ঢকুৱাখনাত ৰেচম শিল্পক ৰেচম পৰ্যটনলৈ ৰূপান্তৰিত কৰাৰ ব্যতিক্ৰমী প্ৰয়াস "সোঁৱৰণী মোৰ পকা ধৰা দিন"...

মুগা পালনৰ পৰম্পৰাক মুগা পৰ্যটনলৈ পৰিৱৰ্তিত কৰাৰ লক্ষ্যৰে সোমবাৰে এক অগতানুগতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়

author-image
Asomiya Pratidin
New Update
ঢকুৱাখনাত ৰেচম শিল্পক ৰেচম পৰ্যটনলৈ ৰূপান্তৰিত কৰাৰ ব্যতিক্ৰমী প্ৰয়াস "সোঁৱৰণী মোৰ পকা ধৰা দিন"...

dhakuakhana

ডিজিটেল সংবাদ, ঢকুৱাখনা : বৰমুগাৰ প্ৰাণ প্ৰাচুৰ্য ভূমি ৰেচম শিল্পৰ উৰ্বৰা ক্ষেত্ৰ ঢকুৱাখনাৰ পৰম্পৰাগত মুগা শিল্পৰ জনমুখীকৰণ, বাণিজ্যিকীকৰণৰ লগতে মুগা পালনৰ পৰম্পৰাক মুগা পৰ্যটনলৈ পৰিৱৰ্তিত কৰাৰ লক্ষ্যৰে সোমবাৰে এক অগতানুগতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

Advertisment

ঢকুৱাখনা নগৰৰ চৰকাৰী ৰেচম ফাৰ্মত সোমবাৰে ৰেচম পালক ধেনুখণা হিলৈদাৰী গাঁৱৰ সুভাষ গগৈ আৰু মহেমাৰী গাঁৱৰ মনোজ গগৈৰ উদ্যোগত আৰু "চেণ্টাৰ ফৰ বায়'দাইভাৰ্চিটি এণ্ড ইক'লজিকেল ষ্টাডিছ"ৰ সহযোগত অনুষ্ঠিত হয় এই ব্যতিক্ৰমী পদক্ষেপ। সোমবাৰে নিশা উদ্যমী চুঙীয়া দুজনৰ মুগা চুমনিত সমবেত হৈ হাতত জোঁৰ  আৰু কুকি লৈ সমূহীয়াভাবে পকা মুগা ধৰি কৌটিকলিয়া পৰম্পৰাৰে সম্পৃক্ত হয়।

ঢকুৱাখনা মহকুমাৰ বহু কেইগৰাকী বিশিষ্ট নাগৰিক, বৰ্ষীয়ান ৰেচম পালক, ৰেচম গৱেষকে এই  সমূহীয়া পকা ধৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰায় ২০ হাজাৰ পকা বৰমুগা সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

বিগত কুৰি বছৰৰো অধিক কাল ৰেচম পালনেৰে  স্বাৱলম্বী হৈ আত্মসংস্থাপনৰ ঈর্ষণীয় ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হোৱা উদ্যমী ৰেচম পালক সুভাষ গগৈ আৰু মনোজ গগৈয়ে জনোৱা মতে ২০০৮ চনৰ পৰা ধাৰাবাহিকভাবে নিজস্ব পুঁজি আৰু শ্ৰমেৰে গাৰো পাহাৰৰ পৰা সঁচ আনি ৰেচম পালন কৰি আত্ম প্ৰতিষ্ঠাৰ সফল সংগ্ৰাম চলাই আহিছে ।

সোমবাৰে ৰাতি ২০ হাজাৰ মুগা পকিছে বুলি "অসমীয়া প্ৰতিদিন ডিজিটেল"ক জানিবলৈ দি অনাগত সময়তো ২০-২৫  হাজাৰ মুগা পকিব বুলি আশা প্ৰকাশ কৰিছে ।নিজে মুগা পুঁহি সূতা কাটি, নিভাঁজ কাপোৰ প্ৰস্তুত কৰি এখন নিজস্ব আৰু একচেতিয়া লাভজনক বজাৰ দখল কৰি অহা বুলি প্ৰত্যয়েৰে জানিবলৈ দিয়ে ।

বিপৰীতে চৰকাৰীভাবে ৰেচম শিল্পৰ উজ্জীৱিতকৰণৰ বাবে ৰেচম বিভাগে কোনো ধৰণৰ সহায় সাহায্য আগনবঢ়োৱা বুলি আক্ষেপ প্ৰকাশ কৰে।  ঢকুৱাখনাৰ মুগা শিল্পক মুগা পৰ্যটনলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে এই ব্যতিক্রমী পদক্ষেপ গ্ৰহণ কৰা বুলি মন্তব্য কৰে বিশিষ্ট ৰেচম গৱেষক, ৰেচম উদ্ভাৱক জিতুল শইকীয়াই। বিজ্ঞান মনস্কতা আৰু ধ্যান ধাৰণাৰে পৌৰাণিক মানসিকতাৰ সলনি কৰি প্ৰকৃতিগতভাবে নব্য প্ৰযুক্তি প্ৰয়োগেৰে ৰেচম খেতি পৰম্পৰাগত খেতিতে আবদ্ধ কৰি নাৰাখি  ইয়াক এক থলুৱা অসমীয়াৰ নতুন অৰ্থনীতিৰ অন্যতম  শক্তিশালী বুনিয়াদ হিচাবে গঢ় লৈ উঠিব বুলি  মন্তব্য কৰে ।

মুগা শিল্পৰ উত্তৰণৰ বাবে  অনুষ্ঠিত এই "পকা ধৰা উৎসৱ" অসমৰ ৰেচম  ইতিহাস , অৰ্থনীতিক ইতিহাসত এক স্বৰ্ণিল দিন হিচাবে পৰিগণিত হৈ ৰ'ব  বুলি  সমজুৱা মত পোষণ কৰে ।

এই সন্দৰ্ভত চুমনীতে অনুষ্ঠিত আলোচনাত ঢকুৱাখনা ৰেচম বিভাগৰ ৰেচম অধীক্ষক অস্বিনী  কলিতা ,  বিশিষ্ট পৰিবেশ  কৰ্মী দ্বিগেন হাজৰিকা, বৰ্ষীয়ান মুগা পালক অমিয় বৰুৱা, প্ৰণৱ দত্ত( গোগামুখ) ,উজ্জল চৌধুৰী( গুৱাহাটী)  আদিয়ে অংশগ্ৰহণ কৰি ৰেচম শিল্পৰ উত্তৰণৰ হকে নিজস্ব মতামত ব্যক্ত কৰে আৰু অনাগত সময়ত কৰণীয়তা সদৰ্ভত আলোকপাত কৰে।

assam dhakuakhana