ঢকুৱাখনাৰ পাঁচ শতাধিক ই ৰিক্সা চালকৰ সকিয়নী...

ৰাজ্য চৰকাৰৰ পথ পৰিবহন বিভাগৰ এক অপৰিপক্ক ঘোষণাই তোলপাৰ লগাইছে ঢকুৱাখনা নগৰত। পৰিবহন বিভাগৰ আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি  নগৰাঞ্চলৰ

author-image
Asomiya Pratidin
New Update
ঢকুৱাখানা

ডিজিটেল সংবাদ, ঢকুৱাখনা: ৰাজ্য চৰকাৰৰ পথ পৰিবহন বিভাগৰ এক অপৰিপক্ক ঘোষণাই তোলপাৰ লগাইছে ঢকুৱাখনা নগৰত। পৰিবহন বিভাগৰ  আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি  নগৰাঞ্চলৰ কোনো ৰাজ্যিক কিম্বা ৰাষ্ট্ৰীয় ঘাই পথত চলাচল কৰিব নোৱাৰিব ই ৰিক্সা । ঢকুৱাখনা সমজিলা সদৰতো এই নিৰ্দেশনা জাৰি হোৱাৰ পাছত ক্ষুব্ধ হৈ পৰিছে সততা , কৰ্তব্যনিষ্ঠা আৰু আত্মনিৰ্ভৰশীলতাৰে জীৱন জীৱিকা পালি অহা ৫ শতাধিক ই ৰিক্সাচালক ।

নগৰাঞ্চলৰ ৰাজপথত যান বাহন আইন মানি চলাচল কৰা এই ৫ শতাধিক ই ৰিক্সা চালকক পেটে ভাতে মৰাৰ নীতি প্ৰয়োগ কৰা এনে নিৰ্দেশনাৰ পাছত ঢকুৱাখনা ই ৰিক্সা চালক সমিতিয়ে লখিমপুৰ জিলা পৰিবহণ বিভাগ , ঢকুৱাখনা পৌৰ সভাৰ সৈতে আলোচনা কৰাৰ পাছত  শনিবাৰে ঢকুৱাখনা সমজিলাৰ সমজিলা আয়ুক্ত কাৰ্ত্তিক কলিতাৰ সৈতে আলোচনাত মিলিত হয়।

ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰৰ পৰা কেইবা শতাধিক ই ৰিক্সা শৃংখলাবদ্ধ ভাবে সমদল কৰি সমজিলা আয়ুক্ত কলিতাক সাক্ষাৎ কৰি সমজুৱা অভিযোগ অবগত কৰে। এনে নিৰ্দেশনাই নগৰাঞ্চলৰ ৰোগী , শিক্ষাৰ্থী , কৰ্মচাৰী আৰু সাধাৰণ যাত্ৰী সকল ব্যাপক সমস্যাৰ সন্মুখীন হব বুলি কৈ এই ব্যৱস্থা শিথিল কৰাৰ আহ্বান জনায় । সমজিলা আয়ুক্ত গৰাকীয়ে পৰিবহন বিভাগৰ নিৰ্দেশনাত অসামৰিক প্ৰশাসনৰ হস্তক্ষেপ নাথাকে বুলি কৈ এই সন্দৰ্ভত বিভাগৰ সৈতে আলোচনা কৰাৰ আশ্বাস দি সম্প্ৰতি চলাচল কৰি থকাৰ অস্থায়ী অনুমতি প্ৰদান কৰে ।

ইপিনে ৰাজপথৰ দাঁতিত অৱস্থিত একাংশ ব্যক্তিগত শিক্ষানুষ্ঠানৰ  বাবে বিদ্যালয় আৰম্ভ আৰু ছুটীৰ সময়ত সৃষ্টি হোৱা প্ৰবল যানজঁট , ৰাজপথ দখল কৰি অভিভাবকৰ বিশৃংখল পাৰ্কিং , পুৱা ৬ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ নগৰৰ মাজমজিয়াত  যাত্ৰীবাহী বাছৰ ৰাজপথ অবৈধ দখল কৰি বিপদজনক পাৰ্কিংৰ বাবে নগৰাঞ্চলৰ নাগৰিক প্ৰতিক্ষণে ভয়াবহ সমস্যাৰ সন্মুখীন হৈ আহিছে । তাৰোপৰি গধুৰ মালবাহী দাম্পাৰ ,ট্ৰাকৰ চলাচলেও বহু সময়ত মূল ৰাজপথত ভীষণ সমস্যাৰ উদ্ভৱ কৰি আহিছে ।

এনেবোৰ স্পৰ্শকাতৰ বিষয়ৰ  ক্ষেত্ৰত ঢকুৱাখনা আৰক্ষী , পৰিবহন বিভাগ তথা সাধাৰণ প্ৰশাসন মৌন হোৱাৰ বিপৰীতে অনুজ্ঞাপত্ৰ থকা , পৌৰ সভাক নিয়মীয়া কৰ কাতল দি জীৱন নিৰ্বাহ কৰা থলুৱা নিবনুৱা যুৱক সকলক নিয়ন্ত্ৰণৰ নামত কেঁকুৰা চেঁপা দিয়াটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে । যাৰ বাবে ক্ষুব্ধ হৈ পৰিছে নিবনুৱা যুৱচালক সকল ।

উল্লেখযোগ্য যে পৰিবহন বিভাগৰ সতে অচিৰেই ঢকুৱাখনা ই ৰিক্সা চালক সমিতি এক আলোচনাত বহিব  । নাগৰিকৰ প্ৰতি সেৱা আগবঢ়াই জীৱন নিৰ্বাহ কৰা এনেবোৰ থলুৱা নিবনুৱাৰ প্ৰতি  বিভাগ , প্ৰশাসন শিথিল নহলে ব্যাপক ঐক্যবদ্ধ প্ৰতিবাদ হোৱাৰো আশঙ্কা কৰা হৈছে । উল্লেখযোগ্য যে এইসমূহ বাহনৰ অবিহনে ঢকুৱাখনা নগৰত যাত্ৰী সকল অবৰ্ণনীয় সমস্যাৰ সম্মু5হোৱাটো খাটাং।

ঢকুৱাখানা