বিদ্যালয় একত্রিতকৰণৰ নামত শিক্ষাৰ্থীৰ ভৱিষ্যতকলৈ নেখেলিব: প্ৰতিবাদত নামিল শিক্ষাৰ্থী

বিদ্যালয় একত্রিতকৰণৰ নামত শিক্ষাৰ্থীৰ ভৱিষ্যতকলৈ নেখেলিব: প্ৰতিবাদত নামিল শিক্ষাৰ্থী

author-image
asomiyapratidin
New Update
বিদ্যালয় একত্রিতকৰণৰ নামত শিক্ষাৰ্থীৰ ভৱিষ্যতকলৈ নেখেলিব:  প্ৰতিবাদত নামিল শিক্ষাৰ্থী

ডিজিটেল সংবাদ ,ঢকুৱাখনা : শিক্ষাৰ অধিকাৰ আইন প্ৰৱৰ্তনৰ জৰিয়তে  ৰাজ্যখনৰ শিক্ষা খণ্ডৰ আমূল পৰিৱৰ্তন সাধিব বিচৰা ৰাজ্য চৰকাৰৰ স্ববিৰোধী ভূমিকাৰ বাবে শিক্ষা গ্ৰহণ বাদ দি গণতান্ত্ৰিক প্ৰতিবাদত নামিব লগীয়া হৈছে অভিভাৱক,শিক্ষাৰ্থী সমাজ। প্ৰধানকৈ শিক্ষা বিভাগৰ বিদ্যালয় একত্ৰিতকৰণ নীতিৰ নামত এই আইন পদপিষ্ট কৰি শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ নিৰ্লজ হেতালি খেলা শিক্ষা বিভাগৰ এনে ক্ষয়ঙ্কৰী পদক্ষেপৰ বিৰুদ্ধে এইবাৰ সোচ্চাৰ হৈ উঠিছে ঘিলামৰাৰ মধ্য চামপৰা উচ্চ মাধ্যমিক বিদ্যালয় পৰিয়াল।

Advertisment

১৯৮৭ চনতে বৃহত্তৰ দক্ষিণ ঘিলামৰা অঞ্চলৰ চামপৰা নদী পৰিয়া শিক্ষাৰ্থী সকলৰ উচ্চ শিক্ষা গ্ৰহণত সহায়ক হোৱাকৈ প্ৰতিষ্ঠা কৰা হৈছিল এইখন শিক্ষানুষ্ঠান। বাংকেলেং অঞ্চলত অৱস্থিত এইখন চৰকাৰী উচ্চ শিক্ষানুষ্ঠানে  বিগত সময়ত গুণগত শিক্ষাৰ গৰিমা বিলাই অহাৰ সময়তে শিক্ষা বিভাগে বিদ্যালয়খন প্ৰায় ৬-৭ কিলোমিটাৰ দূৰৰ ঘিলামৰাৰ এখন বিদ্যালয়ৰ সৈতে সংলগ্ন কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

প্ৰায় ৫ কিলোমিটাৰ ব্যাসাৰ্ধ এলেকা হাইস্কুল শূণ্য কৰি পৰ্যপ্ত শিক্ষাৰ্থী বিশিষ্ট বিদ্যালয়খন  বহু দূৰৰ বেলেগ বিদ্যালয়ৰ সৈতে একত্ৰিতকৰণ কৰা  হঠকাৰী চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে বিদ্যালয় পৰিয়াল। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এই অবিবেচকী সিদ্ধান্তৰ বিৰুদ্ধে বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি , অঞ্চলবাসী ৰাইজ ,অভিভাৱক ,ছাত্ৰ একতা সভা , ছাত্ৰ ছাত্ৰী সকলোৱে শিক্ষা মন্ত্ৰী , উচ্চ শিক্ষা সঞ্চালককে প্ৰমুখ্য কৰি বহুবাৰ আবেদন জনাই এনে অদূৰদৰ্শী সিদ্ধান্ত বাতিলৰ দাবী জনাই আহিছিল ।

