/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-04/34b9afe6-05d6-44aa-ad7a-eaf9349a1e38/deda.jpg)
ডিজিটেল সংবাদ,ঢকুৱাখনাঃ সমাগত বান বাৰিষা । আগতীয়াকৈ অহা মুষলধাৰ বৰষুণৰ ফলত ফেনে ফুটুকাৰে জলস্তৰ বৃদ্ধি পাইছে নদীৰ । ঢকুৱাখনাৰ ভৌগলিক পৰিসীমাৰ কাষেৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ বুকুও উফন্দী উঠিছে আগতীয়া বানৰ ঢলত। ব্ৰহ্মপুত্ৰৰ বুকুৰে প্ৰবাহিত প্ৰচণ্ড সোঁতৰ সংহাৰী মূৰ্তিয়ে অশনী সংকেত মাতি আনিছে ঢকুৱাখনা আৰু মাজুলীৰ ভৌগোলিক অস্তিত্বলৈ।
ঢকুৱাখনাৰ লগতে নদী দ্বীপ মাজুলীৰ সুৰক্ষা কৱচ স্বৰূপ চিচি টেকেলিফুটা মথাউৰীৰ ৬ নং বান্দেনা স্পাৰত ব্ৰহ্মপুত্ৰই ভয়াবহ খহনীয়া চলাই ত্ৰাসৰ সৃষ্টি কৰিছে। নদীখনে বিগত এটা মাহৰ ভিতৰত শিহৰণকাৰী খহনীয়া চলাই ২০০ মিটাৰৰো অধিক ভিতৰলৈ সোমাই আহি সৃষ্টি কৰি আহিছে সন্ত্ৰাসৰ।
নিৰবিছিন্ন হাৰত খহনীয়া চলাই ব্ৰহ্মপুত্ৰই নদীখনৰ ৬ নং বান্দেনা স্পাৰৰ সন্মুখৰ বিস্তৰ অংশ গৰ্ভস্থ কৰিছে বিগত সময়ত। স্পাৰটোৰ সন্মুখ ভাগ আৱৰি থকা বহু সংখ্যক জিঅ বেগ আৰু এপ্ৰ'ন ইতিমধ্যে উটুৱাই নি ভয়াবহ বিপদৰ আগজাননী দি আহিছে ব্ৰহ্মপুত্ৰই। ইতিমধ্যে স্পাৰটোৰ বৃহৎ পৰিমাণৰ এনে খহনীয়া প্ৰতিৰোধী সামগ্ৰী নদীৰ বুকুত জাহ গল । উচন গল কোটি টকীয়া খহনীয়া প্ৰতিৰোধ আঁচনি । ইয়াৰোপৰি স্পাৰটোৰ উজনিত প্ৰায় ১০ কোটি টকা ব্যয়ৰে সংস্থাপন কৰা ১৫ খন পাৰকুপাই স্ক্ৰীন আঁচনি উটুৱাই নিলে চলিত ব্ৰহ্মপুত্ৰৰ বানৰ ধলে। সমান্তৰাল ভাৱে ব্ৰহ্মপুত্ৰই ঢকুৱাখনাৰ টুৰিবাৰীৰ পৰা বামুনি চাপৰি ,যোগীসুঁতি ,বান্দেনা আৰু মাতমৰা পৰ্যন্ত বিশাল অংশত সুদীর্ঘ দিন ধৰি চলাই আহিছে ভয়াবহ গৰাখহনীয়া।
অথচ এই ভয়ংকৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ বিৰুদ্ধে । ৰাজ্য চৰকাৰৰ জনসম্পদ মন্ত্ৰী পিযোজ হাজৰিকাই এই খহনীয়াগ্ৰস্ত এলেকাত উপস্থিত হৈ ঘোষণা কৰিছিল স্থায়ী খহনীয়া প্ৰতিৰোধেৰে বান মুক্ত ঢকুৱাখনাৰ । প্ৰতিশ্ৰুতি দিছিল বান আৰু খহনীয়মুক্ত ঢকুৱাখনাৰ ।
পিছে সেই সকলোবোৰ কাৰ্যতঃ উঠিল ধোঁৱাচাঙত । ঢকুৱাখনা জলসম্পদ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা পীতাম্বৰ ডেকা বড়ো , সহকাৰী কাৰ্যবাহী অভিযন্তা লক্ষী নাথ ফুকনৰ দায়িত্বহীন ভূমিকাৰ বাবে সমাগত বাৰিষাৰ কালত অবৰ্ণনীয় সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আহি পৰিছে ঢকুৱাখনাত। আধুনিক ঢকুৱাখনা নিৰ্মাণৰ খনিকৰ হিচাবে আত্মজাহিৰ কৰি অহা বিধায়ক নৱ দলেয়েও এই ক্ষেত্ৰত গ্ৰহণ কৰি আহিছে মুকবধিৰৰ ভূমিকা। আঁচনি উদ্বোধন কৰিয়ে দায়িত্ব সামৰিছে এইজন অকমন্য বিধায়কে।
যাৰ বাবেই ১৭কোটিৰ নতুন আঁচনি এখনো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ আশঙ্কা ঘনীভূত হৈছে ঢকুৱাখনাত। পৰিণতিত এক ভয়ানক পৰিস্থিতিৰ ইংগিত আহি পৰিছে ঢকুৱাখনা মাজুলীলৈ। ৰাজ্যৰ জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ বাবে আবন্টন কৰা আঁচনি পালমৰা নীতিৰে চলাই গৈছে ঢকুৱাখনা জলসম্পদ বিভাগে । তাৎপৰ্যপূৰ্ণ ভাবে এনে খহনীয়া প্ৰতিৰোধ আঁচনিৰ নামতো সংঘটিত হৈছে ভয়ানক বিত্তীয় কেলেংকাৰী ।
ক্ৰুটিপূৰ্ণ আৰু নিম্ন মানদণ্ডৰ ভগা চিগা পাৰকুপাই যোগান ধৰি ঠিকাদাৰে বিভাগীয় বিষয়াক হাত কৰি সংঘটিত কৰিছে ভয়ানক কেলেংকাৰী। এনে ভগা উৱঁলি যোৱা বৃহৎ সংখ্যক পাৰকুপাইন খহনীয়া প্ৰতিৰোধৰ নামত ব্যৱহাৰ কৰি বিশাল পুঁজিৰ নামত লুণ্ঠনৰ জাল পতাৰো ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে। লখিমপুৰ জলসম্পদ মণ্ডলৰ অধীক্ষক অভিযন্তা অতিৰিক্ত ,মুখ্য অভিযন্তা আৰু মুখ্য অভিযন্তাৰ দায়িত্বহীন ভূমিকাৰ বাবেই ঢকুৱাখনা মাজুলীৰ ভৌগোলিক অস্তিত্বকলৈ হেতালি খেলা এনে কাণ্ডজ্ঞানহীন স্থিতিকলৈ বিনিদ্ৰ ৰজনী কটাইছে ৰাইজে। ঢকুৱাখনাবাসীৰ জীৱন সম্পত্তকলৈ নির্লজ হেতালি খেলা এনেবোৰ অকমন্য বিষয়া আমোলাৰ অকমন্যতাকলৈ সন্ত্ৰস্ত ঢকুৱাখনাবাসী ।