ঢকুৱাখনা-ঘিলামৰাত নতুন বি.ডি.অ নিযুক্তি…

ঢকুৱাখনা-ঘিলামৰাত নতুন বি.ডি.অ নিযুক্তি…

author-image
asomiyapratidin
New Update
ঢকুৱাখনা-ঘিলামৰাত নতুন বি.ডি.অ নিযুক্তি…

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এক নিৰ্দেশনা অনুসৰি লখিমপুৰ জিলাৰ  ঢকুৱাখনা আৰু ঘিলামৰা উন্নয়ন খণ্ডত দুগৰাকী  পূৰ্ণ পদ মৰ্যাদাৰ খণ্ড উন্নয়ন বিষয়াক নিযুক্তি দিছে ।  পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিৰ্দেশনা নং  পি আৰ দি-১২/২১ ২০১৭ পি আৰ দি (বি) ৫৬  যোগে মাজুলী জিলাৰ মাজুলী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৌৰাংগ দত্তক ঢকুৱাখনা উন্নয়ন খণ্ডত আৰু পি আৰ দি -১২/২১ ২০১৭ পি আৰ দি (বি) ৫৬ (এ ) নং নিৰ্দেশনা  যোগে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দিবাকৰ দেৱক ঘিলামৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিচাপে নিযুক্তি দিছে ।

Advertisment

৭ জুলাইত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ সচিবৰ নিৰ্দেশনা মতে এই দুগৰাকী অসম অসামৰিক সেৱাৰ বিষয়াক পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত উন্নয়ন খণ্ড দুটাত কাৰ্যনিৰ্বাহ কৰি যাবলৈ নিৰ্দেশ দি নিযুক্তি দিছে । উল্লেখ্য যে বিগত কেইবা মাহ ধৰি  দুয়োটা উন্নয়ন খণ্ড ভাৰপ্ৰাপ্ত ব্যৱস্থাৰে পৰিচালিত হৈ আছিল ।

পৰিণতিত গ্ৰামোন্নয়ন বিভাগ দুটাত অচলাৱস্থাই দেখা দিছিল। ৰাইজে ভোগ কৰি অহা এনে অভাৱ সমস্যা সন্দৰ্ভত পৰৱৰ্তী সময়ত  দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমৰ কেন্দ্ৰীয় সমিতিৰ  তৰফৰ পৰা বিভাগীয় মন্ত্ৰীৰ বিষয়টো অৱগত কৰাৰ উপৰিও অভিযোগ পত্ৰ প্ৰেৰণ কৰি দুগৰাকী পূৰ্ণ পদ মৰ্যাদাৰ বিষয়াক নিযুক্তিৰ আহ্বান জনোৱা হৈছিল ।তাৰেই পৰিপ্ৰেক্ষিতত ৰাজ্যৰ পঞ্চায়ত আৰু  গ্ৰামোন্নয়ন বিভাগে এই সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাত কেন্দ্ৰীয় সমিতিয়ে  আদৰণি জনাইছে ।

আৰু পঢ়ক: অস্তিত্বহীন হোৱাৰ পথত কংগ্ৰেছ! গোৱাৰ ৯ গৰাকী বিধায়ক বিজেপিত যোগদানৰ সম্ভাৱণা…

assam dhakuakhana