/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhakua1.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : ঢকুৱাখনা মহকুমাৰ ঘিলামৰাৰ মফচলিয়া সাংবাদিক সকলৰ উমৈহতীয়া মঞ্চ ঘিলামৰা প্ৰেছ ক্লাৱৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস সোমবাৰে দিনজোৰাকৈ পালন কৰা হয়। পুৱা ঘিলামৰা মিলন নগৰস্থিত প্ৰেছ ক্লাৱৰ স্থায়ী কাৰ্য্যালয়ত সমূহ সংবাদসেৱীৰ উপস্থিতিত জাতিয় পতাকা উত্তোলন কৰা হয়। ইয়াৰ পাছতে দুপৰীয়া অনুষ্ঠিত প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত সভাপতিত্ব কৰে ক্লাৱৰ সভাপতি অতুল বৰুৱাই। সাধাৰণ সম্পাদক উত্তম হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা প্ৰতিষ্ঠা দিৱসৰ সভাৰ উদ্ধোধনী বক্তব্য আগবঢ়াই লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ উপ সভাপতি অমৃত পৱন বৰাই ।
অসমীয়া সংবাদ পত্ৰৰ ডেৰশ বছৰীয়া বৰ্ণিল পৰিক্ৰমাৰ গৰিমা অটুট ৰাখি মফচলিয়া সাংবাদিকতাৰ নব্য ধাৰা সৃষ্টি কৰা ঘিলামৰাৰ সাংবাদিক সকললৈ নামি অহা প্ৰত্যাহ্বান সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য আগবঢ়ায়। ঘিলামৰাৰ বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া আৰু বিশিষ্ট নাগৰিক উপস্থিত থকা সভাত বিশিষ্ট নাগৰিক ডঃ কেশৱ গগৈ, বৰ্ষীয়ান মহিলা তুলদা হাজৰিকা, দেবেন ফুকন, সাংবাদিক অৰুণ চমুৱা, ৰাজেশ গোঁহাই, দামোদৰ বৰুৱা, অৱসৰী প্ৰবীণ শিক্ষাবিদ দণ্ডীধৰ গোহাঁই, উদ্যোগী যুৱক শৈলেন দত্ত, দীপক দত্ত আদিয়েও শুভেচ্ছা মূলক বক্তব্য ৰাখে। সভাত বিশিষ্ট শিক্ষাবিদ ডঃ কেশৱ হাজৰিকাই শুভেচ্ছা মূলক বক্তব্য ৰাখি মফচলিয়া সাংবাদিক সকল সমাজৰ বিবেকৰ প্ৰহৰী বুলি আখ্যা দিয়ে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/111222-1024x441.jpg)
বিভিন্ন ঘাট প্ৰতিঘাট নেওচি সংবাদসেৱী সকলে সমাজৰ যোগাত্মক আৰু বিয়োগাত্মক দিশ সামৰি সমাজ বন্ধনৰ গুৰু দায়িত্ব পালন কৰি অহাৰ বাবেই এখন প্ৰগতিশীল সমাজ গঠনৰ বাট মুকলি হোৱা বুলি কয়। সভাত
যুৱ কৰ্মী হিৰণ্য হাজৰিকাই সমাজক ক্ষতি সাধন কৰিব পৰা অথবা সমাজ গঠনত বিৰূপ প্ৰভাৱ পেলাব পৰা বাতৰি প্ৰকাশৰ পৰা বিৰত থকাটো সমাজ সভ্যতাই বিচাৰে বুলি সভাত অৱগত কৰে। হাজৰিকাই এইক্ষেত্ৰত সামাজিক মাধ্যমৰ নিউজ পৰ্টেল সমূহক প্রকাশ্যে দোষাৰোপ কৰে।
সভাত প্ৰবীণ সাংবাদিক, সাহিত্যিক, সমাজহিতৈষী ব্যক্তি পূৰ্ণ কুমাৰ চিন্তেক প্ৰেছ ক্লাৱৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয় । ৰোগাক্ৰান্ত বৰ্ষীয়ান সাংবাদিক চিন্তেয়ে চমু বক্তব্য ৰাখি অনুজ সাংবাদিক সকলক সাংবাদিকতাৰ নীতি আদৰ্শ আৰু গৰিমা ম্লান নোহোৱাকৈ নিৰপেক্ষ বাতৰি প্ৰকাশেৰে সমাজৰ লগতে দহৰ হিতাৰ্থে আত্মনিয়োগ কৰাৰ আহ্বান জনায় । জনাকীৰ্ণ প্ৰতিষ্ঠা দিৱসৰ সভাতেই প্ৰবীণ সাংবাদিক চিন্তেক ফুলাম গামোচা, সঁফুৰা আৰু সম্বৰ্ধনা পত্ৰৰে মান্যতা প্ৰদান কৰি তেখেতৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰা হয় ।
আৰু পঢ়ক : মাজুলীৰ গড়মূৰস্থিত কাছাৰী ময়দানত ৭৬ সংখ্যক স্বাধীনতা দিৱস উদযাপন…