/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/road.jpg)
ডিজিটেল সংবাদ , ঢকুৱাখনা : সীমাহীন দুৰ্নীতি আৰু চৰকাৰী পূঁজি অপচয়ৰ ভুস্বৰ্গ ঢকুৱাখনা উন্নয়ন খণ্ড । গ্ৰামোন্নয়ন আঁচনিৰ ৰূপায়নৰ নামত প্ৰাককলন বৰ্হিভূত ভাৱে আৰু ক্ৰুটিপূৰ্ণ পদ্ধতিৰে কাম কৰি আবন্টিত পূঁজি গোগ্ৰাখে উদৰস্থ কৰাৰ ৰম্যভূমি হৈ আহিছে এইটো উন্নয়ন খণ্ড ।
শেহতীয়া ভাৱে এইটো উন্নয়ন খণ্ডৰ অন্তৰ্গত ধেনুখণা বাটমাৰী পঞ্চায়তৰ এটা গ্ৰাম্য পথ নিৰ্মাণৰ বেলিকা চৰকাৰী পূঁজি উদৰস্থ কৰাৰ নিৰ্লজ ৰাজহুৱা অভিযোগ উত্থাপিত হোৱাই নহয় অতি নিম্ন মানদণ্ডৰ কামেৰে চৰকাৰী পথ নিৰ্মাণ আঁচনিখন ভেকোভাওনা কৰাৰ এক ভয়ংকৰ চক্ৰান্ত অব্যাহত ৰখা বুলি ভুক্তভোগী ৰাইজে অভিযোগ তুলিছে।
অঞ্চলবাসী ভুক্তভোগী ৰাইজে সংবাদ মাধ্যমৰ আগত সোমবাৰে কৰা অভিযোগ অনুসৰি পঞ্চায়তখনৰ ঘাৰমৰা গাঁওৰ বাপাৰাম পথৰ পৰা ৩২৬ নং গ্ৰাণ্টলৈ যোৱা পেৰিফিৰিয়েল বান্ধ নিৰ্মাণৰ বিপৰীতে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইনৰ এক আঁচনি গ্ৰহণ কৰা হৈছিল ৰাইজৰ আবেদন ভিত্তিত। ২০২০-২০২১ বিত্তীয় বর্ষৰ এম জি এন ৰেগা আঁচনিৰ অধীনত এই পথটোৰ বিপৰীতে আৱন্তন হৈছিল মুঠ ৯ লাখ ৯৯ হাজাৰ ৩২৬ টকা ।
পথটোলৈ বিশাল পূঁজি আৱন্টনৰ খবৰ পাই ভুক্তভোগী গঞাই ভাবিছিল সুদীর্ঘ দিন জোৰা জীয়া যন্ত্ৰণাৰ এইবাৰ উপশম ঘটিব । পিছে ৰাইজৰ এই আশাত চেঁচা পানী পৰিল । এচাম ধুৰন্ধৰ পঞ্চায়ত প্ৰতিনিধি আৰু আত্মীয় স্বজনৰ কৰাল গ্ৰাসত নিমৰ্জিত হৈ এই আঁচনিৰ বিপৰীতে সংঘটিত হ'ল ব্যাপক বিত্তীয় অনিয়ম ।
অঞ্চলবাসী ৰাইজে সংবাদ মাধ্যমক অভিযোগ দিয়া মতে পথ চোৱাত সামান্যতম কেই গাড়ীমান মাটি বালি পেলাই অতি ঠেক কৈ পথটো নিৰ্মান কৰি অৰ্থলোভী চক্ৰ এটাই ইতিমধ্যে ৪৩২ গৰাকী শ্রমিকক নিয়োগ কৰা দেখুৱাই বিভাগৰ পৰা সৰকাই নিলে প্ৰায় ৪ লাখ ১৮ হাজাৰ ৮০০ টকা ।
এম জি এন ৰেগা আইনৰ শ্ৰমিকৰ জবকাৰ্ডৰ বিপৰীতে উলিয়াই নিয়া এই বৃহৎ পৰিমাণৰ ধন ৰাশিৰ বিপৰীতে কামৰ বাহ্যিক অগ্ৰগতি নাই হোৱা বুলি স্পষ্টভাৱে জানিবলৈ দি নূন্যতম কাম কৰি বিশাল পূঁজি উলিয়াই নিয়া এই অৰ্থলোভী চক্ৰটোত পঞ্চায়ত প্ৰতিনিধি হেপি কোঁৱৰ আৰু পঞ্চায়ত সচিব গৰাকী জড়িত থকাৰো মুকলি অভিযোগ একেমুখে উত্থাপন কৰে ভুক্তভোগী একাংশ ৰাইজে ।
