ঢকুৱাখনাৰ আবকাৰী চক্ৰ পৰিদর্শক মুৰালী কুলিৰ আকস্মিক বিয়োগ

ঢকুৱাখনাৰ আবকাৰী চক্ৰ পৰিদর্শক মুৰালী কুলিৰ আকস্মিক বিয়োগ

author-image
asomiyapratidin
New Update
ঢকুৱাখনাৰ আবকাৰী চক্ৰ পৰিদর্শক মুৰালী কুলিৰ আকস্মিক বিয়োগ

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসম আবকাৰী সেৱাৰ এগৰাকী সুদক্ষ বিষয়া ,ঢকুৱাখনা আবকাৰী চক্ৰৰ চক্ৰ পৰিদর্শক  মুৰালী কুলি (৫৫)ৰ বুধবাৰে নিশা প্ৰায় ৮-৩২ বজাত আকস্মিক বিয়োগ ঘটে।  কিছুদিন পূৰ্বে উচ্চ ৰক্তচাপ জনিত ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ত চিকিৎসাধীন হৈ থকা  মিষ্টভাষী আবকাৰী বিষয়া কুলিৰ বুধবাৰে নিশা স্বাস্থ্যৰ অৱনতি ঘটি অকাল মৃত্যুক  সাৱটি লয়।

Advertisment

এগৰাকী  সুদক্ষ আবকাৰী বিষয়া হিচাবে ঢকুৱাখনা চক্ৰত নিষ্ঠাবান সেৱা  আগবঢ়াই যোৱা  হাস্যমুখী উদাৰ মনৰ বিষয়া গৰাকীৰ বিয়োগত কৰ্মথলী ঢকুৱাখনা মহকুমাত শোকৰ ছাঁ পৰিছে।  সামাজিক অভিশাপ স্বৰূপ অবৈধ চুলাই বেহা নিৰ্মূল আৰু উৎখাত অভিভানৰ এগৰাকী  সফল আৰু সপ্ৰতিভ যোদ্ধা কুলিৰ বিয়োগত ঢকুৱাখনাবাসী শোকত ম্ৰিয়মান হৈ পৰিছে । 

ঢকুৱাখনাবাসীয়ে কুলিৰ বিদেহ আত্মাৰ স্বৰ্গ সুখ কামনা কৰিছে আৰু শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে । লখিমপুৰ জিলাৰ বিহপুৰীয়া নগৰৰ বাসিন্দা কুলিয়ে মৃত্যুৰ সময়ত  পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যা সহ অজস্ৰ গুণ মুগ্ধ আৰু ইষ্ট কুটুম্বক ইস সংসাৰত এৰি গৈছে ।  ঢকুৱাখনাত কৰ্তব্যৰত অৱস্থাতে উচ্চ ৰক্তচাপত ভুগি পৰিশেষত মৰ্মান্তিক অকাল মৃত্যুক সাৱটি লোৱা কুলিৰ নশ্বৰ দেহ স্ব গৃহলৈ নি পৰম্পৰাগত প্ৰথাৰে অন্তিম সৎকাৰ কৰা হয়।

জিলা আবকাৰী বিভাগৰ এগৰাকী কৰ্মপটু বিষয়াৰ অকাল বিয়োগত লখিমপুৰ জিলা আবকাৰী অধীক্ষকৰ কাৰ্যালয় , ঢকুৱাখনা মহকুমাৰ বিদেশী সুৰা বিপনীৰ স্বত্বাধিকাৰী সকলেও  গভীৰ শোক ব্যক্ত কৰি  বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিছে আৰু শোকাহত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

assam dhakuakhana