ডিজিটেল সংবাদ,ঢকুৱাখনা: এগৰাকী মোহময়ী কিশোৰী । বিশ্ব জিনাৰ দুৰ্বাৰ হেঁপাহৰ জখলাৰে ৰাষ্ট্ৰীয় স্তৰত জিলিকিবলৈ সক্ষম হৈছে কিশোৰীগৰাকী । ঢকুৱাখনাৰ মাটি পানীৰে সম্পৃক্ত এইগৰাকী কিশোৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ৰ ফেশ্বন শ্ব' প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বিৰল সন্মান বুটলিবলৈ সক্ষম হৈছে ।
কিশোৰী গৰাকীৰ নাম সীমা মেনাম দলে (১৬) । ঢকুৱাখনা মহকুমাৰ লামুচুক সৰিয়হনী গাঁওত জন্ম গ্ৰহণ কৰা প্ৰচুৰ কৰ্মোদ্যমী কিশোৰী গৰাকী ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ৰ অধ্যাপিকা তথা ড° নিৰ্মালি পেগু দলে আৰু মিঠুৰাম দলেৰ কন্যা ।
বৰ্তমান ডিব্ৰুগড়ৰ সম্পূৰ্ণ কেন্দ্ৰীয় বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ প্ৰথম বর্ষৰ মেধাবী ছাত্ৰী সীমাই সদ্য সমাপ্তি ঘটা Alee Club Miss India talented প্ৰতিযোগিতাত ৰাজ্যখনৰ পৰা একক ভাবে অংশ গ্রহণ কৰি Grand Finale ৰ Top finalist তথা Alee Club Miss Teen India talented award 2024 বঁটা লাভ কৰি উচ্চ প্ৰশংসিত হবলৈ সক্ষম হৈছে ।
অলপতে নতুন দিল্লীত অনুষ্ঠিত হোৱা ২৬ সংখ্যক "অলি ক্লাব মিষ্টাৰ এণ্ড মিছ টিন ইণ্ডিয়া'২০২৪ " ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফেশ্বন শ্ব'ত সীমাই লাভ কৰা ঈর্ষণীয় সফলতাত গৌৰান্বিত জন্মভূমি ঢকুৱাখনাৰ লগতে সমগ্ৰ ৰাজ্যবাসী । বাল্য কালৰে পৰাই লোক কৃষ্টি সংস্কৃতিৰ প্ৰতি প্ৰচণ্ড আগ্ৰহী সীমাই শিক্ষা জীৱনৰ লগতে সমান্তৰাল ভাৱে পৰিৱেশ্য কলাৰ ক্ষেত্ৰখনৰ লগতো নিবিড় ভাবে জড়িত হৈ সুকীয়া ব্যুৎপত্তি অর্জন কৰিবলৈ সক্ষম হৈছে । সীমাৰ আৰ্জিত এনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিত মিচিং জাতীয় সংগঠন সমূহে গৰ্বিত অনুভৱ কৰি সীমাৰ এই ইস্পিত সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে ।