ঢকুৱাখানাৰ তপনৰ আঁচলতে কি হৈছিল? অভিযোগৰ আঙুলি বন্ধু জ্যোতিষলৈ...

ঢকুৱাখনাৰ তপনৰ আঁচলতে কি হৈছিল? অভিযোগৰ আঙুলি বন্ধু জ্যোতিষলৈ...
ঢকুৱাখনাৰ তপনৰ আঁচলতে কি হৈছিল? অভিযোগৰ আঙুলি বন্ধু জ্যোতিষলৈ...

ডিজিটেল সংবাদ, ঢকুৱাখনা: এজন মিষ্টভাষী কৰ্মঠ যুৱকৰ অকাল বিয়োগকলৈ শোক ,সন্দেহ আৰু আশঙ্কাই গা কৰি উঠিছে ঢকুৱাখনাত। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত জামুগুৰি গাঁওৰ তপন সন্দিকৈ (২৫)ৰ মৃতদেহ যোৱা ১৮ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯-৪২বজাত উদ্ধাৰ হৈছিল ।

স্বগৃহৰ সমীপতে ডিঙিত নেচা সূতাৰে চিপ লৈ আত্মহত্যা কৰা বুলি প্ৰাথমিক ভাবে ধাৰণা কৰা হৈছিল । পেছাত গাড়ী চালক হিচাবে পৰিচিত সন্দিকৈৰ মৃত্যুৰ পাছত পৰিয়ালৰ লগতে সমীপবৰ্তি ৰাইজে এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ উত্থাপন কৰিছে।

ঘটনাৰ বিবৰণী দি মৃতকৰ আত্মীয়ই সংবাদ মাধ্যমক জনোৱা মতে ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত লামু গাঁওৰ কলীয়া চেতিয়াৰ পুত্ৰ জ্যোতিষ চেতিয়া(২৫) ঘটনাৰ এদিন পূৰ্বে সতীৰ্থ তপন সন্দিকৈৰ ঘৰলৈ আহি আশ্ৰয় লৈছিল। ঘটনাৰ দিনা নিশালৈ তপন সন্দিকৈ আৰু বন্ধু জ্যোতিষক ওচৰৰে এঘৰত ভাত খাবলৈ নিমন্ত্ৰণ কৰিছিল।

সেই অনুক্ৰমে দুয়ো ভাত খাবলৈ যোৱাৰ পথতে এক নিৰ্জন ঠাইত বাক বিতন্দা ঘটে আৰু পাছলৈ মৃদু হিংসাত্মক ৰূপ লয়। পৰৱৰ্তী সময়ত দুয়ো স্ব গৃহলৈ উভতি অহাৰ পাছতে আকস্মিক ভাবে নিখোজ হয় বন্ধু জ্যোতিষ। নিশা নিখোজ হোৱাৰ পাছত ৰহস্যজনক ভাবে বন্ধু জ্যোতিষে তপনলৈ ফোন কৰি বাহিৰলৈ মাতে অকলে।

স্বাভাৱিক ভাবেই বন্ধুৰ আমন্ত্ৰণলৈ সঁহাৰি জনায় তপন বাহিৰলৈ ওলাই যোৱাৰ পাছতেই কিছু সময়ৰ পাছত এই মৰ্মান্তিক ঘটনা পোহৰলৈ আহে ।লক্ষণীয় দিশ হল ঘৰৰ অতি কাষতে অৱস্থিত এটা নিৰ্মীয়মান ঘৰৰ ভিতৰত চিপ লৈ থকা(?) অৱস্থাত বন্ধু জ্যোতিষে উদ্ধাৰ কৰে তপনৰ মৃতদেহ। পৰৱৰ্তী সময়ত তপনক ঢকুৱাখনা অসামৰিক চিকিৎসালয়লৈ অনা সহ যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

যুৱকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰাৰ পাছত এয়া এক হত্যাকাণ্ড বুলি আশংকা কৰা হৈছে। বিশেষ ভাবে জ্যোতিষে তপনৰ পত্নী অথবা কোনো আত্মীয়ক উক্ত স্থানলৈ নামাতি নিজে ৰচী খুলি নমাই দিয়া, বন্ধুৰ নিথৰ দেহ দেখিও কোনো আকস্মিক প্ৰতিক্ৰিয়া প্ৰকাশ নকৰা, ওপৰলৈ উঠাৰ কোনো সম্বল নথকা

আৰু আত্মহত্যা কৰা স্থানৰ উচ্চতা তথা আত্মহত্যাৰ ধৰণ দেখি পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। এই সন্দৰ্ভত মঙলবাৰে সন্ধিয়া মৃতকৰ পৰিয়ালে ঢকুৱাখনা সদৰ থানাত এক গোচৰ ৰুজু কৰিছে । যত জ্যোতিষ চেতিয়াৰ দ্বাৰাই এই হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰিছে। একাংশই এক পৰকীয়া প্ৰেমৰ নিষ্ঠুৰ পৰিণতি বুলিও সন্দেহ কৰিছে।

অতি তাৎপৰ্যপূৰ্ণ কথা হল উক্ত ঘটনা সংঘটিত কৰাৰ পাছৰে পৰা ৰহস্যজনক ভাবে নিখোজ হৈ আছে জ্যোতিষ চেতিয়া । নিজা ঘৰলৈ যোৱাৰ পাছৰে পৰা জ্যোতিষ চেতিয়াৰ ফোন চুইছ অফ আৰু ঘৰৰ পৰা উধাও হোৱাকলৈ পৰিয়ালৰ মাজত উত্থাপিত অভিযোগ অধিক ঘনীভূত কৰি তুলিছে।

ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত নিৰপেক্ষ আৰু ক্ষীপ্ৰ হলে ঘটনাৰ সত্যসত্যতা পোহৰলৈ আহিব । মৃতকৰ পৰিয়ালে এই সন্দৰ্ভত আৰক্ষীৰ সক্ৰিয়তাকলৈ অসন্তুষ্টি ব্যক্ত কৰি তৎকালে দুৰ্ভগীয়া পৰিয়ালটোক ন্যায় প্ৰদানৰ দাবী জনাইছে।

ঢকুৱাখনাৰ তপনৰ আঁচলতে কি হৈছিল? অভিযোগৰ আঙুলি বন্ধু জ্যোতিষলৈ...
বিবেকানন্দ সেৱা কেন্দ্ৰ আৰু শিশু উদ্যানত গ্ৰাম্য উদ্যোগীকৰণ মহোৎসৱ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in