/asomiyapratidin/media/media_files/2025/03/25/OpHyjSi1pXMOrV2JSQjA.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া ভাষা সাহিত্যৰ গৰিমা মণ্ডিত ক্ষেত্ৰখনক অধিক গতিশীলতা অনাৰ লগতে নতুন সাহিত্য সৃষ্টিৰ ধাৰা তৰান্বিত কৰাৰ লক্ষ্যৰে আত্মপ্ৰকাশ কৰা নতুন সাহিত্য পৰিষদ অসমৰ ঢকুৱাখনা শাখাৰ ১৯সংখ্যক সন্মিলন অনুষ্ঠিত হয় । যোৱা ২৩মাৰ্চত ঢকুৱাখনা টাই সাংস্কৃতিক গৱেষণা আৰু বিকাশ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে পৰিষদৰ ঢকুৱাখনা শাখা সন্মিলনখন অনুষ্ঠিত কৰা হয় ।
শাখা সমিতিৰ গৰিষ্ঠ সংখ্যক প্ৰতিনিধি সদস্যৰ উপস্থিতিত পৰিষদৰ পতাকা উত্তোলন কৰে ডঃ চন্দ্ৰ নাথ বৰুৱাই । ইয়াৰ পাছতে অনুষ্ঠিত হয় সন্মিলনৰ মুকলি সভা। বিশিষ্ট নাট্য সাধক ,প্ৰবীণ শিক্ষাবিদ অমিয় কুমাৰ সন্দিকৈৰ উদ্বোধনী ভাষনেৰে শুভাৰম্ভ হোৱা জনাকীৰ্ণ সন্মিলনসভাৰ সভাপতিত্ব কৰে সভাপতিমণ্ডলী ক্ৰমে চন্দ্ৰ নাথ বৰুৱা ,লক্ষীনাথ সোনোৱাল আৰু প্ৰভাত ফুকনে।
সভাত পৰিষদৰ সম্পাদক প্ৰদীপ ৰাজ কোঁৱৰৰ প্ৰতিবেদন পাঠৰ পাছত ৮গৰাকী প্ৰতিনিধিযে আলোচনা আৰু পৰ্য্যালোচনা কৰি বহুকেইটা গঠনমূলক পৰামৰ্শ আগবঢ়াই । কবি ৰমেন গগৈ আৰু জয়চন্দ্ৰ হাজৰিকাৰ শ্ৰুতিমধুৰ স্বৰচিত কবিতা পাঠেৰে জীপাল হৈ পৰা সন্মিলনত গহীন চুতীয়ায়ো বক্তব্য আগবঢ়াই । সন্মিলনৰ মজিয়াতেই ডঃ চন্দ্ৰনাথ বৰুৱাক সভাপতি ,প্ৰদীপ ৰাজকোঁৱৰক সম্পাদক হিচাবে লৈ ১৩জনীয়া নতুন ঢকুৱাখনা শাখা সমিতিখন গঠন কৰা হয় ।