ডিজিটেল সংবাদ, ঢকুৱাখনা: এটা অৰ্ধগলিত ছিন্ন মুণ্ড উদ্ধাৰ হৈছে ঢকুৱাখনা উপ জিলাৰ অন্তৰ্গত ঘিলমৰা আৰক্ষী থানাৰ শিঙিয়া-লাওকোঠ সংযোগী ৰাজপথৰ দাঁতিত। শনিবাৰে বিয়লি ৰাজপথৰ দাঁতি শিঙীয়াত অৱস্থিত এটা ডুবিত জাল মাৰি আছিল গাঁওখনৰ একাংশ ৰাইজে । এনেতে গাঁওখনৰ বুলবুল শইকীয়া ৰোহিনী শইকীয়াই জালত গধুৰ কিবা লাগি থকাৰ উমান পাই পানীৰ তলৰ পৰা সামগ্ৰী পাৰলৈ উলিয়াই অনাত এটা বস্তা প্ৰত্যক্ষ কৰে ।
পৰৱৰ্তী সময়ত উক্ত এলুমিনীয়াম তাৰেৰে বন্ধা বস্তাতো খুলি দিয়াত এটা অৰ্ধগলিত নৰ মুণ্ড ,এটা সৰু তেলৰ বটল , এডাল টুথ ব্ৰাছ, আৰু মুণ্ডৰ ডিঙিত এটা তাবিজ ওলমি থকা অৱস্থাত উদ্ধাৰ কৰে।।পৰৱৰ্তী সময়ত ঘিলামৰা আৰু ঢকুৱাখনা আৰক্ষীক অৱগত কৰে ।ঢকুৱাখনা উপ জিলাৰ উপ জিলা আয়ুক্ত কাৰ্ত্তিক কলিতা , কাৰ্যবাহী দণ্ডাধীশ সুদৰ্শন শইকীয়া ,ঢকুৱাখনা মহকুমা আৰক্ষী বিষয়া লিনটো বৰা উপস্থিত হৈ মৃতদেহ জব্দ কৰিছে ।
উল্লেখযোগ্য যে প্ৰায় ৬ টা মাহৰ পূৰ্বে ১জুনৰ নিশা সাপতিয়া চেতিয়া গাঁওত এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল । ৰাজ্য কঁপাই গৈছিল সেই জঘন্য হত্যাকাণ্ডই । আৰক্ষী ,চি আই ডিৰ তদন্তৰ আওতাত থকা এই হত্যাকাণ্ডৰ তদন্তৰ পাছত উক্ত অগ্নিদগ্ধ নিশ্চিহ্ন প্ৰায় মৃতদেহ জাহাঙ্গীৰ হুছেইন নামৰ এজন পকা মিস্ত্রিৰ বুলি আৰক্ষী নিশ্চিত হৈছিল । কিন্তু ৰহস্যজনক ভাবে উক্ত অগ্নিদগ্ধ মৃতদেহৰ লগত উদ্ধাৰ নহৈছিল মুণ্ড ।
আৰক্ষী চি আই ডিয়ে উক্ত সময়ত জাহাঙ্গীৰৰ ছিন্ন মুণ্ড বিচাৰি সমীপৰ বহু কেইটা পুখুৰীৰ পানী সিঁচি তহিলং কৰিছিল । পৰৱৰ্তী সময়ত প্ৰায় ৬ টা মাহ সম্পূৰ্ণ হোৱাৰ পাছত শনিবাৰে মাছ মৰিয়াৰ জালত পৰিল এটা দুৰ্গন্ধময় ছিন্ন মুণ্ড । আৰক্ষীযে আশংকা কৰা মতে জাহাঙ্গীৰৰ মুণ্ড হোৱাৰ সম্ভাৱনা আছে । যদিও এই কথা স্পষ্ট হোৱা নাই । আৰক্ষীয়ে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ফৰেইঞ্চিক বিশেষজ্ঞৰ দল ঘটনাস্থলীলৈ মাতিছে আৰু দলে মুণ্ডটো সংগ্ৰহ কৰি নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ।