/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/88accd89-5dba-4310-980f-dbd4098b0588/c941ef45_3b72_4afd_afc8_c1a793770ed3.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা নগৰত অবিৰাম হাৰত সন্ত্ৰাস চলাই জনজীৱন অতিষ্ঠ কৰি অহা এটা গভাইত চোৰ অৱশেষত ঢকুৱাখনা আৰক্ষীৰ জালত পৰিল। চোৰটোৰ নাম বিক্ৰম চমুৱা (২৭) ওৰফে ধন । ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ৰামপুৰ চাপৰি গাঁওৰ ৰাজীৱ চমুৱাৰ পুত্ৰ এইটো চোৰে সুদীর্ঘ কাল ধৰি ঢকুৱাখনা নগৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠান , বাসগৃহ , বিত্তীয় প্ৰতিষ্ঠান আদিত চুৰি কাৰ্য সংঘটিত কৰি অহাৰ আশঙ্কা কৰা হৈছে ।
ঢকুৱাখনা নগৰবাসীৰ টোপনি হৰা কৰা এইটো চোৰে শেহতীয়া ভাবে ঢকুৱাখনা নগৰৰ এখন প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠান মেচাৰ্ছ জয় মা হাৰ্ডৱেৰত সোমাই প্ৰায় ৩ হাজাৰ নগদ ধনৰ গিফ্ট কুপণ লৈ উধাও হৈছিল । এই সন্দৰ্ভত প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ধনজিৎ গুপ্তাই ঢকুৱাখনা সদৰ থানাত চি চি কেমেৰাৰ ফুটেজ সহ অভিযোগ দিয়াৰ পাছত এইটো গভাইত চোৰক শুক্ৰবাৰে সন্ধিয়া গ্ৰেপ্তাৰ কৰিবলৈ ঢকুৱাখনা আৰক্ষী সক্ষম হয়।
মহকুমা আৰক্ষী বিষয়া শোধন্য শুক্লবৈদ্য ,সদৰ থানাৰ অ চি কুলদ্বীপ গগৈৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই এখন বাই চাইকেল, ৩ সহস্ৰাধিক গিফ্ট কুপণ ,এযোৰ সাজ পোছাকআদি সামগ্ৰী উদ্ধাৰ কৰি জব্দ কৰে চোৰটোৰ কব্জাৰ পৰা । এই সন্দৰ্ভত এটা গোচৰ পঞ্জীয়ন কৰা হৈছে ঢকুৱাখনা সদৰ থানাত । বেংক , দোকান, পেট্ৰল পাম্প সকলোতে সোমাই তহিলং কৰা দুধর্ষ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ পাছত এই দুষ্কাৰ্যৰ সৈতে জড়িত থকা অধিক ব্যক্তি পোহৰলৈ অহাৰ পথ প্ৰশস্ত হৈছে । আৰক্ষীৰ এনে সফলতাত ঢকুৱাখনাবাসীযে স্বস্তিৰ নিশ্বাস পেলাইছে।