খেৰকটা সমবায় সমিতিৰ বিৰুদ্ধে অপপ্ৰচাৰ...

খেৰকটা সমবায় সমিতিৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ

author-image
Asomiya Pratidin
New Update
খেৰকটা সমবায় সমিতিৰ বিৰুদ্ধে অপপ্ৰচাৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: খেৰকটা সমবায় সমিতিৰ বিৰুদ্ধে অপপ্ৰচাৰৰ অভিযোগ। আৰু অপপ্ৰচাৰৰ বিৰুদ্ধে সৰৱ হ'ল পৰিচালনা সমিটি। অপপ্ৰচাৰৰ চলোৱা লোকক সংবাদমেল যোগে সকীয়নী প্ৰদান সমিটিখনৰ।

Advertisment

লখিমপুৰ জিলাৰ সমবায় সমিতি সমূহৰ পঞ্জীয়কৰ কাৰ্য্যালয়ৰ অন্তৰ্গত ঢকুৱাখনা মহকুমাৰ সহকাৰী পঞ্জীয়কৰ কাৰ্যালয়ৰ অধীনৰ খেৰকটা সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ উদ্যোগত শুকুৰবাৰে খেৰকটা সমবায় সমিতিৰ কাৰ্যালয়ৰ প্ৰাংগণত সংবাদমেল অনুষ্ঠিত কৰা হয়। উক্ত সংবাদমেলত সমবায় সমিতিখনৰ সভাপতি দ্বীপেন দলেৰ লগতে উপসভাপতি সূৰ্য পেগু, সঞ্চালক মণ্ডলী ক্ৰমে বিক্ৰম দলে, বাণীকান্ত লাগাচু, অজয় পেগু, গজেন্দ্ৰ দলে, হেলেন পেগু, মহানন্দ দলে, লীলা কান্ত দলে, ৰমেন্দ্ৰ কুম্বাং, পূৰ্ণকান্ত দলে আদি উপস্থিত থাকে। সংবাদমেলত সমবায় সমিতিৰ সাধাৰণ নিৰ্বাচনৰ বাবে মনোনয়ন গ্ৰহণ প্ৰক্ৰিয়াকে ধৰি অন্য কিছু বিষয়ক লৈ এটা সুবিধাবাদী চক্ৰই চলোৱা অপপ্ৰচাৰৰ তীব্ৰ গৰিহণা দিয়ে সমিটিখনে।

উল্লেখ্য যে, সমবায় সমিতিখনৰ বিৰুদ্ধে ভোটাৰ তালিকাত মৃত ব্যক্তিৰ নাম থকা, নিয়মীয়াকৈ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত নকৰা, ভোটাৰ তালিকা সংশোধনী নকৰাকে ধৰি বিভিন্ন অভিযোগ উত্থাপন হৈছিল। আৰু এই অভিযোগক নস্যাৎ কৰিছে সমিতিখনে। সভাপতি দ্বীপেন দলেয়ে জনোৱা মতে অহা ২৪ মাৰ্চত ২০২৩-২০২৮ বর্ষৰ  নতুন সঞ্চালক মণ্ডলী গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সমবায় সমিতিৰ বিধি আৰু নীতি নিৰ্দেশনা অনুসৰি সমগ্ৰ প্ৰক্ৰিয়া মানি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । তদুপৰি সমবায় বিধি অনুসৰি সকলো প্ৰক্ৰিয়া সম্পন্ন কৰাৰ তথ্য ৰাজহুৱা কৰি সভাপতি গৰাকীয়ে অংশীদাৰী সকলৰ সভাত সংশোধিত আৰু অনুমোদিত ভোটাৰ তালিকাৰে অহা ২৪ মাৰ্চত ২০২৩-২০২৮ বর্ষৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ প্ৰাথমিক প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কথা সংবাদমেল যোগে অৱগত কৰে।

Also Read: Festivals of Assam: অসমীয়াৰ জীৱন ৰঙীন কৰা উৎসৱসমূহ

GOVT OF ASSAM