Advertisment

নায্য প্ৰাপ্য আদায়ৰ দাবীত কৰ্মবিৰতিৰে ঢকুৱাখনাত এন এইছ এম কৰ্মীৰ প্ৰতিবাদ...

নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি , প্ৰতিকূল বতৰকো উপেক্ষা কৰি ন্যস্ত দায়িত্ব পালি অহা কৰ্মজীৱী এইবাৰ নামিল ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদত। নাগৰিকৰ জীৱন সুৰক্ষিত কৰি ,

author-image
Asomiya Pratidin
New Update
lkklk

ডিজিটেল সংবাদ ,ঢকুৱাখনা: নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি , প্ৰতিকূল বতৰকো উপেক্ষা কৰি ন্যস্ত দায়িত্ব পালি অহা কৰ্মজীৱী এইবাৰ নামিল ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদত। নাগৰিকৰ জীৱন সুৰক্ষিত কৰি ,প্ৰতিগৰাকী নাগৰিকৰ  স্বাস্থ্য সুৰক্ষাত দিবা নৈশ ব্ৰতী হোৱা ৰাজ্যখনৰ এন এইছ এম কৰ্মচাৰী সমাজ এইবাৰ  গণতান্ত্ৰিক প্ৰতিবাদত নামিল । লক্ষ্য নাৰ্য প্ৰাপ্য আৰু বিধিগত চৰকাৰী সুবিধা আদায় কৰা ।

Advertisment

যত চামিল হৈছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অন্তৰ্গত চিকিৎসক , নাৰ্ছ , ফাৰ্মাচিষ্ট ,  মিছন সমন্বয়ককে আৰম্ভ কৰি প্ৰতিগৰাকী কৰ্মচাৰী। ঢকুৱাখনা সমজিলাৰ ঢকুৱাখনা স্বাস্থ্য খণ্ডটো মঙলবাৰৰ পৰা আৰম্ভ হৈছে প্ৰাপ্য অধিকাৰ বিচৰা গণতান্ত্ৰিক সংগ্ৰামৰ। ঢকুৱাখনা খণ্ড প্ৰাথমিক স্বাস্থ্য বিষয়াৰ চৌহদত মঙলবাৰে পুৱাৰ পৰা ভুক্তভোগী কৰ্মচাৰী সকলে অৱস্থান কৰি সাব্যস্ত কৰে কৰ্মবিৰতিৰে  সবল প্ৰতিবাদ। খণ্ডটোৰ এন এইছ এমৰ চিকিৎসক, এন এন এম , জি এন এম , কমিউনিটি হেলথ অফিচাৰ , ফাৰ্মাচিষ্ট , লেব'ৰেটৰি টেকনিছিয়ান , একাউটেন্ট , বি পি এম , বি চি এম আদি সকলো কৰ্মচাৰী একত্ৰিত হৈ  কৰ্তব্যৰ পৰা বিৰত থাকে ।

সম কামৰ সম দৰমহা প্ৰদান, চাকৰি নিয়মীয়া কৰি পেঞ্চন প্ৰদান , দৰমহা বৃদ্ধি , মৃত সতীৰ্থ কৰ্মচাৰীৰ পৰিয়ালক কমেও ২৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা, অনাদায় ভ্ৰমণ বানচ আৰু দৈনিক ভাত্তা মোকলাই দিয়া, অইন কৰ্মচাৰীৰ দৰে চৰকাৰী সা- সুবিধা প্রদান কৰা, কৰ্মচাৰী সকলৰ বাবে বিনামূলীয়া চিকিৎসা আঁচনি প্ৰৱৰ্তন কৰা, ৰাজ্য চৰকাৰৰ অন্যান্য কৰ্মচাৰীৰ সমাহাৰত দৈনিক ভাট্টা প্রদান কৰা আদি  দাবীৰ সমৰ্থনত প্ৰবঞ্চিত কৰ্মী সকলে শ্লোগান দি কাৰ্য্যালয়ৰ চৌহদ উত্তাল কৰি তোলে ।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিচনৰ অন্তৰ্গত সদৌ অসম স্বাস্থ্য ও কাৰিকৰী কল্যাণ সন্থাই আহ্বান জনোৱা তিনি দিনীয়া এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত স্থবিৰ হৈ পৰে স্বাস্থ্য খণ্ডটোৰ  স্বাভাৱিক  কাম কাজ ।ৰাষ্ট্ৰীয় স্বাস্থ্য মিচন আৰু ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূলকৰণ আঁচনি ,মেলেৰিয়া আদিৰ লগতে আমব্ৰেলা আঁচনিৰ ৮৭ গৰাকী কৰ্মচাৰীযে অংশগ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীৰ  সময়চোৱাত স্বাস্থ্য খণ্ডটোৰ বকুলগুৰি ,মাতমৰা, হাৰ্হি , কেঁকুৰী পমুৱা আদি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।পৰিণতিত ৰোগী সকলৰ মাজত হাঁহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱা পৰিলক্ষিত হৈছে।

প্ৰতিবাদকাৰী সকলে জনোৱা মতে কেৱল জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো অনলাইন সেৱাকে প্ৰমুখ্য কৰি সকলো চৰকাৰী সেৱা সম্পূৰ্ণ ভাবে বন্ধ ৰখা হব অহা ৬ মাৰ্চ পৰ্যন্ত । উল্লেখযোগ্য যে ৰাজ্যখনৰ সৰ্বমুঠ ২৪ হাজাৰ এন এইছ এম কৰ্মচাৰীযে নিজ নিজ কৰ্মক্ষেত্ৰত আৰম্ভ কৰিছে কৰ্মবিৰতিৰে অধিকাৰ বিচৰা গণতান্ত্ৰিক সংগ্ৰামৰ । ঢকুৱাখনা সমজিলাৰ অন্তৰ্গত ঘিলামৰা স্বাস্থ্য খণ্ডতো ৩৮ গৰাকী কৰ্মচাৰীযেও  মঙলবাৰে সবল প্ৰতিবাদ সাব্যস্ত কৰে। 

প্ৰতিবাদ