ঢকুৱাখনাত ৫১২ সংখ্যক বীৰ চিলাৰায় দিৱস উদযাপন

ঢকুৱাখনাত ৫১২ সংখ্যক বীৰ চিলাৰায় দিৱস উদযাপন

author-image
asomiyapratidin
New Update
ঢকুৱাখনাত ৫১২ সংখ্যক বীৰ চিলাৰায় দিৱস উদযাপন

ডিজিটেল সংবাদ: ঢকুৱাখনা: ৰাজ্যখনৰ অন্যতম ভূমিপুত্ৰ  কোচ ৰাজবংশী সকলৰ শৌৰ্য বীৰ্যৰ  প্ৰতীক বিশ্ব বীৰ শুক্লদ্ধজ ৰায় তথা চিলাৰায়ৰ ৫১২ সংখ্যক জন্মজয়ন্তী  ঢকুৱাখনাত বুধবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। 

Advertisment

ঢকুৱাখনা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু ঢকুৱাখনা জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত আৰু ঢকুৱাখনা জিলা কোচ ৰাজবংশী যুৱ সন্মিলনী তথা মহিলা সন্মিলনীৰ সহযোগত ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়
বিশ্ব মহাবীৰ চিলাৰায়ৰ দিৱস।

বুধবাৰে পুৱা বিষয়ববীয়া অৰূপ দত্ত ,মানস প্ৰতিম কোচৰ নেতৃত্বত পৰিবেশ নিকাকৰণ ,পতাকা উত্তোলন ,গছপুলি ৰোপণৰ পাছতে  বিশ্ব বীৰ গৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্প মাল্য অৰ্পণ কৰে সন্মিলনীৰ  প্ৰাক্তন জিলা সভাপতি হৰ কান্ত বৰাই।

আয়োজক সমিতিৰ সকলো  বিষয় ববীয়া , জ্ঞাতি বৰ্গৰ লগতে  গৰিষ্ঠ ৰাইজ উপস্থিত থকা দিৱসৰ দুপৰীয়া অনুষ্ঠিত হয় মুকলি সভা । ঢকুৱাখনা জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি দীনেশ কোচৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ উদ্ধোধন কৰে ঢকুৱাখনা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণ্টু ৰাম বৰাই।

সভাত সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা তথা অসম মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ডঃ পৰশ মণি সিংহই নিৰ্দিষ্ট বক্তা হিচাবে  উপস্থিত থাকি জাতীয় বীৰ গৰাকীয়ে  স্বদেশ আৰু স্বজাতিৰ বাবে  আগবঢ়াই যোৱা বিৰল ত্যাগ আৰু মহানুভৱতাৰ সন্দৰ্ভত বিশ্লেষণাত্মক বক্তব্য ৰাখে।

ডঃ সিংহই  বিশ্ব বীৰ গৰাকীৰ আদৰ্শ  আৰু  মাৰ্গ দৰ্শনেৰে আজিৰ প্ৰজন্ম আগুৱাই যোৱাৰ প্ৰাসংগিকতা দোহাৰি  তেতিয়াহে কোচ ৰাজবংশী সকলৰ সৰ্বাংগীন উত্তৰণ সম্ভৱ হ'ব বুলি মন্তব্য কৰে।  সভাত ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক পংকজ বৰা , সমাজকৰ্মী দিলীপ বৰা , ছাত্ৰ নেতা গুণ কৃষ্ণ কোচ আদি উপস্থিত থাকে ।

assam dhakuakhana