ঢকুৱাখনা উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া মানৱ জ্যোতি দাসক এই ভয়াবহ অনিয়ম লুণ্ঠন ৰাজৰ সন্দৰ্ভত নিৰপেক্ষ তদন্তৰ দাবী জনায় ৰাইজে । নূন্যতম মাটি পেলাই কিদৰে ৪ লক্ষাধিক পূঁজি বিভাগৰ পৰা জবকাৰ্ডৰ শিতানত উলিয়াই নিবলৈ সক্ষম হ'ল লুণ্ঠনকাৰী চক্ৰটো তাৰো সঠিক তদন্ত দাবী কৰিছে ৰাইজে ।
চাহ বাগানৰ মাজেৰে যোৱা এই অতিব্যস্ত পথটো নিৰ্মাণৰ বেলিকা সংঘটিত দুৰ্নীতিৰ বাবেই এজাক বৰষুণ দিলেই বোকা পানীৰে উপচি যাতায়ত কৰাটো দুৰ্বিসহ হৈ পৰা বুলি দুৰ্দশাগ্ৰস্ত ৰাইজে জানিবলৈ দি চৰকাৰী পূঁজিৰ এনে মুকলি লুটপাত সন্দৰ্ভত সমস্ত জানিও মহকুমাধিপতি ,খণ্ড উন্নয়ন বিষয়াৰ মৰ টোপনি ভগা নাই বুলি আক্ষেপ কৰে ৰাইজে ।
সংবাদ মাধ্যমৰ উপস্থিতিৰ পৰৱৰ্তী সময়ত শেহতীয়া ভাবে কিছু সংখ্যক শিল বালি পেলাইছে যদিও আঁচনি খনৰ মেটেৰীয়েল বিলৰ নামটো ব্যাপক অনিয়ম সংঘটিত কৰাৰো আশংকা কৰিছে গঞাই । ৰাইজে জনোৱামতে নূন্যতম মাটিৰ কাম কৰাৰ পাছত পথৰ ওপৰত শিল বালি পেলাই দিলে পথটো বহলীকৰণ আৰু পৃষ্ঠ ভাগ উঠোৱাটো অসম্ভৱ হৈ পৰিব ।
ফলত জবকাৰ্ডৰ জৰিয়তে উলিওৱা ৪ লক্ষাধিক টকা উদৰস্থ কৰাৰ পথ প্ৰশস্ত হ'ব আৰু পৰৱৰ্তী সময়ত মেটেৰীয়েল বিলৰো সমূদায় ধন বিভাগৰ পৰা উলিয়াই উৰ্ধবাহু নৃত্য কৰাত এই অশুভ অৰ্থলোভী চক্ৰটো সফল হ'ব । ৰাজ্য চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ গৃহ সমষ্টিটোত চৰকাৰী আঁচনি ৰূপায়নত সংঘটিত এনে ব্যাপক দুৰ্নীতি ৰোধৰ ক্ষেত্ৰত নিৰ্বাক মন্ত্ৰী ডাঃ পেগু আৰু সাংসদ প্ৰদান বৰুৱা ।
সভাই সমিতিয়ে চৰকাৰী পূঁজি এটকা অপচয় হ'লেও বিষয়া কৰ্মচাৰীয়ে জেলৰ ভাত খাব লাগিব বুলি সদম্ভে ঘোষণা কৰি অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এনে সকীয়নীৰ বিপৰীতে ঢকুৱাখনাত সংঘটিত এনে মুকলি লুণ্ঠনে মুখ্যমন্ত্ৰী গৰাকীৰ সকীয়নীক কাৰ্যত ফেউৰাৰ আৰাওত পৰিণত কৰিছে। পৰিণতিত ভুক্তভোগী ৰাইজ নিৰ্মীয়মান পথলৈ ওলাই আহি ন্যায় প্ৰাপ্তিৰ বাবে সাব্যস্ত কৰিব লগা হৈছে ৰাজহুৱা প্ৰতিবাদ ।