আমাৰ প্ৰাপ্য, প্ৰধান মন্ত্ৰী, গৃহ মন্ত্ৰী, মুখ্যমন্ত্ৰী মুর্দাবাদ, বিজেপি চৰকাৰ হায় হায়, চুতীয়া সকলক শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰক আদি শ্লোগান দি ৰাজপথ উত্তাল কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক এনে জাতিদ্রোহী পদক্ষেপৰ যোগ্য প্ৰত্যুত্তৰ যথা সময়ত  প্ৰদান কৰা হ'ব বুলি সকীয়াই দি চুতীয়া যুৱ সন্মিলনে তৎকালে অসমৰ ছয় জনগোষ্ঠীক এই প্ৰাপ্য মৰ্যদা প্ৰদান কৰাৰ  অন্তিম সকীয়নী প্ৰদান কৰে ।

assam dhakuakhana