ঢকুৱাখনা আৰক্ষী থানাত পৌৰাণিক সমল উদ্ধাৰ...

"অসমীয়া প্ৰতিদিন ডিজিটেল" হাতত উপলব্ধ হৈছে এনে বহু সমল। প্ৰধানকৈ চিপাহী বিদ্ৰোহৰ সময়ত বৃটিছ আৰক্ষীয়ে ব্যৱহাৰ কৰা বহু কেইটা সুৰক্ষা টুপী, বন্দুক আদিৰ লগতে বহু পুৰণি কেচ ডায়েৰী আৰু নথিপত্ৰ..
ঢকুৱাখনা আৰক্ষী থানাত পৌৰাণিক সমল উদ্ধাৰ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: বৃটিছৰ আমোলত প্ৰতিষ্ঠিত এখন আৰক্ষী থানা। ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পূৰ্বে বৃটিছ শাসক গোষ্ঠীয়ে প্ৰতিষ্ঠা কৰিছিল থানাখন। ডেৰ শতিকাৰো অধিক কাল অতিক্ৰম কৰা উত্তৰ অসমৰ প্ৰথমখন আৰক্ষী  থানাই বৃহত্তৰ ভূখণ্ডৰ ঐতিহাসিক গুৰুত্বকো ইতিহাসৰ পৃষ্ঠাত সোণালী আখৰেৰে উজ্জীৱিত কৰি আহিছে।

বৌদ্ধিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু শৈক্ষিক ক্ষেত্ৰখনৰ লগতে প্ৰশাসনিক ভাৱেও বৰ্ণিল আৰু সমুজ্জ্বল ইতিহাসেৰে সমৃদ্ধ ঢকুৱাখনা। ১৮৭২ চনত ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়, ১৯৭৮ চনত নৰ্মাল স্কুল , ১৮৫৭ চনত অল আছাম মিৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১৭২২ চনত হাৰ্হি দেৱালয়, ১৬৬৫ খ্ৰীষ্টাব্দত শ্ৰী শ্ৰী বাসুদেৱ নৰোৱা সত্ৰ আদি বিভিন্ন ঐতিহাসিক স্বাক্ষৰেৰে সমুজ্জ্বল ঢকুৱাখনাৰ অন্য এক ইতিহাস সমৃদ্ধ প্ৰশাসনিক স্বাক্ষৰ হৈছে ঢকুৱাখনা আৰক্ষী থানা। ১৮৫৭ চনত বৃটিছ শাসক গোষ্টীয়ে উত্তৰ অসমৰ আইন শৃংখলা নিয়ন্ত্ৰণৰ বাবে প্ৰতিষ্ঠা কৰিছিল এই থানাখন।

সময়ৰ গতিত প্ৰায় ১৬৬ বছৰ অতিক্ৰম কৰা আৰক্ষী থানাখনৰ কায়িক ৰূপান্তৰ ঘটি আহিছে। শেহতীয়া ভাবে থানাখনৰ  অতি পুৰণি গৃহ ,মাল-খানা আদি ভাঙি নতুন আৰু আধুনিক ৰূপত নিৰ্মাণ কৰি থকা হৈছে। চৰকাৰী ভাবে নৱ-নিৰ্মিত এই থানাখনৰ পুৰণি গৃহ, মাল-খানা আদি ভঙাৰ সময়তে উদ্ধাৰ হৈছে সংৰক্ষণ যোগ্য বহু ঐতিহাসিক সম্পদ আৰু নথি পত্ৰ। "অসমীয়া প্ৰতিদিন ডিজিটেল" হাতত উপলব্ধ হৈছে এনে বহু সমল। প্ৰধানকৈ চিপাহী বিদ্ৰোহৰ সময়ত বৃটিছ আৰক্ষীয়ে ব্যৱহাৰ কৰা বহু কেইটা সুৰক্ষা টুপী, বন্দুক আদিৰ লগতে বহু পুৰণি কেচ ডায়েৰী আৰু নথিপত্ৰ। 

সুদীর্ঘ দিন ধৰি অৱহেলিত অনাদৃত হৈ পৰি ৰোৱা এইবোৰ আপুৰুগীয়া পুৰণি সম্পদ সংৰক্ষণৰ বাবে লখিমপুৰ জিলা আৰক্ষী অধীক্ষক কিম্বা জিলা প্ৰশাসনে কোনোদিন পদক্ষেপ গ্ৰহণ নকৰিলে। অৱশ্যে ঢকুৱাখনা সদৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া নৱজ্যোতি ৰয়ে নৱনির্মিত থানা গৃহত এনেবোৰ  পৌৰাণিক সমল বিজ্ঞানসন্মত সংৰক্ষণৰ কার্যব্যৱস্থা গ্ৰহণ কৰিছিল। কিন্তু বিষয়া গৰাকীক জিলা আৰক্ষী অধীক্ষকে বিহপুৰীয়া থানালৈ বদলি কৰাত সেই প্ৰয়াসত চেঁচা পানী পৰিল। এতিয়া চিপাহী বিদ্রোহৰ পূৰ্বে স্থাপন কৰা এই থানাখনৰ ঐতিহ্য সংৰক্ষণৰ হেতু শুভ বুদ্ধি উদয় নোহোৱা জিলা আৰক্ষী প্ৰশাসনৰ  এনে বেপৰোৱা মনোভাৱৰ বিপৰীতে ৰাজ্য গৃহ বিভাগৰ হস্তক্ষেপ কামনা কৰিছে ঢকুৱাখনাবাসীয়ে ।

ঢকুৱাখনা আৰক্ষী থানাত পৌৰাণিক সমল উদ্ধাৰ...
Top Education Boards in India: ভাৰতৰ মূল শিক্ষা পৰিষদসমূহ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in