ঢকুৱাখনা আৰক্ষীৰ অভিযানত উদ্ধাৰ থলুৱা মাছ মৰা সঁজুলি

ঢকুৱাখনা আৰক্ষীৰ অভিযানত উদ্ধাৰ থলুৱা মাছ মৰা সঁজুলি

author-image
asomiyapratidin
New Update
ঢকুৱাখনা আৰক্ষীৰ অভিযানত উদ্ধাৰ থলুৱা মাছ মৰা সঁজুলি

ডিজিটেল সংবাদ , ঢকুৱাখনা:  ঢকুৱাখনা মহকুমাত মীন বিভাগৰ চূড়ান্ত অমনোযোগিতা আৰু  উদাসীন মনোভাৱৰ বাবে ব্যাপক হাৰত থলুৱা প্ৰজাতিৰ মাছ নিধন যজ্ঞ অব্যাহত আছে  । মহকুমাটোৰ ঢকুৱাখনা, ঘিলামৰা আৰু  সোনাৰী চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গ্ৰামাঞ্চলৰ নৈ ,বিল ,জলাশয় , সুঁতিত নিৰবিছিন্ন হাৰত উজান উঠা থলুৱা মাছ ধৰা অবিবেচকী কাণ্ড সংঘটিত হৈ আহিছে । এ

Advertisment

নে এক অবৈধ মাছ ধৰা কাণ্ড ঢকুৱাখনা আৰক্ষীৰ তৎপৰতাত উৎখাট কৰা হয় বৃহস্পতি বাৰে । যোৱা নিশাৰ পৰা  অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত বৃহস্পতি বাৰে পুৱা বেলা ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত হাৰ্হি অঞ্চলৰ গঢ়পৰা আৰু হাৰ্হিৰ মাজৰ পথাৰত  থলুৱা মাছৰ উজান পৰে ।

এই কথা জানিব পাৰি অঞ্চলটোৰ গৰিষ্ঠ সংখ্যক মৎস্যলোভীৰ সমাগম ঘটে হাতে হাতে পলহ ,জাল , খলহা ,ডিঙৰা আদি মাছ ধৰা সঁজুলি লৈ। এই সন্দৰ্ভত পৰিবেশ কৰ্মীৰ জৰিয়তে সংবাদ মাধ্যমৰ অৱগত হোৱাত  বিষয়টো ঢকুৱাখনা অসামৰিক  প্ৰশাসনৰ সহকাৰী আয়ুক্ত অভিজাত বৰুৱাক জনোৱাৰ পাছত ঢকুৱাখনা সদৰ থানাত অভিযান চলোৱাৰ নিৰ্দেশ দিয়ে ।

সদৰ থানাৰ উপ পৰিদর্শক গৌতম  দত্তই ক্ষীপ্ৰতাৰে গৈ উক্ত অংশত অভিযান চলাই। হাৰ্হি গাঁওৰক্ষী বাহিনীৰ নায়ক দেৱ কৃষ্ণ কোঁচৰ সহযোগিতাত  চলোৱা অভিযান কালত মাছ মাৰি থকা অসৎ ব্যক্তি সকলে আৰক্ষী দেখি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষী হাবিলদাৰ তিলক শইকীয়া, কনিষ্টবল ৰাজু দে , গৃহৰক্ষী জোৱান বিতুল সন্দিকৈ  আদিয়ে পানীত পৰি দৌৰিক খেদি গৈ বৃহৎ সংখ্যক থলুৱা মাছ ধৰা সঁজুলি  জব্দ কৰিবলৈ সক্ষম হয় ।

আৰক্ষীয়ে এনে মীন আইন  উলংঘাকাৰী অনৈতিক কাৰ্য পুনৰাবৃত্তি নকৰিবলৈ সকীয়নী দি জব্দকৃত সঁজুলি সমুহ থানালৈ লৈ আনে । ঢকুৱাখনা আৰক্ষীৰ এনে তৎপৰতাৰ শলাগ লৈছে প্ৰকৃতিপ্ৰেমী হাৰ্হি অঞ্চলবাসীয়ে ।

আৰু পঢ়ক: তিনিচুকীয়াৰ গুঁইজান ঘাটত ডিব্ৰু নৈৰ জলপৃষ্ঠ বৃদ্ধি…

assam Assam police dhakuakhana