/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/dhakuakhanaa.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : লখিমপুৰ জিলা আৰক্ষীক ত্ৰাহি মধুসূদন দেখুওৱা দুধর্ষ নৰঘাটক অপৰাধী, ঢকুৱাখনা মাজ জালভাৰী গাঁওৰ পলাতক হাজোতী গেৰজাই বৰুৱা ঘিলামৰা থানাৰ অন্তৰ্গত কিলাকিলি অঞ্চলত গণ প্ৰহাৰত মৃত্যু হোৱাৰ পাছত বৃহস্পতি বাৰে ঘিলামৰাত উপস্থিত হয় লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক ডঃ বেদান্ত মাধৱ ৰাজখোৱা ।
বৃহস্পতিবাৰে দুপৰীয়া ঘটনা সংঘটিত হোৱা ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী অধীক্ষক ৰাজখোৱাই সমগ্ৰ স্পৰ্শকাতৰ বিষয়টো সুদীর্ঘ সময় ধৰি পৰ্যালোচনা কৰে মহকুমা আৰক্ষী বিষয়া সৌমাৰ জ্যোতি ভূঞা, ঢকুৱাখনা থানাৰ অ'চি নৱজ্যোতি ৰয় আৰু চন্দন দাস আৰু আৰক্ষী বিষয়া সকলৰ লগত। লগতে পৰৱৰ্তী কাৰ্যপন্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে আৰক্ষী বিষয়াক।
ইপিনে নৰহত্যাকাৰী আৰু সমগ্ৰ অঞ্চলটোত সুদীর্ঘ দিন ধৰি অশান্তি সৃষ্টি কৰি অহা অপৰাধী গেৰজাইৰ ওপৰত উপৰ্যুপৰি গণপ্ৰহাৰৰ পৰা বচাবলৈ যোৱা ঘিলামৰা থানাত নিযুক্ত ত্ৰয়োদশ অসম আৰক্ষী বেটেলিয়ানৰ জোৱান জগোৰাম চিন্তে আৰু গৃহৰক্ষী বাহিনীৰ জোৱান গোনাভি বৰুৱা ৰাইজৰ প্ৰহাৰত গুৰুতৰ ভাবে আহত হয় । মূৰ, হাত আৰু পিঠিত গুৰুতৰ ভাবে আঘাত প্ৰাপ্ত দুয়োগৰাকী আহতক ঢকুৱাখনাত প্ৰাথমিক চিকিৎসা সেৱা প্ৰদানৰ পাছত উন্নত চিকিৎসাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।
জানিব পৰা মতে কৰ্তব্য পালনৰ বাবে যোৱা আৰক্ষী জোৱানজনৰ মবাইলটো হেৰাইছে ঘটনাস্থলীত । ইপিনে ঢকুৱাখনা মহকুমা ন্যায়িক আদালতৰ শৌচাগাৰৰ পৰা উধাও হোৱা অন্যটো পলাতক নৰ হত্যাকাৰী হাজোতী সোনটি দাসৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত আছে ।
আৰু পঢ়ক : লোক সংস্কৃতিৰ সাধক বিষ্ণুৰাম মেধিৰ মৃত্যু…