কিন্তু তালৈ ভ্ৰূক্ষেপ নকৰা শিক্ষা বিভাগৰ মইমতালিপূৰ্ণ সিদ্ধান্তৰ বিৰুদ্ধে অৱশেষত শ্ৰেণী কোঠা, পাঠ গ্ৰহণ ত্যাগ কৰি গণতান্ত্ৰিক প্ৰতিবাদত নামিল শিক্ষাৰ্থী সমাজ । মঙ্গলবাৰে বিদ্যালয়লৈ অহা শিক্ষাৰ্থী সকলে একত্ৰিত হৈ শ্ৰেণী বৰ্জন কৰি সমবেত হয় বিদ্যালয় প্ৰাংগণত। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সমূহ বিষয়ববীয়া ,গৰিষ্ঠ সংখ্যক অভিভাৱক , শিক্ষানুৰাগী ৰাইজৰ স্বতঃস্ফুট সমৰ্থনত বিদ্যালয় প্ৰাংগণত  "আমাক আমাৰ শিক্ষানুষ্ঠান লাগিবই , শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলা শিক্ষা বিভাগ হায় হায় , দক্ষিণ ঘিলামৰাক বিদ্যালয় শূণ্য কৰি একমাত্ৰ উচ্চ শিক্ষানুষ্ঠানখন নিশ্চিহ্ন কৰা নীতি বিৰুদ্ধ পদক্ষেপ বাতিল কৰক , মধ্য চামপৰা হাইস্কুলক পূৰ্বৰ স্থানতে ৰখাৰ ব্যৱস্থা কৰক , বেলেগ হাইস্কুলৰ লগত মধ্য চামপৰা হাইস্কুলৰ একত্ৰিত কৰণ মানি লোৱা নহব  আদি শ্লোগান দি বিদ্যালয় পৰিবেশ উত্তাল কৰি তোলে  ।  

বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতি ,অভিভাৱক আৰু ৰাইজেও বিদ্যালয় প্ৰাংগণত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰি চৰকাৰী অবিবেচকী সিদ্ধান্তৰ প্ৰতিবাদ জনাই প্ৰস্তাৱ গ্ৰহণ কৰে । ক্ষুব্ধ ৰাইজ ,অভিভাৱক , পৰিচালনা সমিতিয়ে  জনোৱা মতে পৰ্য্যাপ্ত সুবিধা বিশিষ্ট  একেটা চৌহদতে মধ্য চাম পৰা হাইস্কুল আৰু জয়া মধ্য ইংৰাজী বিদ্যালয় দুখন  অৱস্থিত।  দুয়োখন বিদ্যালয়ত প্ৰায় ১৪২ গৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আছে সুদীর্ঘ কাল ধৰি। চামপৰা নদীয়ে বেৰি ৰখা এই বৃহত্তৰ অঞ্চলটোত অন্য কোনো হাইস্কুল নাই । বাৰিষা হলেই বান খহনীয়া সমস্যাত জুৰুলা হোৱা অঞ্চলবাসীৰ শিক্ষাৰ্থী সকলৰ শিক্ষা গ্ৰহণৰ বাবে এই স্থান নিৰাপদ আৰু সুচল ।

কিন্তু বিদ্যালয় একত্ৰিতকৰণ প্ৰক্ৰিয়াৰ আওতালৈ গলে শিক্ষাৰ্থী সকল প্ৰায় ৭ কিলোমিটাৰ পথ অতিক্ৰমী বিপদ সংকুল যাত্ৰা কৰি বিদ্যালয়লৈ যাব লাগিব শিক্ষাৰ্থী সকল। যিটো বাৰিষা কালত অতিকে বিপদাপন্ন আৰু কষ্টসাধ্য । এনেবোৰ স্পৰ্শকাতৰ বিষয়ৰ প্ৰতি শিক্ষা বিভাগে গুৰুত্ব নিদি কি স্বাৰ্থত বিদ্যালয় একত্ৰিতকৰণৰ নামত গঞা শিক্ষাৰ্থী সকলৰ জীৱন ভৱিষ্যতকলৈ নিষ্ঠুৰ হেতালি খেলিছে সেয়া বোধগম্য নোহোৱা বুলি কৈ এই হঠকাৰী নিৰ্দেশ কোনোপধ্যেই মানি লোৱা নহব বুলি স্পষ্টভাৱে জনাই । সুদীর্ঘ সময় ধৰি অব্যাহত ৰখা ৰাজহুৱা প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰী সকলে বহুকেইটা  প্ৰস্তাৱ গ্ৰহণ কৰি শিক্ষা বিভাগলৈ প্ৰেৰণ কৰে  ।

আৰু পঢ়ক: অৱসান ঘটিল এক যুগৰ, পৰলোক প্ৰাপ্তি হ'ল অভিজিৎ সেনৰ…

assam protest dhakuakhana