ঢকুৱাখনাত  ১১১.০৬ টকীয়া হ’ল প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য…

ঢকুৱাখনাত  ১১১.০৬ টকীয়া হ’ল প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য…

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত  ১১১.০৬ টকীয়া হ’ল প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰা সময়তে  ঢকুৱাখনা মহকুমাত পেট্ৰ'লজাত  সামগ্ৰীৰ দৰ সৰ্বোচ্চ হাৰত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ঢকুৱাখনা মহকুমাৰ  ঢকুৱাখনা আৰু ঘিলামৰাত অৱস্থিত  বিভিন্ন  পেট্ৰল পাম্পত বিগত প্ৰায় এটা সপ্তাহ ধৰি  নিৰবিছিন্ন হাৰত পেট্ৰ'ল ডিজেলৰ দাম বৃদ্ধি পাই জনজীৱন বিপৰ্যস্ত কৰি তুলিছে।

Advertisment

শুকুৰবাৰে মহকুমাটোৰ  এচ্ছাৰ পেট্ৰ'ল পাম্পত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ১১১টকা ০৬ পইচা আৰু ডিজেলৰ মূল্য ৯৫ টকা ৮৮ পইচালৈ বৃদ্ধি পাই ৰাজ্যখনৰ ভিতৰতে সৰ্বোচ্চতাৰ শিখৰ স্পৰ্শ কৰিবলৈ সক্ষম হয়। তেনেদৰে মহকুমাটোৰ ইণ্ডিয়ান অইল কৰ্পোৰেচনৰ পেট্ৰ'ল পাম্পত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ১০৮ টকা ৯৮ পইচা ,ডিজেলৰ মূল্য ৯৪ টকা ৫০ পইচা, ৰিলায়েন্স পেট্ৰল পাম্পত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ১০৮ টকা ৯০ পইচা আৰু ডিজেলৰ মূল্য ৯৩ টকা ৯৮ পইচা আৰু ভাৰত পেট্ৰলিয়ামৰ প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ১০৮ টকা ৮৪  পইচা নিৰ্ধাৰণ হৈছে ।

দিনক দিনে অবিৰত হাৰত ঢকুৱাখনা মহকুমাত ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি পাই আহিছে ।  ইন্ধনৰ এনে নিয়ন্ত্ৰণহীন মূল্যবৃদ্ধিৰ বাবে গ্ৰাহকৰ  সমাগম একাংশ পেট্ৰ'ল পাম্পত হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে ।

আৰু পঢ়ক: নগাঁৱৰ দেৱজিতলৈ বেষ্ট অডিঅ'গ্ৰাফী এৱাৰ্ড…

assam dhakuakhana petrol