/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhakuakhana-1.jpg)
ডিজিটেল সংবাদ ,ঢকুৱাখনা : ছয়শ বছৰীয়া ৰাজ শাসনৰ ঐতিহ্য আৰু গৰিমা বিশিষ্ট এটা ভূমিপুত্ৰ জাতিক ৰাজনৈতিক ক্ষমতাৰে বলিয়ান হৈ অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই কৰা কটু মন্তব্যৰ বিৰুদ্ধে বুধবাৰে জংগী প্ৰতিবাদ সাব্যস্ত হয় ঢকুৱাখনাত । কিছুদিন পূৰ্বে ৰাজ্যখনৰ তাই আহোম সকলক উদ্দেশ্যি কৰা অবিবেচকী মন্তব্যৰ বিৰুদ্ধে বুধবাৰে সবল ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে "আটাছু"ৰ ঢকুৱাখনা আঞ্চলিক সমিতিয়ে।
বুধবাৰে বিয়লি ৫.১৬ বজাত আঞ্চলিক সমিতিৰ সভাপতি ডেভিড চাংমাই, সম্পাদক গৌতম গগৈ, লখিমপুৰ জিলাৰ বিষয়ববীয়া জোনাক ৰঞ্জন গগৈ, আঞ্চলিক উপদেষ্টা প্ৰেম গগৈ আদিৰ নেতৃত্বত গৰিষ্ঠ সংখ্যক কৰ্মকৰ্তাই আহোম জাতিক লৈ অপমান সূচক মন্তব্য কৰা বিজেপি নেত্ৰী আঙুৰলতা ডেকা গ বেক, বিজেপি হুচিয়াৰ, গেৰুৱা নেত্ৰী আঙুৰলতা মূর্দাবাদ, বিজেপি চেই চেই আদি শ্ল'গান দি ঢকুৱাখনা নগৰৰ মূল চাৰিআলি কিছু সময়ৰ বাবে উত্তাল কৰি তোলে।
পাছত "আটাছু"ৰ প্ৰতিবাদকাৰী সকলে আঙুৰলতা ডেকাৰ পুত্তলিকা ৰাজপথৰ মাজত দাহ কৰি আহোম জাতিক উদ্দেশ্যি কৰা অপমানসূচক মন্তব্যৰ বাবে ৰাজহুৱা ভাবে ক্ষমা খোজাৰ দাবী জনায় আৰু অসম চৰকাৰে এইগৰাকী দাম্ভিক নেত্ৰীৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় ।
আৰু পঢ়ক :