ঢকুৱাখনাত  মিচিং ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট …

ঢকুৱাখনাত  মিচিং ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট …

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত  মিচিং ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট …

ডিজিটেল সংবাদ,ঢকুৱাখনা:  ঢকুৱাখনাৰ মহকুমাৰ চৰকাৰী  শিক্ষানুষ্ঠান সমূহ এতিয়া বিধায়ক নৱ দলেৰ নিকৃষ্ট ৰাজনীতিৰ  কৰাল গ্ৰাসত নিমৰ্জিত হৈছে । বিদ্যা মন্দিৰৰ পবিত্ৰতা বিনষ্ট কৰা এনে কাণ্ডজ্ঞানহীন পদক্ষেপ শৈক্ষিক অনুষ্ঠান আৰু শিক্ষাৰ্থী সকলোৰে বাবে  ক্ষতিকাৰক ।

Advertisment

নিজৰ লুণ্ঠনকাৰী  আৰু স্বেচ্ছাচাৰী চৰিত্ৰৰ বাবে  শাসক দলৰ মাজত এলাগী হোৱা , ক্ষমতাহীন নৱ দলে এতিয়া নামি পৰিছে বিদ্যালয়ত নিকৃষ্ট ৰাজনীতিৰ অশুভ পৰম্পৰাৰ বীজ ৰোপণ কৰাত। ভণ্ড ৰাজনীতিকৰ এনে অভিসন্ধি কাৰ্যকৰী হ'বলৈ দিয়া নহ'ব আৰু শিক্ষানুষ্ঠানৰ পবিত্ৰতা ৰক্ষাৰ স্বাৰ্থত  প্ৰয়োজন সাপেক্ষে ব্যাপক গণতান্ত্ৰিক আন্দোলনৰ পাতনি মেলা হ'ব। সদৌ মিচিং ছাত্ৰ সন্থাৰ ঢকুৱাখনা মহকুমাৰ খেৰকটা আঞ্চলিক সমিতিৰ সকীয়নী এয়া ।

সোমবাৰে ছাত্ৰ সংগঠনটোৰ শতাধিক কৰ্মকর্তাই প্ৰচণ্ড ৰদৰ  উত্তাপকো আওকাণ কৰি হাতে হাতে  দাবী সম্বলিত প্লে'কাৰ্ড লৈ ঢকুৱাখনাৰ  উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক পৰ্য্যায়ৰ  বিদ্যালয় সমূহৰ পৰিচালনা আৰু  উন্নয়ন সমিতি সমুহ গঠনত অবৈধ  ৰাজনৈতিক হস্তক্ষেপৰ প্ৰতিবাদত আৰু এনে নীতি বৰ্হিভূত তালিকা বাতিলৰ দাবীত ৪ ঘন্টা জোৰা প্ৰতিবাদী অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে ।

বকুলগুৰি চাৰি আলিত সোমবাৰে  পুৱা ১০ বজাৰ পৰা  অৱস্থান কৰি বিদ্যা মন্দিৰত  বিধায়ক নৱ দলেৰ অবৈধ হস্তক্ষেপ পূৰ্ণ পৰিচালনা সমিতি গঠনৰ ক্ৰুটিপূৰ্ণ প্ৰক্ৰিয়া বন্ধ কৰক , ৰাজহুৱা সভাই মনোনীত কৰা সৰ্বজন সমাদৃত ব্যক্তিক পৰিচালনা সমিতিৰ সভাপতি আৰু উপ সভাপতি পদত নিযুক্তি দিয়ক , পৰিচালনা সমিতি গঠনত  বিধায়ক নৱ দলেৰ চক্ৰান্তমূলক  হস্তক্ষেপ মানি লোৱা নহব, নৱ দলে হায় হায় , ভগৰজা, বিধায়ক নৱ দলেয়ে প্ৰস্তুত কৰা  ক্ৰুটিপূৰ্ণ পৰিচালনা সমিতি বাতিল কৰি বৈধ প্ৰক্ৰিয়াৰে মনোনীত সভাপতি ,উপ সভাপতি নিযুক্তি দিয়ক আদি বিভিন্ন শ্লোগান দি প্ৰতিবাদ থলী উত্তাল কৰি তোলে  খেৰকটা আঞ্চলিক মিচিং ছাত্ৰ সন্থাই।

  খেৰকটা আঞ্চলিক টি এম পি কেৰ সভাপতি ৰাজ কুমাৰ দলে , সম্পাদক ৰাকেশ পেগুৰ নেতৃত্বত অনুষ্ঠিত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত কেন্দ্ৰীয় নেতা নাথুৰাম পেগু , জিলা নেতৃবৰ্গ ক্ৰমে   ভীষ্ম চুংক্ৰাং , ভাইটি গাম , ৰনোজ পাতিৰ , দীপ কান্ত দলে ,পুতুল দলে , ফুল কুমাৰ লাগাচু আদিয়েও অংশগ্ৰহণ কৰি  বৃহত্তৰ খেৰকটা  অঞ্চলৰ ব্রহ্মপুত্ৰ জুনিয়ৰ কলেজ  , খেৰকটা হাইস্কুল  , বচামুখ হাইস্কুল , লুইত পৰিয়া হাইস্কুল , মিচিং ৰেংগাম হাইস্কুল , মেধি সুঁতি হাইস্কুল , মদাৰগুৰি জনজাতি হাইস্কুল  আদি গৰিষ্ঠ সংখ্যক  উচ্চ  মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক আৰু কণিষ্ঠ মহাবিদ্যালয়ত  ৰাইজে ৰাজহুৱা সভা পাতি নিৰ্বাচিত কৰা ব্যক্তিৰ পৰিবৰ্তে বিধায়ক গৰাকীৰ অনুগত দলীয় কৰ্মী সমৰ্থকক বিধি বৰ্হিভূত ভাবে নিযুক্তি দিবলৈ লখিমপুৰ জিলা শিক্ষা চক্ৰৰ বিদ্যালয় সমূহৰ পৰিদর্শকক বাধ্য কৰোৱা ৰাজনৈতিক হেঁচা কোনো কাৰণতে মানি লোৱা নহ'ব বুলি কৈ পূৰ্বৰ প্ৰেৰিত ৰাজহুৱা সভাৰ তালিকা অনুমোদন কৰাৰ দাবী জনায় । অন্যথাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচীৰ পাতনি মেলা হব বুলি বিধায়ক , আই এছ সকলো পক্ষক সকীয়াই দিয়ে ।

আৰু পঢ়ক: যা, পলা…তাৰ পাছত 'খা'

assam dhakuakhana